--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বাস্তু শাস্ত্ৰই আমাক দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় নানান দিহা দিছে। মানুহৰ সু-স্বাস্থাৰ সৈতে জড়িত থকা বিষয়সমূহ হৈছে আহাৰ, নিদ্রা, বিজ্ঞান আদি। সুস্থ শৰীৰৰ বাবে যিদৰে সুষম আহাৰৰ প্ৰয়োজন হয় ঠিক তেনেদৰে দেহাটোক সক্ৰিয় কৰি ৰাখিবলৈ নিতৌ ভাল টোপনিৰো প্ৰয়োজন হয়। সেইবাবে টোপনি যাতে সদায় ভালদৰে মাৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। পৰিবেশ অনুকূল নহ'লে মানুহে ভালদৰে টোপনি মাৰিব নোৱাৰে। 

সেইবাবে টোপনিৰ বাবে এক সুন্দৰ পৰিবেশ গঢ়ি তোলাটো অতি প্রয়োজনীয় কথা। যদি সুন্দৰভাৱে টোপনি মাৰিব পৰা নাযায় তেন্তে বিভিন্ন ৰোগে অকালতে মানুহক আক্ৰমণ কৰিব পাৰে। বাস্তু শাস্ত্রই সেয়ে টোপনিৰ বিষয়টোত অধিক গুৰুত্ব দিছে। ক'ৰবাত শুলেই টোপনি আহিব যদিও সেই টোপনি মানুহজনৰ বাবে কিমান উপকাৰী সেয়া টোপনি মৰা স্থানৰ ওপৰতো নিৰ্ভৰ কৰে।

 বাস্তুশাস্ত্রই সেয়ে টোপনি মৰাৰ কেতবোৰ বিধি বান্ধি দিছে। বাস্তুশাস্ত্ৰৰ মতে উত্তৰ নাইবা পশ্চিম দিশে মূৰ থৈ কেতিয়াও শুব নালাগে। উত্তৰ অথবা পশ্চিম দিশে মূৰ থৈ শুলে আয়ুস ক্ষয় হয়। সদায় দক্ষিণ অথবা পূব দিশে মূৰ থৈ শুব লাগে। 

পূব দিশে মূৰ থৈ শোৱাসকলৰ বিদ্যা বৃদ্ধি পায়। দক্ষিণ দিশে মূৰ থৈ শুলে অর্থ আৰু আয়ুস বৃদ্ধি পায়। উত্তৰ দিশে মূৰ থৈ শুলে ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল