--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতা বৰ উপকাৰী ফল। কেঁচাকৈ ইয়াক পাচলি হিচাপেও খোৱা হয়। অমিতাই ছালকে ধৰি সমগ্ৰ স্বাস্থ্যৰ উপকাৰ কৰে। কেৱল অমিতাই নহয় ইয়াৰ গুটিও আমাৰ বাবে বৰ উপকাৰী। অমিতাৰ গুটিৰ ৰং গাঢ় ক’লা আৰু বাহিৰৰ অংশ চিকচিকিয়া। ইয়াৰ সোৱাদ অলপ তিতা যদিও শুকুৱাই পিহি খাব পাৰে।

অমিতাৰ গুটিত কি কি উপাদান থাকে?

অমিতাৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ, স্বাস্থ্যকৰ চৰ্বি আৰু প্ৰটিন থাকে। ইয়াৰ উপৰিও ইয়াত জিংক, ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, আইৰণ আৰু কেলচিয়ামকে ধৰি কেইবাটাও ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। অমিতাৰ গুটিত মনোঅনচেচুৰেটেড ফেটি এচিড (যেনে অলিক এচিড আৰু পলিফিনল) আৰু ফ্লেভন’ইড নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে। 

অমিতাৰ গুটিৰ কি কি উপকাৰিতা আছে?

১)  কলেষ্টেৰলঃ অমিতাৰ গুটিৰ দ্বাৰা কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াত অলিক এচিড আৰু অন্যান্য মনোঅনচেচুৰেটেড ফেটি এচিড পোৱা যায়, যিয়ে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে।

২) কেন্সাৰৰ সম্ভাৱনা হ্ৰাসঃ অমিতাৰ গুটিত পলিফিনল (এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট) থাকে, যিয়ে আপোনাৰ শৰীৰক বহু ধৰণৰ কেন্সাৰৰ পৰা ৰক্ষা কৰে।

৩) ওজন কমেঃ অমিতাৰ গুটিয়ে হজম শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। তদুপৰি ইয়াত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণত সহায় কৰে আৰু শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিয়ে।

৪) আন্ত্ৰিক স্বাস্থ্যঃ অমিতাৰ গুটিত কাৰ্পিন নামৰ এবিধ পদাৰ্থ পোৱা যায় যিয়ে অন্ত্ৰত থকা কৃমি আৰু বেক্টেৰিয়াক নিধন কৰে। ইয়াৰ বাবে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে আৰু কোষ্ঠকাঠিন্যৰ কোনো সমস্যা নাথাকে।

৫) পিৰিয়ডৰ বিষঃ অমিতাৰ গুটিয়ে পিৰিয়ড ট্ৰিগাৰ কৰাত সহায় কৰিব পাৰে আৰু ইয়াৰ নিয়মীয়াতাক বৃদ্ধি কৰিব পাৰে, কিন্তু ই পিৰিয়ডৰ বিষ নিয়ন্ত্ৰণতো কিছু পৰিমাণে সহায় কৰিব পাৰে।

৬) ফুলা হ্ৰাস কৰাঃ অমিতাৰ গুটিত ভিটামিন চি আৰু অন্যান্য যৌগ (এলকেলয়ড, ফ্লেভন’ইড আৰু পলিফিনল) প্ৰচুৰ পৰিমাণে থাকে, যিয়ে গাউট আৰু বাতবিষৰ দৰে ৰোগত প্ৰদাহ প্ৰতিৰোধ আৰু হ্ৰাস কৰাত সহায় কৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ