--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আধুনিক কৰ্মক্ষেত্ৰত পেছাদাৰী ব্যৱহাৰ সফল কৰ্মজীৱন আৰু সমৃদ্ধিশালী ব্যৱসায়ৰ মূল ভিত্তি ৰূপে গণ্য কৰা হয়। কৰ্পৰেট জগতত কৰ্মসংস্কৃতি আৰু কৰ্মক্ষেত্ৰৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ৷ কৰ্ম সংস্কৃতি আৰু ব্যৱহাৰ প্ৰতিষ্ঠান এটাৰ সফলতাৰ মূল চাবিকাঠি বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ কৰ্ম সংস্কৃতি আৰু ব্যৱহাৰ কেৱল ব্যক্তিগত খণ্ডতে নহয় ৰাজহুৱা খণ্ডৰ ক্ষেত্ৰতো সমানেই গুৰুত্বপূৰ্ণ৷

পেছাদাৰী ব্যৱহাৰ কেৱল ড্ৰেছ কোড বা সময়মতেই উপস্থিত থকাতে সীমাদ্ধ নহয়; ই এক প্ৰক্ৰিয়া যি এক উৎপাদনশীল, সন্মানজনক, আৰু ধনাত্মক কামৰ পৰিৱেশ সৃষ্টি কৰে। ব্যক্তিগত জীৱনত বাৰ্তালাপ আৰু আচৰণ কৰাৰ দৰে কৰ্মক্ষেত্ৰত একেদৰে বাৰ্তালাপ তথা আচৰণ কৰা নাযায়৷ কৰ্মক্ষেত্ৰৰ বাৰ্তালাপ আৰু আচৰণ পৃথক হয়৷

পেছাদাৰী ব্যৱহাৰৰ মূল দিশ সমূহ চাওঁ আহকচোনঃ

নিয়মানুৱৰ্তিতা-সময়মতে কৰ্ম ক্ষেত্ৰত উপস্থিত থকা, সময়সীমা পূৰ্ণ কৰা, আৰু আনৰ সময়ৰ সন্মান কৰা, উচ্চ স্বৰত কথাকোৱা আৰু ফোনত দীৰ্ঘ সময় ধৰি কথা পাতি থকাৰ পৰা বিৰত থকা আদি মানিচলিব লাগে৷

ফলপ্ৰসূ যোগাযোগ-কৰ্ম ক্ষেত্ৰত স্পষ্ট, সংক্ষিপ্ত আৰু সন্মানজনক যোগাযোগ অতি প্ৰয়োজনীয়। ইমেইলৰ জৰিয়তে হওক, সভা বা অনানুষ্ঠানিক কথা-বতৰাৰ জৰিয়তে হওক, ফলপ্ৰসূ যোগাযোগে ভুল বুজাবুজি এৰাই চলাত সহায় কৰাৰ লগতে দলীয় কামকো প্ৰসাৰিত কৰে।

জবাবদিহিতা- নিজৰ কাম আৰু ফলাফলৰ প্ৰতি দবাবদিহি হোৱাটো পেছাদাৰিত্বৰ চিহ্ন।অৰ্থাৎ ভুল স্বীকাৰ কৰা আৰু তাৰ পৰা শিক্ষা লোৱাৰ লগতে প্ৰতিশ্ৰুতি পালন কৰা কৰ্ম ক্ষেত্ৰৰ ব্যৱহাৰ অন্তৰ্ভুক্ত৷

সততা-সততা বজাই ৰখাটো কৰ্ম ক্ষেত্ৰত সহকৰ্মী হওক বা গ্ৰাহকৰ মাজতে হওক বিশ্বাস আৰু সন্মান গঢ়ি তোলে, আৰু দীৰ্ঘম্যাদী সফলতাৰ বাবে সততা গুৰুত্বপূৰ্ণ।

সন্মান- কৰ্মক্ষেত্ৰত সকলোৰে মৰ্যাদা যিয়েই নহওক কিয় সন্মানেৰে ব্যৱহাৰ কৰাটো মৌলিক দায়িত্ব আৰু কৰ্তব্য। যাৰ বাবে ধনাত্মক কৰ্ম পৰিৱেশৰ সৃষ্টি হয় য’ত সকলোৱে সংস্থাটোৰ মূল্যৱান আৰু শলাগৰ পাত্ৰ হিচাপে কাম কৰাৰ উদ্যম লাভ কৰে।

প্ৰগতিশীল- বিকাশশীল কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তনৰ বাবে নতুন দক্ষতা বা পদ্ধতি শিকিবলৈ ইচ্ছুক হোৱাটো। অভিযোজন ক্ষমতাই নমনীয়তা আৰু সক্ৰিয় মনোভাৱ প্ৰকাশকৰে।

ইতিবাচক মনোভাৱ- প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো ইতিবাচক মনোভাৱ বজাই ৰখাটোৱে মনোবল বৃদ্ধি কৰে আৰু আনকো অনুপ্ৰাণিত কৰে। ইতিবাচক মনোভাৱ কৰ্মক্ষেত্ৰৰ পৰিৱেশ বহুখিনি উন্নত কৰিব পাৰে।  

পেছাদাৰী ব্যৱহাৰে নিজৰ লগতে সহকৰ্মী,তথা কৰ্মক্ষেত্ৰখনৰ সমৃদ্ধিতো সহয় কৰে৷সেয়ে সংস্থা এটাৰ সমৃদ্ধিৰ বাবে পেছাদাৰী ব্যৱহাৰ, কৰ্মসংস্কৃতি অতি প্ৰয়োজনীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ