--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতা বৰ উপকাৰী ফল। কেঁচাকৈ ইয়াক পাচলি হিচাপেও খোৱা হয়। অমিতাই ছালকে ধৰি সমগ্ৰ স্বাস্থ্যৰ উপকাৰ কৰে। কেৱল অমিতাই নহয় ইয়াৰ গুটিও আমাৰ বাবে বৰ উপকাৰী। অমিতাৰ গুটিৰ ৰং গাঢ় ক’লা আৰু বাহিৰৰ অংশ চিকচিকিয়া। ইয়াৰ সোৱাদ অলপ তিতা যদিও শুকুৱাই পিহি খাব পাৰে।

অমিতাৰ গুটিত কি কি উপাদান থাকে?

অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ, স্বাস্থ্যকৰ চৰ্বি আৰু প্ৰটিন থাকে। ইয়াৰ উপৰিও ইয়াত জিংক, ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, আইৰণ আৰু কেলচিয়ামকে ধৰি কেইবাটাও ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। অমিতাৰ গুটিত মনোঅনচেচুৰেটেড ফেটি এচিড (যেনে অলিক এচিড আৰু পলিফিনল) আৰু ফ্লেভন’ইড নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে। 

অমিতাৰ গুটিৰ কি কি উপকাৰিতা আছে?

১)  কলেষ্টেৰলঃ অমিতাৰ গুটিৰ দ্বাৰা কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াত অলিক এচিড আৰু অন্যান্য মনোঅনচেচুৰেটেড ফেটি এচিড পোৱা যায়, যিয়ে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে।

২) কেন্সাৰৰ সম্ভাৱনা হ্ৰাসঃ অমিতাৰ গুটিত পলিফিনল (এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট) থাকে, যিয়ে আপোনাৰ শৰীৰক বহু ধৰণৰ কেন্সাৰৰ পৰা ৰক্ষা কৰে।

৩) ওজন কমেঃ অমিতাৰ গুটিয়ে হজম শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। তদুপৰি ইয়াত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণত সহায় কৰে আৰু শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিয়ে।

৪) আন্ত্ৰিক স্বাস্থ্যঃ অমিতাৰ গুটিত কাৰ্পিন নামৰ এবিধ পদাৰ্থ পোৱা যায় যিয়ে অন্ত্ৰত থকা কৃমি আৰু বেক্টেৰিয়াক নিধন কৰে। ইয়াৰ বাবে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে আৰু কোষ্ঠকাঠিন্যৰ কোনো সমস্যা নাথাকে।

৫) পিৰিয়ডৰ বিষঃ অমিতাৰ গুটিয়ে পিৰিয়ড ট্ৰিগাৰ কৰাত সহায় কৰিব পাৰে আৰু ইয়াৰ নিয়মীয়াতাক বৃদ্ধি কৰিব পাৰে, কিন্তু ই পিৰিয়ডৰ বিষ নিয়ন্ত্ৰণতো কিছু পৰিমাণে সহায় কৰিব পাৰে।

৬) ফুলা হ্ৰাস কৰাঃ অমিতাৰ গুটিত ভিটামিন চি আৰু অন্যান্য যৌগ (এলকেলয়ড, ফ্লেভন’ইড আৰু পলিফিনল) প্ৰচুৰ পৰিমাণে থাকে, যিয়ে গাউট আৰু বাতবিষৰ দৰে ৰোগত প্ৰদাহ প্ৰতিৰোধ আৰু হ্ৰাস কৰাত সহায় কৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ