--°C
Loading...
Listen to Article
2 min read
80%

মুছলপুৰঃ ‘ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ, ইউপিপিএল আৰু বাকী মিত্ৰজোঁটৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নিশ্চিতভাৱে আমি এশখন আসন দখল কৰিব পাৰিম আৰু অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিব৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আমাক কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে৷ তেওঁলোকে ২২-২৩খন আসনহে পাব বিধানসভা নিৰ্বাচনত৷ এখন কৰাপশ্যনমুক্ত বিটিআৰ গঠন কৰিবলৈ আমি প্ৰমোদ বড়োক দ্বায়িত্ব দিছোঁ৷’- এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ৷

আৰু পঢ়িব পাৰিব : হাজোৰপৰা প্ৰকাশ পালে ‘ডায়েৰী: দ্য লকডাউন টাইম’

বাকসাৰ শালবাৰীৰ নিমুৱাত গোৱৰ্ধনা এবছুৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি ৰণজিৎ দাসে কয় যে আগন্তুক দিনত অসমৰ কোনো এটা বিধানসভা সমষ্টিতে কংগ্ৰেছ-এআইইউডিএফে মিত্ৰতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয়৷ বৰপেটাৰ মেধিৰটাৰীত মাঘ বিহু উপলক্ষে যি অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছিল তাৰ প্ৰতিক্ৰিয়া জানিব খোজাত সভাপতি দাসে কয়-‘সেয়া মই দেখাও নাই, শুনাও নাই৷ গতিকে মই একো ক’ব নোৱাৰিম৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কথাই নাহে৷’

আৰু পঢ়িব পাৰিব : তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ নিৰ্বাচন আয়োগৰ দল, কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

মুকলি সভাত অংশগ্ৰহণ কৰি বিটিআৰ চীফ প্ৰমোদ বড়োৱে কয়-‘শিক্ষা বিভাগৰ জিলা, ব্লক কাৰ্যালয়সমূহত স্কুলৰ বাবে আবণ্টিত আচবাব বহু বছৰ ধৰি জমা হৈ আছে৷ কিন্তু স্কুলত বহিবলৈ আচবাবৰ অভাৱ৷ কিছুমান বিদ্যালয় ১৫/২০ বছৰ আগতেই প্ৰাদেশীকৰণ হৈছে যদিও সেই বিদ্যালয়সমূহৰ কোঠাসমূহ আজিও পকীকৰণ নহ’ল, ছাত্ৰ-ছাত্ৰীসকল বহিব লাগে মাটিত৷ এইবাৰ স্কুলৰ ফাৰ্নিচাৰ চাপ্লাই নহ’ব৷বিটিআৰত যি টকা আছে সেই টকাৰে এল পি, এমই স্কুলবোৰ বনোৱা কামত খৰচ কৰিম৷ছাত্ৰ-ছাত্ৰীয়ে গুণগত শিক্ষা পাব লাগিব৷ ছাত্ৰ-ছাত্ৰীয়ে কোনে কি কেৰিয়াৰ ল’ব খোজে সেই দিশত ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিব বিটিআৰ চৰকাৰে৷ সাতশ কিলোমিটাৰ পথ বনোৱাৰ বাবে অসম চৰকাৰে বিটিআৰ চৰকাৰ গঠন হোৱাৰ পাছতে পাঁচশ কোটি টকা উপহাৰ হিচাপে দিছে৷ অহা দুমাহৰ ভিতৰতেই বিটিআৰৰ চল্লিশটা সমষ্টিৰ প্ৰতিটোতে দহৰ পৰা বিশ কিলোমিটাৰ পথ পকীকৰণৰ ব্যৱস্থা কৰা হ’ব৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক