--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰূপজ্যোতি কুৰ্মীৰ পাছতেই কংগ্ৰেছ ত্যাগ কৰিলে ড০ জুৰি শৰ্মা বৰদলৈয়ে৷ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছ ত্যাগ নেত্ৰীগৰাকীৰ৷ মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল তেওঁ৷ ভালেসংখ্যক সমৰ্থকসহ কংগ্ৰেছ ত্যাগ কৰে জুৰি শৰ্মা বৰদলৈয়ে৷ আজি এখন সংবাদমেলযোগে তেওঁ কংগ্ৰেছ এৰাৰ কেইবাটাও কাৰণ বাখ্যা কৰে৷

সকলো খিলঞ্জীয়া লোককে কংগ্ৰেছৰ সংগ এৰিবলৈ আহ্বান জনালে কংগ্ৰেছত্যাগী নেত্ৰীগৰাকীয়ে৷ কংগ্ৰেছৰ নেতৃত্বই দুমুখীয়া স্থিতি লোৱা বুলিও তেওঁ সমালোচনা কৰে৷ ‘কংগ্ৰেছৰ পৰা এজন এজনকৈ দক্ষ নেতা আঁতৰি গৈছে৷ কংগ্ৰেছ এতিয়া সাম্প্ৰদায়িক দল হৈ গৈছে৷' এই বিস্ফোৰক অভিযোগ কৰিছে জুৰি শৰ্মা বৰদলৈয়ে। আনকি তেওঁ এই বুলিও কয়, 'ৰাহুল গান্ধীৰ নেতৃত্ব আমি মানি ল’ব পৰা নাই৷ কংগ্ৰেছৰ নেতাই কেৱল ভুৱা প্ৰতিশ্ৰুতি দিয়ে৷’ৰিপুন বৰাকো সমালোচনা কৰে নেতৃগৰাকীয়ে৷ তেওঁ অভিযোগ কৰে যে, 'ৰিপুন বৰা এজন ব্যৰ্থ নেতা৷ ৰকিবুল হুছেইনে আধিপত্য বিস্তাৰ কৰিব বিচাৰে দলত৷' দলৰ এগৰাকী সক্ৰিয় বিধায়ক তথা সৰৱ নেতা ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগৰ পাছতে জুৰি শৰ্মা বৰদলৈৰ দলত্যাগ কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক