--°C
Loading...
Listen to Article
2 min read
80%
‘‘মনে যদি টোকে চকুলো
নিচুকাই দিবানে অ' দেউতা
সপোনে যদি হেৰাই ঠিকনা
বিচাৰি দিবানে অ' দেউতা...’’

দেউতা...পৃথিৱীৰ এক মধুৰতম শব্দ। মাতৃত্ব যেনেদৰে প্ৰত্যেক নাৰীৰ বাবে পৰম আকাংক্ষিত ঠিক তেনেদৰেই পিতৃত্বও প্ৰত্যেক পুৰুষৰ বাবে এক গৌৰৱৰ বিষয়। পিতৃত্বৰ অধিকাৰী হৈ প্ৰত্যেক পুৰুষ নিজ সন্তানৰ বাবে হৈ পৰে বটবৃক্ষ স্বৰূপ। যাৰ ছাঁত জিৰাই সন্তানে বুলে জীৱনৰ বাট। দেউতা মানেই এক বিশাল পৰিধি যাক ভাষাৰে বা কথাৰে প্ৰকাশ কৰা অতি কঠিন। দেউতা মানেই জীৱনৰ প্রথম খােজৰ প্রকৃত বন্ধুজন।

আজি ১৬ জুন। আজিৰ দিনটো প্ৰত্যেকজন পিতৃৰ নামত উৎসৰ্গিত। সন্তান আৰু পিতৃ মাজৰ সম্পৰ্ক মধুৰ কৰিবলৈ ইউৰোপীয় দেশসমূহত মধ্য যুগৰে পৰা এই দিৱস পালন কৰি অহা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত এই পিতৃ দিৱস সোনোৰা স্মাৰ্ট ডডে আৰম্ভণি কৰিছিল আৰু ১৯১০ চনত প্ৰথম বাৰলৈ জুন মাহৰ তৃতীয় সপ্তাহৰ দেওবাৰৰ দিনটোক পিতৃ দিৱস হিচাপে পালন কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই দিনটোতে সমগ্ৰ বিশ্বত পিতৃ দিৱস পালন কৰি অহা হৈছে। সন্তানৰ বাবে পিতৃয়ে সকলো কৰিবলৈ সদা প্ৰস্তুত থাকে। পকেটত টকা থাকক বা নাথাকক সন্তানে যদি কিবা এটা বস্তু বিচাৰে পিতৃয়ে যেনেদৰে হ'লেও সেই বস্তুটো সন্তানৰ হাতত তুলি দিবই দিব। নিজে নাখায়েও সন্তানক খোৱায়...নিজে নিপিন্ধিও সন্তানক পিন্ধায়...পৃথিৱীৰ প্ৰত্যেক পিতৃয়েই পালন কৰে এই ধৰ্ম।

দেউতা মানে এক বিশাল নিৰাপত্তা, দেউতা মানে অদম্য সাহস, দেউতা মানেই কেতিয়াও মুকলিকৈ মৰম প্ৰকাশ কৰিব নজনা অথচ অযুত মৰমেৰে সামৰি-সাবটি ৰখা এজন মানুহ। সৰুতে প্ৰত্যেক ল'ৰা-ছোৱালীয়ে এটা প্ৰশ্নৰ সন্মুখীন হয়-''তোমাক কোনে বেছি মৰম কৰে? মা নে দেউতাই?'' বহুতে টপৰাই কোনোবা এজনক বাচনি কৰি দিয়ে যদিও বহু শিশুৰ বাবে এয়া এক কঠিন প্ৰশ্ন হৈ ধৰা দিয়ে কাৰণ সিহঁতৰ মনত যে দুয়োজনেই সমান। কেনেকৈ বাচনি কৰে এজনক! মাতৃয়ে যদি আলফুলে ভাত সানি খুৱাই দিয়ে আনহাতে পিতৃয়ে গধূলি কামৰ পৰা আহি হাতত তুলি দিয়ে প্ৰিয় চকলেটটো। সেয়েহে তেনে শিশুৱে দুয়োজনে সমানে মৰম কৰে বুলি উত্তৰ দিয়ে।

প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰে পৰা পিতৃয়ে এক অদমনীয় ভূমিকা পালন কৰে। সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে উৰে ৰাতি সাৰে থাকে ঠিক তেনেদৰে সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত, সন্তানক কিদৰে মানুহ ৰূপে গঢ়ি তুলিব পাৰি তাৰ চিন্তাত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা পাৰ কৰে। সকলোৰে দেউতাকে নিজৰ বহু আশা, আকাংক্ষা, হেঁপাহ, আশা, প্ৰত্যাশা লুকুৱাই ৰাখি সন্তানৰ এই দিশবোৰ পূৰণ কৰাৰ বাবে আগভাগ লয়। নিজ সন্তান আৰু পৰিয়ালক সুখী কৰাৰ স্বাৰ্থত প্ৰত্যেক পিতৃয়েই অবিৰত সংগ্ৰাম কৰে। দেউতা মানেই এজন সংগ্ৰামী মানুহ। নিজে দুখ সহ্য কৰিও সন্তানক পৃথিবীৰ সকলো সুখ আনন্দ দিব বিচৰা মানুহজনৰ নামেই দেউতা। জীৱনৰ বাটত আগুৱাই গৈ থাকোতে ৰদ-বৰষুণৰ পৰা ৰক্ষা কৰি থকা এটা ছাতিৰ নাম ‘দেউতা’। দেউতা মানে সেইজন মানুহ যাৰ ঋণ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰো।

সন্তান আৰু পিতৃৰ সম্বন্ধ প্ৰকাশ কৰাৰ বাবে এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাথাকে যদিও এই পিতৃ দিৱসে এজন পিতৃৰ প্ৰতি থকা সন্তানৰ মৰম প্ৰকাশ কৰিবলৈ এক সুযোগ প্ৰদান কৰে।ছ’চিয়েল মিডিয়াত মাত্ৰ দেউতাৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি হেপী ফাডাৰ্ছ ডে’ বুলি লিখিয়েই দায়িত্ব নাসামৰিব। এই দিনটোত পৃথিৱীৰ প্ৰত্যেকজন পিতৃয়ে নিজকে বিশেষ যেন অনুভৱ কৰিবলৈ সুযোগ পায়। এই বিশেষ দিনটোত তেখেতক সকলো ফালৰ পৰা সুখী কৰিবলৈ চেষ্টা চলাব লাগে। পিতৃয়ে ভাল পোৱা যিকোনো এটা বস্তু তেওঁক আজি উপহাৰ হিচাপে প্ৰদান কৰিলে চাবচোন তেওঁৰ মুখত কেনেদৰে ফুটি উঠিব এটি নিৰ্মল হাঁহি। যি হাঁহিয়ে আপোনাক প্ৰদান কৰিব অনিৰ্বচনীয় আনন্দ। ''এহ মোকনো এইবোৰ কিয় দিব লাগে'' বুলি মুখেৰে ক'লেও সন্তানে দিয়া উপহাৰত তেওঁৰ বুকুখনো এক প্ৰাপ্তিৰ আনন্দত উপচ খাই পৰিব। এই বিশেষ দিনটোত পিতৃৰ মন পচন্দৰ এসাঁজ ৰান্ধি খুৱাই বা বাহিৰত এসাঁজ ভালকৈ খোৱাটোৱে হয়তো পিতৃক সুখী কৰি তুলিব পাৰে।

আপুনি এবাৰ চিন্তা কৰকচোন ম'বাইল ফোনৰ প্ৰতি থকা অহেতুক আসক্তি বা ছ’চিয়েল মিডিয়াৰ ধামখুমীয়াত আপুনি হয়তো বহুদিন দেউতাৰ সৈতে মুকলিকৈ কথা পতা নাই। যাওক ক্ষন্তেক তেওঁৰ কাষত বহক। তেওঁৰ লগত সুখ-দুখৰ কথা পাতক। চাবচোন দেউতাৰ কি যে আনন্দ লাগিব আৰু দেউতাৰ আনন্দত আপোনাৰ মনটোও এক বুজাব নোৱাৰা আৱেগত নাচি উঠিব। যি এতিয়াও পিতৃৰ মৰম পাই আছে তেওঁৰ সমান ভাগ্যশালী হয়তো কোনো নাই আৰু যিয়ে পিতৃক হেৰুৱাইছে তেওঁ বুজে এই বেদনা কিমান গধুৰ।

গতিকে সময় থাকোতেই দেউতাক এজন পিতৃ হিচাপে দিবলগীয়া সকলো মৰ্যাদা প্ৰদান কৰক তেতিয়াহে হয়তো এজন সন্তান হিচাপে আপোনাৰ সাৰ্থকতা প্ৰকাশ পাব। এতিয়াও যদি পিতৃ আপোনাৰ কাষত আছে, আপুনি বহু ভাগ্যশালী। বহুতৰে পিতৃ অকালতে আঁতৰি গৈছে, সেই সন্তানে দেউতা শব্দটো কোৱাৰ পৰা বঞ্চিত হৈ নীৰৱে চকুলো টুকে। বুকুত কঢ়িয়াই ফুৰে কোনো কালে কেতিয়াও পূৰণ নোহোৱা এক বিৰাট শূন্যতা। পৃথিৱীৰ প্ৰতিজন পিতৃয়েই কুশলে থাকক..দীৰ্ঘায়ু হওক, সন্তানৰ আদৰ-আপডালত জীৱন জীয়াই যাওক এয়াই পিতৃ দিৱসত আন্তৰিক শুভকামনা। যি পিতৃ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে, তেঁৱো য’তে আছে কুশলে থাকক...এয়াই প্ৰাৰ্থনা...????????

কস্তুৰী বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ