--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুৰ্গা পূজালৈ মাজত মাথোঁ এটা দিন৷ চৌদিশে চলিছে পূজাৰ ব্যাপক প্ৰস্তুতি৷ মহানগৰীৰ ফাঁচি বজাৰেই হওক বা বিলাসী শ্বপিং মলেই হওক বা অনলাইন শ্বপিঙেই হওক এতিয়া সকলো ব্যস্ত পূজাৰ বজাৰ কৰাত৷ পিছে যুৱতীসকলৰ চিন্তা কি পোছাকৰ লগত কি প্ৰসাধনে শুৱাব৷ সেইবাবে বহুতেই ইউটিউবত সৌন্দৰ্য চৰ্চাৰ ভিডিঅ'ও নোচোৱা নহয়৷ আন একাংশই আকৌ চিনাকি বিউটিচিয়ানৰ সহায় লৈছে৷ পিছে আপুনি যদি বিচাৰে পূজাত নিজকে ধুনীয়াকৈ সাজিবলৈ, তেনেহ'লে এই টিপছকেইটাই বিশেষ সহায় কৰিব আপোনাক।


চকুৰ মেকআপে সাধাৰণে ধুনীয়া কৰি তোলে সকলোকে৷ চকুৰ মেকআপ কৰিলে আপোনাৰ চকু অধিক আকৰ্ষণীয় হৈ পাৰে। আইশ্বেডো সঠিকধৰণে প্ৰয়োগ কৰিলে সৰু চকুবোৰ ডাঙৰ দেখায় আৰু ই আপোনাৰ ব্যক্তিত্বক নতুন ৰহণ দিয়ে। ভাগৰুৱা চকুকো ই কৰি তোলে সতেজ-সজীৱ আৰু চঞ্চলতাভৰা। কিন্তু যদি এই আইশ্বেডো প্ৰয়োগ কৰাত ভুল হয়, তেনেহ'লে মেকআপে আপোনাক অশুৱনিহে কৰি তুলিব। গতিকে পূজাৰ দিনকেইটাত ৰূপে-ৰহণে উজলি উঠিবলৈ শিকি থওক এইকেইটা টিপছ-

১. প্ৰাইমাৰ ব্যৱহাৰ কৰক
ফাউণ্ডেচন লগোৱাৰ আগতে আপুনি চকুত আই প্ৰাইমাৰ ব্যৱহাৰ কৰক৷ এনে কৰিলে চকুৰ মেকআপ বেছি সময় থাকে আৰু উজ্জ্বলতাও বাঢ়ে।

  1. চিমাৰৰ ব্যৱহাৰ
    চিমাৰৰ ব্যৱহাৰ জনাটো অতিকৈ প্ৰয়োজনীয়৷ চকুৰ মেকআপত পাতল ৰং আৰু গাঢ় ৰঙৰ মাজত ভাৰসাম্য বজায় ৰাখিবলৈ চিমাৰ ব্যৱহাৰ কৰিব লাগে। আপোনাৰ চকুৰ পতাত পাতল ৰঙৰ আইশ্বেডোৰ ওপৰত অধিক টানিবলৈ পাতল ৰঙৰ ওপৰত এটা চিমাৰ ব্যৱহাৰ কৰক৷ য়ে আপোনাৰ চকুহালক অধিক আকৰ্ষণীয় কৰি তুলিব৷
  2. নাকত মেকআপ সানক

চকুৰ মেকআপ অধিক আকৰ্ষনীয় কৰি তুলিবলৈ নাকতো মেকআপ কৰাৰ প্ৰয়োজন আছে৷ তাৰবাবে আপুনি পাতল ৰঙৰ ওপৰত পাছত ডাঠ ৰং প্ৰয়োগ কৰি ত্ৰিমূৰীয়া প্ৰভাৱ সৃষ্টি কৰিব পাৰে। ই চকুবোৰ ডাঙৰ আৰু অঁকা দেখুৱাব।

  1. আইশ্বেডো ব্ৰাছ
    দুটা ৰং একেলগে মিহলি কৰিব ব্যৱহাৰ কৰিব বিচাৰে নেকি? ইয়াৰ বাবে আপুনি কেনেধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰে সেয়া জানি লওক। আপুনি ইউটিউবত থকা কিছুমান ভিডিঅ'ৰ সহায়ত সঠিক ব্ৰাছ নিৰ্বাচন কৰিব পাৰিব। আইশ্বেডো প্ৰয়োগ কৰাৰ আগতে ব্ৰাছটো তিয়াই ৰাখিব লাগে।
    ৫. ৰঙেৰে খেলক
    বিভিন্ন ৰঙৰ সৈতে পৰীক্ষা কৰিবলৈ ভয় নকৰিব। কিন্তু মনত ৰাখিব আপুনি যি প্ৰয়োগ নকৰে কিয়, সেই ৰং ভালদৰে মিলি যাব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ