--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁত আৰু আলুুৰ সুস্বাস্থ্যৰ বাবে দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰাটো ভাল বুলি বিবেচিত হৈছে। এনে কৰিলে কেৱল মুখত থকা বেক্টেৰিয়া আঁতৰোৱাই নহয়, দাঁতবোৰো মজবুত হৈ উঠে। কিমান দিনৰ পিছত টুথব্ৰাছ সলনি কৰিব লাগে সেই কথা বেছিভাগ মানুহেই নাজানে। আজি আমি আপোনালোকক এই বিষয়ে বিতং তথ্য দিম আৰু কিমান সময়ৰ পিছত টুথব্ৰাছ সলনি কৰিব লাগে জনাম।

দন্ত বিশেষজ্ঞসকলৰ মতে টুথব্ৰাছৰ ব্ৰেণ্ড নিৰ্বিশেষে ৩-৪ মাহৰ পিছত সলনি কৰিব লাগে। ইয়াৰ কাৰণ হ’ল ৩ মাহৰ পিছত ইয়াৰ আঁহবোৰ নষ্ট হৈ কঠিন হৈ পৰে, যাৰ বাবে ইয়াৰ দ্বাৰা ব্ৰাছ কৰিলে দাঁত পৰিষ্কাৰ কৰাৰ পৰিৱৰ্তে ক্ষতি হ’বলৈ আৰম্ভ কৰে।

যদি আপোনাৰ কাহ, চৰ্দি, জ্বৰ বা মুখৰ বেক্টেৰিয়াৰ লগত জড়িত কোনো ৰোগ আছে, তেন্তে আপুনি তৎক্ষণাত টুথব্ৰাছ সলনি কৰিব লাগে। যদি আপুনি এনে নকৰে তেন্তে সেই বেক্টেৰিয়াবোৰ আপোনাৰ ব্ৰাছত লাগি থাকিব, যাৰ বাবে ভাল হোৱাৰ পৰিৱৰ্তে আপুনি বেমাৰত পৰি থাকিব। লগতে মনত ৰাখিব যে পৰিয়ালৰ সকলো সদস্যই টুথব্ৰাছ একে ঠাইতে ৰাখিব নালাগে। এনে কৰিলে পৰিয়ালৰ কোনো সদস্যই যদি কোনো ৰোগত আক্ৰান্ত হয়, তেন্তে ই আন মানুহলৈও বিয়পিব পাৰে।

আপোনাৰ টুথব্ৰাছৰ Expiry Date বেয়া হৈছে নে নাই পৰীক্ষা কৰিব পাৰে। যদি ইয়াৰ আঁহবোৰ ভাঙিবলৈ আৰম্ভ কৰিছে তেন্তে ইয়াৰ অৰ্থ হ’ল ই বেয়া হৈ গৈছে। গতিকে এনে পৰিস্থিতিত টুথব্ৰাছ সলনি কৰাটো বুদ্ধিমানৰ কাম। আনহাতে ব্ৰাছৰ ব্ৰিষ্টলৰ তলৰ অংশত যদি বগা তৰপ এটা গঠন হ’বলৈ আৰম্ভ কৰে তেন্তে তাৰ অৰ্থ হ’ল ইয়াক সলনি কৰাৰ সময় আহি পৰিছে। গতিকে ইয়াক সলনি কৰাত কোনো পলম হ’ব নালাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ