--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁত আৰু আলুুৰ সুস্বাস্থ্যৰ বাবে দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰাটো ভাল বুলি বিবেচিত হৈছে। এনে কৰিলে কেৱল মুখত থকা বেক্টেৰিয়া আঁতৰোৱাই নহয়, দাঁতবোৰো মজবুত হৈ উঠে। কিমান দিনৰ পিছত টুথব্ৰাছ সলনি কৰিব লাগে সেই কথা বেছিভাগ মানুহেই নাজানে। আজি আমি আপোনালোকক এই বিষয়ে বিতং তথ্য দিম আৰু কিমান সময়ৰ পিছত টুথব্ৰাছ সলনি কৰিব লাগে জনাম।

দন্ত বিশেষজ্ঞসকলৰ মতে টুথব্ৰাছৰ ব্ৰেণ্ড নিৰ্বিশেষে ৩-৪ মাহৰ পিছত সলনি কৰিব লাগে। ইয়াৰ কাৰণ হ’ল ৩ মাহৰ পিছত ইয়াৰ আঁহবোৰ নষ্ট হৈ কঠিন হৈ পৰে, যাৰ বাবে ইয়াৰ দ্বাৰা ব্ৰাছ কৰিলে দাঁত পৰিষ্কাৰ কৰাৰ পৰিৱৰ্তে ক্ষতি হ’বলৈ আৰম্ভ কৰে।

যদি আপোনাৰ কাহ, চৰ্দি, জ্বৰ বা মুখৰ বেক্টেৰিয়াৰ লগত জড়িত কোনো ৰোগ আছে, তেন্তে আপুনি তৎক্ষণাত টুথব্ৰাছ সলনি কৰিব লাগে। যদি আপুনি এনে নকৰে তেন্তে সেই বেক্টেৰিয়াবোৰ আপোনাৰ ব্ৰাছত লাগি থাকিব, যাৰ বাবে ভাল হোৱাৰ পৰিৱৰ্তে আপুনি বেমাৰত পৰি থাকিব। লগতে মনত ৰাখিব যে পৰিয়ালৰ সকলো সদস্যই টুথব্ৰাছ একে ঠাইতে ৰাখিব নালাগে। এনে কৰিলে পৰিয়ালৰ কোনো সদস্যই যদি কোনো ৰোগত আক্ৰান্ত হয়, তেন্তে ই আন মানুহলৈও বিয়পিব পাৰে।

আপোনাৰ টুথব্ৰাছৰ Expiry Date বেয়া হৈছে নে নাই পৰীক্ষা কৰিব পাৰে। যদি ইয়াৰ আঁহবোৰ ভাঙিবলৈ আৰম্ভ কৰিছে তেন্তে ইয়াৰ অৰ্থ হ’ল ই বেয়া হৈ গৈছে। গতিকে এনে পৰিস্থিতিত টুথব্ৰাছ সলনি কৰাটো বুদ্ধিমানৰ কাম। আনহাতে ব্ৰাছৰ ব্ৰিষ্টলৰ তলৰ অংশত যদি বগা তৰপ এটা গঠন হ’বলৈ আৰম্ভ কৰে তেন্তে তাৰ অৰ্থ হ’ল ইয়াক সলনি কৰাৰ সময় আহি পৰিছে। গতিকে ইয়াক সলনি কৰাত কোনো পলম হ’ব নালাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ