--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ সমাজত বহুতো লোকবিশ্বাস প্ৰচলিত আছে। এই লোকবিশ্বাসবোৰ বহুতে মানি চলে আৰু বহুতে মানি নচলে। দৈনন্দিন জীৱনত এনে বহু ঘটনা সংঘটিত হৈ আছে, যিবোৰৰ লগত শুভ আৰু অশুভ বিষয়টোৰ সম্পৰ্ক আছে। লোকবিশ্বাস অনুসৰি এখন ঘৰৰ বাবে অশুভ দিশসমূহ কি কি জানি লওঁ আহক। 


১) মেকুৰীৰ যুঁজ: ঘৰত মেকুৰীয়ে যুঁজ কৰাটো অশুভ বুলি গণ্য কৰা হয়, ই পৰিয়ালত কাজিয়া হোৱাৰ ইংগিত দিয়ে।

২) ফেঁচাৰ মাত: যদি কোনো ফেঁচা আহি ঘৰৰ চাদত বহি চিঞৰে, তেন্তে ঘৰত হঠাৎ দুৰ্যোগৰ সম্ভাৱনা থাকে।

৩) মাটি খান্দি থাকোঁতে মৃত জীৱ বিচাৰি পোৱা: মাটি খান্দি থাকোঁতে যদি কোনো মৃত জীৱ, যেনে সাপ দেখা যায়, তেন্তে ই আহিবলগীয়া বেয়া সময়ৰ ইংগিত দিয়ে।

৪) গাখীৰ পৰি যোৱাঃ ঘৰত বাৰে বাৰে গাখীৰ মাটিত পৰিলে ঘৰত দুখ আৰু বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয়।

৫) ঘৰত বাদুলিৰ আগমনঃ ঘৰত বাদুলিৰ আগমন হোৱাটো ভৱিষ্যতে এক বৃহৎ দুৰ্ঘটনাৰ লক্ষণ।

৬) নিগনিৰ সংখ্যা বৃদ্ধিঃ ঘৰত যদি হঠাতে নিগনিৰ সংখ্যা বৃদ্ধি পায়, তেন্তে অদূৰ ভৱিষ্যতে দুৰ্যোগৰ সৃষ্টি হোৱাটো নিশ্চিত। সংকট দূৰ কৰিবলৈ ভগৱান গণেশক লাদ্দু আগবঢ়াওক।

৭) কোনো দেৱতাৰ মূৰ্তি ভাঙি যোৱাঃ ঘৰত কোনো দেৱতাৰ মূৰ্তি বা ছবি ভাঙিলে নেতিবাচকতা আহে। লগে লগে নদীত ভঙা মূৰ্তি বা ছবিখন উটুৱাই বেলেগ মূৰ্তি বা ফটো নতুনকৈ কিনি লওক।

৮) কুকুৰৰ কান্দোন: যদি কোনো কুকুৰে ঘৰৰ গেটৰ ফালে মুখ কৰি কান্দে, তেন্তে ই ঘৰত কিবা সমস্যা আৰু পৰিয়ালৰ পৰা বেয়া খবৰৰ ইংগিত দিয়ে।

৯) আঘাতপ্ৰাপ্ত চৰাইৰ আগমনঃ যদি কোনো আঘাতপ্ৰাপ্ত বা আহত চৰাই ঘৰৰ ভিতৰলৈ আহে তেন্তে সেয়া বৰ সমস্যাৰ লক্ষণ।


১০) উঁই পোক বা মৌমাখিৰ মৌচাকৰ উপস্থিতিঃ ঘৰৰ ভিতৰত উঁই পোকে বাহ সাজিলে বা মৌমাখি নোপোহাকৈ নিজে নিজে আহি মৌচাক সাজিলে ঘৰৰ মুৰব্বীৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা থাকে।

১১) মেকুৰীয়ে বাট পাৰ কৰা: কামলৈ যোৱাৰ সময়ত যদি মেকুৰী এটাই বাট পাৰ হয়, তেন্তে কামত বিফল হোৱাৰ সম্ভাৱনা থাকে। ইয়াক অতিক্ৰম কৰিবলৈ ঘৰলৈ উভতি যাওক কিছু জিৰণি লৈ পুনৰ আগবাঢ়ক।

১২) ৰঙা পৰুৱাৰ আগমনঃ ঘৰত ৰঙা পৰুৱা আহিলে কিছু ডাঙৰ আৰ্থিক লোকচানৰ ইংগিত পোৱা যায়।

১৩) ভৰিৰ পৰা জোতা সৰি পৰা: যাত্ৰাত যাওঁতে যদি জোতা ভৰিৰ পৰা পৰি যায়, তেন্তে ই এক অশুভ লক্ষণ, এনে পৰিস্থিতিত যদি প্ৰয়োজন নহয় তেন্তে যাত্ৰা পিছুৱাই দিয়াটোৱেই ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী