--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাভাৱিক ভাৱে গৰ্ভধাৰণ কৰাত অক্ষম এগৰাকী মহিলা, যাক মাতৃত্বৰ সুখেৰে ভৰাই তুলিলে প্ৰকৃতিয়ে! যাৰ বাবে গছগছনীয়ে হৈ পৰে সন্তান স্বৰূপ৷ কৰ্নাটকৰ ১১৩ বছৰীয়া মহিলা গৰাকীৰ নাম ছালুমাৰাডা থিম্মাক্কা৷ জীৱনৰ আশীটা বছৰত আঠ হাজাৰৰো অধিক গছ ৰোপণ আৰু লালন-পালন কৰি ‘বৃক্ষ মাতৃ’ নামেৰে জানাজাত হৈ পৰে৷
 
উল্লেখযোগ্য যে শৈশৱৰ পৰাই শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈছিল কৰ্নাটকৰ গুব্বিত জন্ম গ্ৰহণ কৰা ছালুমাৰাডা থিম্মাক্কা। তেওঁ শৈশৱৰ পৰাই শ্ৰমিক হিচাপে কাম কৰিবলগীয় হৈছিল। আৰু মাত্ৰ ১২ বছৰ বয়সতে শ্ৰী বিক্কলা চিক্কায়াৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু পাছলৈ থিম্মাক্কাই বৃক্ষৰোপণৰ প্ৰতি নিজকে সমৰ্পিত কৰা বাবে ‘ছালুমাৰা’ অৰ্থাৎ ‘গছৰ শাৰী’ নাম লাভ কৰে।

দম্পতীহালৰ এই যাত্ৰা আৰম্ভ হৈছিল তেওঁলোকৰ গাঁৱত বৃহৎ সংখ্যক বট গছ ৰোপণৰ জৰিয়তে। প্ৰথম বছৰত ১০ টা পুলি ৰোপণেৰে আৰম্ভ কৰি ক্ৰমান্বয়ে বৃদ্ধি পাই আহে বৃক্ষ ৰোপণ৷ তেওঁলোকে গঢ়ি তুলিছে এক বিশাল সেউজ ভূখণ্ড৷

অঞ্চলটো শুকান হোৱাৰ স্বত্তেও তেওঁলোকে অক্লান্তভাৱে কাম কৰি গৈছিল৷ নিজৰ উপাৰ্জনৰ ধনেৰে গছপুলি কিনি অব্যাহত ৰাখিছিল এই যাত্ৰা আৰু সুৰক্ষাৰ বাবে গছবোৰক কাঁইটীয়া জোপোহাৰে সুৰক্ষা প্ৰদান কৰিছিল। দুয়ো মিলি ৪০০ গছক লালন-পালন কৰিছিল, প্ৰত্যেককে নিজৰ সন্তানৰ দৰেই মৰম আপডাল কৰিছিল।

যদিও ১৯৯১ চনত চিক্কাইয়াৰ মৃত্যুত তেওঁ ভাঙি পৰিছিল যদিও তেওঁ ৰোপণ কৰা গছবোৰৰ পৰা নতুন উদ্যম লাভ কৰিছিল।তেওঁ জীৱনকালত আঠ হাজাৰৰো অধিক গছৰ লালন-পালন কৰিছিল। তেওঁৰ পৰিৱেশৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতা নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

২০১৯ চনত থিম্মাক্কাই ঘাইপথ সম্প্ৰসাৰণে তেওঁ ৰোপণ কৰা গছবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল৷ তেওঁ ঘাইপথ সম্প্ৰসাৰণৰ বাবে বিৰোধীতা কৰিছিল অৱষেশত কৰ্তৃপক্ষই বিকল্প পথ বিচাৰি উলিয়াবলৈ বাধ্য হৈছিল৷ তেওঁ স্বামীৰ সৈতে ৰোপণ কৰা ৭০ বছৰীয়া গছবোৰক সুৰক্ষা দিবলৈ কৰ্তৃপক্ষ বাধ্য হৈছিল৷ তেওঁৰ এই নিষ্ঠাৰ বাবে পদ্মশ্ৰীকে ধৰি অসংখ্য বঁটাৰে স্বীকৃতি লাভ কৰিছে৷
   

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ