--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ সমাজত বহুতো লোকবিশ্বাস প্ৰচলিত আছে। এই লোকবিশ্বাসবোৰ বহুতে মানি চলে আৰু বহুতে মানি নচলে। দৈনন্দিন জীৱনত এনে বহু ঘটনা সংঘটিত হৈ আছে, যিবোৰৰ লগত শুভ আৰু অশুভ বিষয়টোৰ সম্পৰ্ক আছে। লোকবিশ্বাস অনুসৰি এখন ঘৰৰ বাবে অশুভ দিশসমূহ কি কি জানি লওঁ আহক। 


১) মেকুৰীৰ যুঁজ: ঘৰত মেকুৰীয়ে যুঁজ কৰাটো অশুভ বুলি গণ্য কৰা হয়, ই পৰিয়ালত কাজিয়া হোৱাৰ ইংগিত দিয়ে।

২) ফেঁচাৰ মাত: যদি কোনো ফেঁচা আহি ঘৰৰ চাদত বহি চিঞৰে, তেন্তে ঘৰত হঠাৎ দুৰ্যোগৰ সম্ভাৱনা থাকে।

৩) মাটি খান্দি থাকোঁতে মৃত জীৱ বিচাৰি পোৱা: মাটি খান্দি থাকোঁতে যদি কোনো মৃত জীৱ, যেনে সাপ দেখা যায়, তেন্তে ই আহিবলগীয়া বেয়া সময়ৰ ইংগিত দিয়ে।

৪) গাখীৰ পৰি যোৱাঃ ঘৰত বাৰে বাৰে গাখীৰ মাটিত পৰিলে ঘৰত দুখ আৰু বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয়।

৫) ঘৰত বাদুলিৰ আগমনঃ ঘৰত বাদুলিৰ আগমন হোৱাটো ভৱিষ্যতে এক বৃহৎ দুৰ্ঘটনাৰ লক্ষণ।

৬) নিগনিৰ সংখ্যা বৃদ্ধিঃ ঘৰত যদি হঠাতে নিগনিৰ সংখ্যা বৃদ্ধি পায়, তেন্তে অদূৰ ভৱিষ্যতে দুৰ্যোগৰ সৃষ্টি হোৱাটো নিশ্চিত। সংকট দূৰ কৰিবলৈ ভগৱান গণেশক লাদ্দু আগবঢ়াওক।

৭) কোনো দেৱতাৰ মূৰ্তি ভাঙি যোৱাঃ ঘৰত কোনো দেৱতাৰ মূৰ্তি বা ছবি ভাঙিলে নেতিবাচকতা আহে। লগে লগে নদীত ভঙা মূৰ্তি বা ছবিখন উটুৱাই বেলেগ মূৰ্তি বা ফটো নতুনকৈ কিনি লওক।

৮) কুকুৰৰ কান্দোন: যদি কোনো কুকুৰে ঘৰৰ গেটৰ ফালে মুখ কৰি কান্দে, তেন্তে ই ঘৰত কিবা সমস্যা আৰু পৰিয়ালৰ পৰা বেয়া খবৰৰ ইংগিত দিয়ে।

৯) আঘাতপ্ৰাপ্ত চৰাইৰ আগমনঃ যদি কোনো আঘাতপ্ৰাপ্ত বা আহত চৰাই ঘৰৰ ভিতৰলৈ আহে তেন্তে সেয়া বৰ সমস্যাৰ লক্ষণ।


১০) উঁই পোক বা মৌমাখিৰ মৌচাকৰ উপস্থিতিঃ ঘৰৰ ভিতৰত উঁই পোকে বাহ সাজিলে বা মৌমাখি নোপোহাকৈ নিজে নিজে আহি মৌচাক সাজিলে ঘৰৰ মুৰব্বীৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা থাকে।

১১) মেকুৰীয়ে বাট পাৰ কৰা: কামলৈ যোৱাৰ সময়ত যদি মেকুৰী এটাই বাট পাৰ হয়, তেন্তে কামত বিফল হোৱাৰ সম্ভাৱনা থাকে। ইয়াক অতিক্ৰম কৰিবলৈ ঘৰলৈ উভতি যাওক কিছু জিৰণি লৈ পুনৰ আগবাঢ়ক।

১২) ৰঙা পৰুৱাৰ আগমনঃ ঘৰত ৰঙা পৰুৱা আহিলে কিছু ডাঙৰ আৰ্থিক লোকচানৰ ইংগিত পোৱা যায়।

১৩) ভৰিৰ পৰা জোতা সৰি পৰা: যাত্ৰাত যাওঁতে যদি জোতা ভৰিৰ পৰা পৰি যায়, তেন্তে ই এক অশুভ লক্ষণ, এনে পৰিস্থিতিত যদি প্ৰয়োজন নহয় তেন্তে যাত্ৰা পিছুৱাই দিয়াটোৱেই ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ