--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাভাৱিক ভাৱে গৰ্ভধাৰণ কৰাত অক্ষম এগৰাকী মহিলা, যাক মাতৃত্বৰ সুখেৰে ভৰাই তুলিলে প্ৰকৃতিয়ে! যাৰ বাবে গছগছনীয়ে হৈ পৰে সন্তান স্বৰূপ৷ কৰ্নাটকৰ ১১৩ বছৰীয়া মহিলা গৰাকীৰ নাম ছালুমাৰাডা থিম্মাক্কা৷ জীৱনৰ আশীটা বছৰত আঠ হাজাৰৰো অধিক গছ ৰোপণ আৰু লালন-পালন কৰি ‘বৃক্ষ মাতৃ’ নামেৰে জানাজাত হৈ পৰে৷
 
উল্লেখযোগ্য যে শৈশৱৰ পৰাই শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈছিল কৰ্নাটকৰ গুব্বিত জন্ম গ্ৰহণ কৰা ছালুমাৰাডা থিম্মাক্কা। তেওঁ শৈশৱৰ পৰাই শ্ৰমিক হিচাপে কাম কৰিবলগীয় হৈছিল। আৰু মাত্ৰ ১২ বছৰ বয়সতে শ্ৰী বিক্কলা চিক্কায়াৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু পাছলৈ থিম্মাক্কাই বৃক্ষৰোপণৰ প্ৰতি নিজকে সমৰ্পিত কৰা বাবে ‘ছালুমাৰা’ অৰ্থাৎ ‘গছৰ শাৰী’ নাম লাভ কৰে।

দম্পতীহালৰ এই যাত্ৰা আৰম্ভ হৈছিল তেওঁলোকৰ গাঁৱত বৃহৎ সংখ্যক বট গছ ৰোপণৰ জৰিয়তে। প্ৰথম বছৰত ১০ টা পুলি ৰোপণেৰে আৰম্ভ কৰি ক্ৰমান্বয়ে বৃদ্ধি পাই আহে বৃক্ষ ৰোপণ৷ তেওঁলোকে গঢ়ি তুলিছে এক বিশাল সেউজ ভূখণ্ড৷

অঞ্চলটো শুকান হোৱাৰ স্বত্তেও তেওঁলোকে অক্লান্তভাৱে কাম কৰি গৈছিল৷ নিজৰ উপাৰ্জনৰ ধনেৰে গছপুলি কিনি অব্যাহত ৰাখিছিল এই যাত্ৰা আৰু সুৰক্ষাৰ বাবে গছবোৰক কাঁইটীয়া জোপোহাৰে সুৰক্ষা প্ৰদান কৰিছিল। দুয়ো মিলি ৪০০ গছক লালন-পালন কৰিছিল, প্ৰত্যেককে নিজৰ সন্তানৰ দৰেই মৰম আপডাল কৰিছিল।

যদিও ১৯৯১ চনত চিক্কাইয়াৰ মৃত্যুত তেওঁ ভাঙি পৰিছিল যদিও তেওঁ ৰোপণ কৰা গছবোৰৰ পৰা নতুন উদ্যম লাভ কৰিছিল।তেওঁ জীৱনকালত আঠ হাজাৰৰো অধিক গছৰ লালন-পালন কৰিছিল। তেওঁৰ পৰিৱেশৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতা নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

২০১৯ চনত থিম্মাক্কাই ঘাইপথ সম্প্ৰসাৰণে তেওঁ ৰোপণ কৰা গছবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল৷ তেওঁ ঘাইপথ সম্প্ৰসাৰণৰ বাবে বিৰোধীতা কৰিছিল অৱষেশত কৰ্তৃপক্ষই বিকল্প পথ বিচাৰি উলিয়াবলৈ বাধ্য হৈছিল৷ তেওঁ স্বামীৰ সৈতে ৰোপণ কৰা ৭০ বছৰীয়া গছবোৰক সুৰক্ষা দিবলৈ কৰ্তৃপক্ষ বাধ্য হৈছিল৷ তেওঁৰ এই নিষ্ঠাৰ বাবে পদ্মশ্ৰীকে ধৰি অসংখ্য বঁটাৰে স্বীকৃতি লাভ কৰিছে৷
   

FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?