--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত কুন্দুলি এবিধ পৰিচিত পাচলি। কুন্দুলি ঔষধি গুণেৰে ভৰা। কুন্দুলিত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন-এ,বি,চি আদি উপাদান পোৱা যায়। কুন্দুলি সৰহকৈ তেলত ভাজি খাবলৈ বৰ ভাল। লাবৰা ভাজিতো কুন্দুলি দিব পাৰি। দাইলত দিও কুন্দুলি খাব পাৰি। কিছুমানে বইল কুন্দুলি আৰু আলু একেলগে পিটিকা কৰি খায়। ইয়াৰ সোৱাদ অলপ টেঙা। কুন্দুলিৰো ঔষধি গুণ সমূহৰ কথা জানি লওঁ আহক

কুন্দুলিৰ উপকাৰিতা

১) কুন্দুলিয়ে কিডনিত পাথৰ হোৱাত বাধা প্ৰদান কৰে।

২) ডায়েবেটিছ ৰোগীৰ বাবে কুন্দুলি উপকাৰী পাচলি।

৩) ই হাড়ৰ গঠন মজবুত কৰে।

৪) শৰীৰত হোৱা খজুৱতিত কুন্দুলিৰ কেঁচাপাতৰ ৰস উলিয়াই লগালে খজুৱতি কমে।

৫) কুন্দুলি পেটচলা ৰোগত উপকাৰী।

৬) বহুমূত্ৰ ৰোগীয়ে পাত থেতেলিয়াই ৰস উলিয়াই খালে উপকাৰ পাব।

৭) কুন্দুলিৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী।

৮) যিকোনো জন্তুৱে কামুৰিলে কুন্দুলিৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়।

৯) কুন্দুলিৰ পাতৰ ৰস যিকোনো ছালৰ ৰোগত উপকাৰী।

১০) মৃগী ৰোগীৰ বাবে কুন্দুলি উপকাৰী।

১১) আইৰণৰ অভাৱত শৰীৰ দুৰ্বল হ’লে কুন্দুলিৰ ৰস খালে উপকৃত হয়।

১২) কুন্দুলি গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী পাচলি।

১৩) ক্ৰণিক ডিচেণ্ট্ৰী ৰোগত কুন্দুলি উপকাৰী পাচলি।

১৪) গৰু-ছোৱালীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলিৰ পাত থেতেলিয়াই ৰস উলিয়াই লগালে ৰোগ নিৰাময় হয়।

১৫) কুন্দুলিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে।

১৬) কুন্দুলিৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।

১৭) কুন্দুলিৰ কেঁচা ফলৰ ৰসে জিভাত হোৱা ঘা শুকোৱাত সহায় কৰে।

১৮) ই হৃদযন্ত্ৰ সুৰক্ষিত কৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ