--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুৰ্গা পূজালৈ মাজত মাথোঁ এটা দিন৷ চৌদিশে চলিছে পূজাৰ ব্যাপক প্ৰস্তুতি৷ মহানগৰীৰ ফাঁচি বজাৰেই হওক বা বিলাসী শ্বপিং মলেই হওক বা অনলাইন শ্বপিঙেই হওক এতিয়া সকলো ব্যস্ত পূজাৰ বজাৰ কৰাত৷ পিছে যুৱতীসকলৰ চিন্তা কি পোছাকৰ লগত কি প্ৰসাধনে শুৱাব৷ সেইবাবে বহুতেই ইউটিউবত সৌন্দৰ্য চৰ্চাৰ ভিডিঅ'ও নোচোৱা নহয়৷ আন একাংশই আকৌ চিনাকি বিউটিচিয়ানৰ সহায় লৈছে৷ পিছে আপুনি যদি বিচাৰে পূজাত নিজকে ধুনীয়াকৈ সাজিবলৈ, তেনেহ'লে এই টিপছকেইটাই বিশেষ সহায় কৰিব আপোনাক।


চকুৰ মেকআপে সাধাৰণে ধুনীয়া কৰি তোলে সকলোকে৷ চকুৰ মেকআপ কৰিলে আপোনাৰ চকু অধিক আকৰ্ষণীয় হৈ পাৰে। আইশ্বেডো সঠিকধৰণে প্ৰয়োগ কৰিলে সৰু চকুবোৰ ডাঙৰ দেখায় আৰু ই আপোনাৰ ব্যক্তিত্বক নতুন ৰহণ দিয়ে। ভাগৰুৱা চকুকো ই কৰি তোলে সতেজ-সজীৱ আৰু চঞ্চলতাভৰা। কিন্তু যদি এই আইশ্বেডো প্ৰয়োগ কৰাত ভুল হয়, তেনেহ'লে মেকআপে আপোনাক অশুৱনিহে কৰি তুলিব। গতিকে পূজাৰ দিনকেইটাত ৰূপে-ৰহণে উজলি উঠিবলৈ শিকি থওক এইকেইটা টিপছ-

১. প্ৰাইমাৰ ব্যৱহাৰ কৰক
ফাউণ্ডেচন লগোৱাৰ আগতে আপুনি চকুত আই প্ৰাইমাৰ ব্যৱহাৰ কৰক৷ এনে কৰিলে চকুৰ মেকআপ বেছি সময় থাকে আৰু উজ্জ্বলতাও বাঢ়ে।

  1. চিমাৰৰ ব্যৱহাৰ
    চিমাৰৰ ব্যৱহাৰ জনাটো অতিকৈ প্ৰয়োজনীয়৷ চকুৰ মেকআপত পাতল ৰং আৰু গাঢ় ৰঙৰ মাজত ভাৰসাম্য বজায় ৰাখিবলৈ চিমাৰ ব্যৱহাৰ কৰিব লাগে। আপোনাৰ চকুৰ পতাত পাতল ৰঙৰ আইশ্বেডোৰ ওপৰত অধিক টানিবলৈ পাতল ৰঙৰ ওপৰত এটা চিমাৰ ব্যৱহাৰ কৰক৷ য়ে আপোনাৰ চকুহালক অধিক আকৰ্ষণীয় কৰি তুলিব৷
  2. নাকত মেকআপ সানক

চকুৰ মেকআপ অধিক আকৰ্ষনীয় কৰি তুলিবলৈ নাকতো মেকআপ কৰাৰ প্ৰয়োজন আছে৷ তাৰবাবে আপুনি পাতল ৰঙৰ ওপৰত পাছত ডাঠ ৰং প্ৰয়োগ কৰি ত্ৰিমূৰীয়া প্ৰভাৱ সৃষ্টি কৰিব পাৰে। ই চকুবোৰ ডাঙৰ আৰু অঁকা দেখুৱাব।

  1. আইশ্বেডো ব্ৰাছ
    দুটা ৰং একেলগে মিহলি কৰিব ব্যৱহাৰ কৰিব বিচাৰে নেকি? ইয়াৰ বাবে আপুনি কেনেধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰে সেয়া জানি লওক। আপুনি ইউটিউবত থকা কিছুমান ভিডিঅ'ৰ সহায়ত সঠিক ব্ৰাছ নিৰ্বাচন কৰিব পাৰিব। আইশ্বেডো প্ৰয়োগ কৰাৰ আগতে ব্ৰাছটো তিয়াই ৰাখিব লাগে।
    ৫. ৰঙেৰে খেলক
    বিভিন্ন ৰঙৰ সৈতে পৰীক্ষা কৰিবলৈ ভয় নকৰিব। কিন্তু মনত ৰাখিব আপুনি যি প্ৰয়োগ নকৰে কিয়, সেই ৰং ভালদৰে মিলি যাব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ