--°C
Loading...
Listen to Article
2 min read
80%

মুছফিক হুছেইন : জীৱন…। সংগ্ৰাম আৰু সংঘাতৰ মাজেৰে ফুলা অযুত সপোন। সেই সপোনবোৰৰ বাবেইটো আমি আকোঁৱালি লওঁ ব্যস্ততাৰে ভৰা প্ৰত্যেকটো দিন। এই ব্যস্ততাৰ মাজত নিজক আমি বহুতেই হেৰুৱাই পেলাওঁ নিজৰ অভাৱৰ পৰিসীমা মচি পেলোৱাৰ চেষ্টাত। কিন্তু, তাৰ মাজতো এনেকুৱা ব্যক্তি আছে, যিয়ে নিজৰ জীৱনৰ সংগ্ৰাম আৰু ব্যস্ততাপূৰ্ণ প্ৰতিটো দিনতো হেৰাই যাবলৈ নিদিয়ে নিজক, চেষ্টা কৰে মানুহৰ মনত থৈ যাবলৈ নিজৰ সৃষ্টিক। তেনে এগৰাকী ব্যক্তিৰ কথাই ক’ব বিচাৰিছোঁ। তেওঁ দেখাত তেনেই সাধাৰণ কিন্তু কৰ্মৰ জৰিয়তে তেওঁ হৈ উঠিছে অসাধাৰণ এজন মানুহ। মহানগৰীত তেওঁৰ জীৱন সংগ্ৰাম আৰু সৃষ্টিৰ সাধনা চলিছে হাতত হাত ধৰি।
আপাতঃ অখ্যাত কিছুমান মানুহৰো থাকে বিৰল ব্যক্তিত্ব।

আৰু পঢ়ক : দিনত কটনত পঢ়া-শুনা, নিশা ফুড ডেলিভাৰী কাম, মহানগৰীত কিদৰে চলিছে চন্দ্ৰৰ সংগ্ৰাম?

তেনে এজন লোকৰ কাহিনীয়েই আজি আমি লৈ আহিছোঁ ‘লাইফ ইন এ মেট্ৰ’ত। মানুহজনৰ কান্ধত তথাকথিত কোনো কৃতিত্বৰ বোজা নাই, নাই কোনো ধন-দৌলত টকা পইচাও, আছে কেৱল এটা সু-বিশাল মন যিয়ে আনৰ দুখত দুখ আনৰ সুখত সুখী হৈয়ে জীৱনটো উদ্‌যাপন কৰিব বিচাৰে। সেই বিশেষ ব্যক্তিগৰাকীয়েই হৈছে বাইহাটা চাৰিআলিৰ কমলাকান্ত ডেকা। মানুহজনক আমি বিশেষ বুলি কোৱাৰো আছে বহু কেইটা কাৰণ, কথাখিনি আৰম্ভ কৰাৰ আগতেই আমি পৰিচয় কৰাই দিও কমলাকান্ত ডেকাক। চানমাৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ সমীপতে তেওঁৰ আছে বাতৰি-কাকত, আলোচনীৰ এখন সৰু দোকান। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভূগোলত লেটাৰ লৈ সুখ্যাতিৰে মেট্ৰিকৰ দেওনা পাৰ হৈছিল কমলাকান্ত ডেকাই। পাছত চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখাই কমলাকান্ত ডেকাই প্ৰথমে তামোল-পাণ ব্যৱসায়টোকে জীৱিকা অৰ্জনৰ পথ হিচাপে বাছি লৈছিল। চহৰৰ ভোগ- বিলাসিতাক একাষৰে ৰাখি সুন্দৰভাৱে দুজনীয়া সৰু পৰিয়ালটোক তেওঁ চলাই নিছে। পুৱা ৪ বজাতে শোৱা-পাটি এৰি চাইকেলখন লৈ তেওঁ ওলাই আহে চহৰৰ মানুহক খবৰ কাগছ বিলাবলৈ।

কমলাকান্ত ডেকা

মহানগৰৰ চানমাৰি, উলুবাৰী, গুৱাহাটী ক্লাব, গণেশগুৰিপৰ্যন্ত তেওঁ খবৰ কাগজ বিলায়। তাৰ পাছতে তেওঁ ঢাপলি মেলে চানমাৰিৰ পদপথত থকা দোকানখন খুলিবলৈ। কিন্তু পদপথৰ দোকান আৰু পেপাৰ বিলোৱাতে কমলাকান্ত ডেকাৰ কাম সীমাবদ্ধ হৈ থকা নাই, তেওঁৰ আছে এক সৃষ্টিশালী মন। সময় অজুহাতক দুহাই নিদি সুবিধা পালেই তেওঁ হাতত তুলি লয় কাগজ, কলম। তেওঁৰ হাতত ইতিমধ্যে প্ৰাণ পাই উঠিছে প্ৰায় তিনি হাজাৰ কবিতাই। প্ৰকাশ পাইছে 'কমল সুবাস' আৰু 'লোহিত কমল পাপৰি' নামৰ স্বৰচিত কবিতা পুথি। তেওঁৰ এই সৃষ্টিৰাজিয়ে জনমানসত যথেষ্ট সঁহাৰি লাভ কৰিছে। এইখিনিতেই থমকি ৰোৱা নাই তেখেতৰ সৃষ্টিশীলতা মনটো। কমলাকান্ত ডেকাৰ প্ৰচেষ্টা আৰু ড° হীৰেন গোঁহাই, হীৰেন ভট্টাচাৰ্য, এলি আহমেদ, ড° সূৰ্য দাস, ইছমাইল হুছেইনৰ সহযোগত ২০০৯ চনৰ ১ জানুৱাৰী তাৰিখে গঢ় লৈছিল 'পদপথত আবেলিৰ কবিতা' নামৰ এক কবিতা অনুষ্ঠান।

জন্মলগ্নৰেপৰা আজি পৰ্যন্ত কমলাকান্তই সেই অনুষ্ঠানটোৰ সম্পাদক হিচাপে প্ৰতি মাহৰ এক তাৰিখে চানমাৰিত সেই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে। চানমাৰি উৰণীয়া সেতুৰ কাষতেই ভালেসংখ্যক বাটৰুৱা কবিয়ে পাঠ কৰে নিজৰ-নিজৰ কবিতা আৰু ক্ষন্তেকৰ বাবে এপলক ৰৈ শুনি যায় বাটৰুৱাই। এই মঞ্চখনৰ জৰিয়তে সকলোকে কবিতাৰ প্ৰকৃত মাদকতা দিবলৈ চেষ্টা কৰিছে কমলাকান্ত ডেকাই। বৰ্তমান এই অনুষ্ঠানটোৱে গুৱাহাটী মহানগৰত যথেষ্ট চৰ্চা লাভ কৰিছে।

কমলাকান্ত ডেকা

তেওঁৰ বিষয়ে আৰু অধিক কথা জনাৰ মানসেৰে আমাৰ কেইটামান পোনপটীয়া প্ৰশ্ন…
১) ব্যৱসায়িক ব্যস্ততা, জীৱনৰ কঠিন সংগ্ৰামৰ মাজত কাব্যচৰ্চাও একেলগে চলাই নিয়াটো কিদৰে সম্ভৱ হৈছে?
কমলাকান্ত : কবিতা মোৰ নিচা আৰু ব্যৱসায়ক মোৰ পেচা হিচাপে পৃথক ৰূপ দি লৈছোঁ। ঘৰখন চলাবলৈ মই ব্যৱসায়ৰ লগত জড়িত হৈছোঁ। কবিতাক মই সদায়ে আগস্থান দিওঁ আৰু সময় পালেই মই দোকানতে কবিতা লিখোঁ, মোৰ সৃষ্টিৰাজিৰ প্ৰায় এহেজাৰটা কবিতা মই দোকানতে লিখা। এই দোকানখনৰ লগত জড়িত হৈ থকাৰ বাবেই বহুতো ভাল মানুহৰ সংগ লাভ কৰিছোঁ, সেয়াই মোৰ প্ৰাপ্তি।
২) আপোনাৰ কৰ্মৰাজি আন কাৰো লগত আমি তুলনা কৰিব নোৱাৰোঁ, আপুনি একক আৰু পৃথক, এই ক্ষেত্ৰত আপুনি কাৰ অনুপ্ৰেৰণা লাভ কৰিছে?
কমলাকান্ত : মই নিজকে এতিয়াও প্ৰচাৰ বিমুখ বুলিয়েই ভাবোঁ। প্ৰচাৰ, জনপ্ৰিয়তাতকৈও মোৰ বাবে কাম কৰি যোৱাটো অধিক আৱশ্যকীয়। চৰকাৰী সাহায্যও মই তেনেকে মই বিচৰা নাই বা পোৱা নাই। অৱশ্যে, 'ভাষা গৌৰৱ আঁচনি'ৰ অধীনত মই চৰকাৰৰ পৰা পঞ্চাশ হাজাৰ টকাৰ এককালীন সাহায্য লাভ কৰিছিলোঁ। ইয়াৰ বাদে আন একো পোৱা নাই। আনকি মোৰ দোকানখনো প্ৰশাসনৰ লোকসকলে উচ্ছেদ কৰিব বিচাৰিছিল। কেৱল মোক ভাল পোৱা মানুহখিনিৰ তৎপৰতাৰ বাবেহে দোকানখন ঘূৰাই পাইছোঁ।

কমলাকান্ত ডেকা


৩) 'পদপথত আবেলিৰ কবিতা' অনুষ্ঠানটোক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?
কমলাকান্ত : আমি কবিতাক জনমুখী কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এইক্ষেত্ৰত আমি সফল হৈছোঁ কিয়নো এই অনুষ্ঠানটোৰ যোগেদি বহুতো নতুন লেখক মানুহৰ মাজলৈ ওলাই অহাৰ এটা পথ পাইছে। অনুষ্ঠানটোক লৈ যথেষ্ট পৰিকল্পনা আছে প্ৰথমে আমি ইয়াৰ পৰিসৰটো অলপ বহল কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ যাতে গুৱাহাটীৰ আন প্ৰান্তলৈকো অনুষ্ঠানটোক উলিয়াই নিব পাৰোঁ, ইয়াৰ কাৰণে ৰাইজৰ লগতে চৰকাৰৰ কিছু সঁহাৰি পালে কৃতাৰ্থ হ'ম।
৪) শেষত, কবিতাৰ মাজেৰে ৰাইজলৈ আপোনাক এষাৰি কথা ক'বলৈ অনুৰোধ জনাইছোঁ?
কমলাকান্ত: 'কলম মোৰ যাদুকৰৰ দৰে… অহিংসা আৰু সততাৰ মাজত মোৰ হৃদয়ত জুই থকালৈকে মই মানুহৰ কবি হ'ম।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?