--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান দৌৰা-দৌৰি সময়, ব্যস্ত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহ প্ৰায়ে মূৰৰ বিষ বা অন্য বিষত ভোগে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে পেইন কিলাৰ ব্যৱহাৰ কৰে। এনে ঔষধ সেৱন কৰি তাৎক্ষণিক ফল লাভ কৰে যদিও এই পেইনকিলাৰ খাই থকাটো বৰ বিপদজনক।

শৰীৰত যিকোনো ধৰণৰ সৰু সমস্যা হ’লে বেছিভাগ মানুহেই পেইন কিলাৰ গ্ৰহণ আৰম্ভ কৰে। কিছুমান মানুহে কেৱল পেইনকিলাৰৰ লগতে অভ্যস্ত হৈ পৰে। এই পেইন কিলাৰে নিশ্চয়কৈ আপোনাৰ বিষ কমাই দিয়ে কিন্তু ইয়াৰ ফলত শৰীৰত আন আন বেমাৰো হ’ব পাৰে। 

বহু গৱেষণাত প্ৰমাণিত হৈছে যে প্ৰয়োজনতকৈ অধিক পেইন কিলাৰ সেৱন কৰিলে শৰীৰৰ বাবে এয়া বৰ ক্ষতিকাৰক।এই ঔষধবোৰে শৰীৰৰ অংগবোৰত প্ৰভাৱ পেলায়। হাৰ্ট এটেক বা কিডনী-লিভাৰ ফেইলৰ দৰে সমস্যা হ’ব পাৰে। এক অধ্যয়নে এই সন্দৰ্ভত সতৰ্ক কৰি দিছে। বি এম জেত প্ৰকাশিত এই গৱেষণাত কোৱা হৈছে যে মানুহ পৰাপক্ষত পেইনকিলাৰৰ পৰা দূৰত থকাই ভাল। 

এই অধ্যয়নত পেৰাচিটামলৰ বিষয়েও সদৰী কৰিছে। কোৱা হৈছে যে পেৰাচিটামল এনেকুৱা এটা ঔষধ, যিটো সাধাৰণতে প্ৰতিটো ঘৰতে পোৱা যায়। এই ঔষধটো এটা সাধাৰণভাৱে ব্যৱহৃত ঔষধ। ইয়াৰ অত্যধিক সেৱনৰ বাবে বহু সময়ত এলাৰ্জীৰ অভিযোগ উত্থাপন হয়। ইয়াৰ লগতে লিভাৰৰ ক্ষতি হোৱাৰো এক বৃহৎ আশংকা থাকে। গতিকে যদি আপুনি ইয়াক অবিৰতভাৱে ব্যৱহাৰ কৰি আছে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক। পৰাপক্ষত পেইনকিলাৰৰ পৰা আঁতৰত থাকক। অলপ সময়ৰ শান্তিৰ কাৰণে গোটেই জীৱনৰ বাবে বিপদ মাতি নানিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ