--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত কুন্দুলি এবিধ পৰিচিত পাচলি। কুন্দুলি ঔষধি গুণেৰে ভৰা। কুন্দুলিত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন-এ,বি,চি আদি উপাদান পোৱা যায়। কুন্দুলি সৰহকৈ তেলত ভাজি খাবলৈ বৰ ভাল। লাবৰা ভাজিতো কুন্দুলি দিব পাৰি। দাইলত দিও কুন্দুলি খাব পাৰি। কিছুমানে বইল কুন্দুলি আৰু আলু একেলগে পিটিকা কৰি খায়। ইয়াৰ সোৱাদ অলপ টেঙা। কুন্দুলিৰো ঔষধি গুণ সমূহৰ কথা জানি লওঁ আহক

কুন্দুলিৰ উপকাৰিতা

১) কুন্দুলিয়ে কিডনিত পাথৰ হোৱাত বাধা প্ৰদান কৰে।

২) ডায়েবেটিছ ৰোগীৰ বাবে কুন্দুলি উপকাৰী পাচলি।

৩) ই হাড়ৰ গঠন মজবুত কৰে।

৪) শৰীৰত হোৱা খজুৱতিত কুন্দুলিৰ কেঁচাপাতৰ ৰস উলিয়াই লগালে খজুৱতি কমে।

৫) কুন্দুলি পেটচলা ৰোগত উপকাৰী।

৬) বহুমূত্ৰ ৰোগীয়ে পাত থেতেলিয়াই ৰস উলিয়াই খালে উপকাৰ পাব।

৭) কুন্দুলিৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী।

৮) যিকোনো জন্তুৱে কামুৰিলে কুন্দুলিৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়।

৯) কুন্দুলিৰ পাতৰ ৰস যিকোনো ছালৰ ৰোগত উপকাৰী।

১০) মৃগী ৰোগীৰ বাবে কুন্দুলি উপকাৰী।

১১) আইৰণৰ অভাৱত শৰীৰ দুৰ্বল হ’লে কুন্দুলিৰ ৰস খালে উপকৃত হয়।

১২) কুন্দুলি গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী পাচলি।

১৩) ক্ৰণিক ডিচেণ্ট্ৰী ৰোগত কুন্দুলি উপকাৰী পাচলি।

১৪) গৰু-ছোৱালীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলিৰ পাত থেতেলিয়াই ৰস উলিয়াই লগালে ৰোগ নিৰাময় হয়।

১৫) কুন্দুলিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে।

১৬) কুন্দুলিৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।

১৭) কুন্দুলিৰ কেঁচা ফলৰ ৰসে জিভাত হোৱা ঘা শুকোৱাত সহায় কৰে।

১৮) ই হৃদযন্ত্ৰ সুৰক্ষিত কৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ