--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাৰাত্মক ডেল্টা প্ৰকাৰৰ পাছত, ক'ভিড-১৯ৰ নতুন অত্যাধিক সংক্ৰমিত প্ৰকাৰ অ'মিক্ৰন লাহে লাহে সমগ্ৰ ভাৰততে বিয়পি পৰিছে। নতুন প্ৰকাৰটোৱে টিকাকৰণ কৰা ব্যক্তিসকল দেহতো ধৰা পৰিছে৷ যাৰ বাবে ৰোগ প্ৰতিৰোধ খাদ্য খোৱাটো অধিক গুৰুত্বপূৰ্ণহৈ পৰিছে। কিছুমান পৰিৱৰ্তন কৰি স্বাস্থ্যকৰ জীৱনশৈলী বাছনি কৰিলে আপুনি হৈ থাকিব নিৰোগী। ভিটামিন চি-ক যাদুপুষ্টি বুলি কোৱা হয়৷ ভিটামিন চি-য়ে সামগ্ৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আপুনি জানেনে, বগৰীৰ আছে ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস৷ বগৰীয়ে কোষ্ঠকাঠিন্যৰ চিকিৎসা কৰিব পাৰে, মস্তিষ্কৰ স্বাস্থ্য বৃদ্ধি কৰিব পাৰে আৰু অনিদ্ৰা নিৰাময় কৰিব পাৰে?

বগৰীৰ যথেষ্ট লাভালাভ আছে। কেৱল ভিটামিন চি নহয়, এই ফলবিধত আছে ভিটামিন এ ও। ইয়াত এমিনো এচিড আছে আৰু এই ফলটো প্ৰাচীন ভাৰতত ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

ফলটোৰ কৰ্কট ৰোধী গুণাগুণ আছে, ওজন হ্ৰাস কৰাত সহায় কৰে, দাঁত, হাড় আৰু পেশী স্বাস্থ্যৱান ৰাখে, হজমত সহায় কৰে।

শীতকালত বগৰী খোৱাটো অন্তত্যই প্ৰয়োজনীয়৷ ইয়াৰ কাৰণ হৈছে-

চেলিব্ৰিটি পুষ্টিবিদ ৰুজুতা দিৱেকাৰে বগৰীৰ গুণাগুনৰ বিষয়ে ইনষ্টাগ্ৰামত লিখিছিল, 'বগৰী হৈছে পুষ্টিকৰ খাদ্য৷ ই শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰে৷ পুষ্টিবিদজনে বগৰীৰ এখন ফটো শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, 'আপুনি এই ঋতুত বগৰী খাই আছে নেকি? ই ভিটামিন চি সমৃদ্ধ৷ বগৰী খালে ছালৰ উজ্জ্বল বাঢ়ে। লগতে শীতকালীন প্ৰায়ে অসুস্থ হোৱা শিশুসকলৰ স্বাস্থ্যৰ বাবেও উৎকৃষ্ট৷'


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ