--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আধুনিক কৰ্মক্ষেত্ৰত পেছাদাৰী ব্যৱহাৰ সফল কৰ্মজীৱন আৰু সমৃদ্ধিশালী ব্যৱসায়ৰ মূল ভিত্তি ৰূপে গণ্য কৰা হয়। কৰ্পৰেট জগতত কৰ্মসংস্কৃতি আৰু কৰ্মক্ষেত্ৰৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ৷ কৰ্ম সংস্কৃতি আৰু ব্যৱহাৰ প্ৰতিষ্ঠান এটাৰ সফলতাৰ মূল চাবিকাঠি বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ কৰ্ম সংস্কৃতি আৰু ব্যৱহাৰ কেৱল ব্যক্তিগত খণ্ডতে নহয় ৰাজহুৱা খণ্ডৰ ক্ষেত্ৰতো সমানেই গুৰুত্বপূৰ্ণ৷

পেছাদাৰী ব্যৱহাৰ কেৱল ড্ৰেছ কোড বা সময়মতেই উপস্থিত থকাতে সীমাদ্ধ নহয়; ই এক প্ৰক্ৰিয়া যি এক উৎপাদনশীল, সন্মানজনক, আৰু ধনাত্মক কামৰ পৰিৱেশ সৃষ্টি কৰে। ব্যক্তিগত জীৱনত বাৰ্তালাপ আৰু আচৰণ কৰাৰ দৰে কৰ্মক্ষেত্ৰত একেদৰে বাৰ্তালাপ তথা আচৰণ কৰা নাযায়৷ কৰ্মক্ষেত্ৰৰ বাৰ্তালাপ আৰু আচৰণ পৃথক হয়৷

পেছাদাৰী ব্যৱহাৰৰ মূল দিশ সমূহ চাওঁ আহকচোনঃ

নিয়মানুৱৰ্তিতা-সময়মতে কৰ্ম ক্ষেত্ৰত উপস্থিত থকা, সময়সীমা পূৰ্ণ কৰা, আৰু আনৰ সময়ৰ সন্মান কৰা, উচ্চ স্বৰত কথাকোৱা আৰু ফোনত দীৰ্ঘ সময় ধৰি কথা পাতি থকাৰ পৰা বিৰত থকা আদি মানিচলিব লাগে৷

ফলপ্ৰসূ যোগাযোগ-কৰ্ম ক্ষেত্ৰত স্পষ্ট, সংক্ষিপ্ত আৰু সন্মানজনক যোগাযোগ অতি প্ৰয়োজনীয়। ইমেইলৰ জৰিয়তে হওক, সভা বা অনানুষ্ঠানিক কথা-বতৰাৰ জৰিয়তে হওক, ফলপ্ৰসূ যোগাযোগে ভুল বুজাবুজি এৰাই চলাত সহায় কৰাৰ লগতে দলীয় কামকো প্ৰসাৰিত কৰে।

জবাবদিহিতা- নিজৰ কাম আৰু ফলাফলৰ প্ৰতি দবাবদিহি হোৱাটো পেছাদাৰিত্বৰ চিহ্ন।অৰ্থাৎ ভুল স্বীকাৰ কৰা আৰু তাৰ পৰা শিক্ষা লোৱাৰ লগতে প্ৰতিশ্ৰুতি পালন কৰা কৰ্ম ক্ষেত্ৰৰ ব্যৱহাৰ অন্তৰ্ভুক্ত৷

সততা-সততা বজাই ৰখাটো কৰ্ম ক্ষেত্ৰত সহকৰ্মী হওক বা গ্ৰাহকৰ মাজতে হওক বিশ্বাস আৰু সন্মান গঢ়ি তোলে, আৰু দীৰ্ঘম্যাদী সফলতাৰ বাবে সততা গুৰুত্বপূৰ্ণ।

সন্মান- কৰ্মক্ষেত্ৰত সকলোৰে মৰ্যাদা যিয়েই নহওক কিয় সন্মানেৰে ব্যৱহাৰ কৰাটো মৌলিক দায়িত্ব আৰু কৰ্তব্য। যাৰ বাবে ধনাত্মক কৰ্ম পৰিৱেশৰ সৃষ্টি হয় য’ত সকলোৱে সংস্থাটোৰ মূল্যৱান আৰু শলাগৰ পাত্ৰ হিচাপে কাম কৰাৰ উদ্যম লাভ কৰে।

প্ৰগতিশীল- বিকাশশীল কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তনৰ বাবে নতুন দক্ষতা বা পদ্ধতি শিকিবলৈ ইচ্ছুক হোৱাটো। অভিযোজন ক্ষমতাই নমনীয়তা আৰু সক্ৰিয় মনোভাৱ প্ৰকাশকৰে।

ইতিবাচক মনোভাৱ- প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো ইতিবাচক মনোভাৱ বজাই ৰখাটোৱে মনোবল বৃদ্ধি কৰে আৰু আনকো অনুপ্ৰাণিত কৰে। ইতিবাচক মনোভাৱ কৰ্মক্ষেত্ৰৰ পৰিৱেশ বহুখিনি উন্নত কৰিব পাৰে।  

পেছাদাৰী ব্যৱহাৰে নিজৰ লগতে সহকৰ্মী,তথা কৰ্মক্ষেত্ৰখনৰ সমৃদ্ধিতো সহয় কৰে৷সেয়ে সংস্থা এটাৰ সমৃদ্ধিৰ বাবে পেছাদাৰী ব্যৱহাৰ, কৰ্মসংস্কৃতি অতি প্ৰয়োজনীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ