--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাজ-পোছাক পৰিধানত মহিলাসকল এনেও পুৰুষতকৈ বেছি সচেতন৷ তাতে পূজা বুলিলে নিজক ধুনীয়াকৈ সজাবলৈ উৎসাহী হয় মহিলাসকল৷ দুৰ্গাপূজাত মহিলাসকলে কি পিন্ধিব, কি কৰিব তাকে লৈ বহুদিনৰপৰাই পৰিকল্পনা কৰে৷ বছৰটোৰ আন সময়ত বিভিন্ন ধৰণৰ সময়োপযোগী পোছাক পৰিধান কৰিলেও পূজাৰ সময়ত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰাটো মহিলাসকলৰ বাবে যেন অন্য এক ফেশ্বন।

এইবাৰ পূজাৰ সময়ত, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কাজলক দেখা গ’ল পৰম্পৰাগত পোছাকত৷ কাজলে শাৰী আৰু সোণৰ গহনা পৰিধান কৰি ফটোশ্বুটত ভাগ লোৱাৰ লগতে এইবাৰৰ দুৰ্গাপূজাত কি সাজে মহিলাসকলক শুৱাব তাৰ কিছুমান টিপছো শ্বেয়াৰ কৰিছিল৷ ইতিমধ্যে বহুতো মহিলাই কাজলৰ পোছাকৰ দ্বাৰা প্ৰভাৱিত হৈছে। কাজলে শ্বেয়াৰ কৰা টিপছকেইটা জানো আহক-

১) ‘মেকআপৰ বেছ’ উৎকৃষ্ট মানৰ হ’ব লাগে। এইটোৱে আপোনাৰ মেকআপ ধুনীয়া হোৱাত সহায় কৰিব।
২) মেকআপ উন্নত কৰিবলৈ, আপুনি ইয়াক ছালৰ সৈতে মিলোৱাত বিশেষভাৱে যত্ন লোৱা উচিত।
৩) মুখৰ ৰং ডিঙিৰ ৰঙৰ সৈতে মিলাব লাগে।
৪) ছালত বহু প্ৰকাৰৰ দাগ থাকে। প্ৰয়োজনীয়তা বুজিবলৈ সঠিক স্থানত কনচিলাৰ এটা ব্যৱহাৰ কৰিব।

৫) চকুত ডাঠকৈ কাজল লগালে আকৰ্ষণীয় হৈ পৰে আপোনাৰ চকুহাল৷
৬) আইশ্বেডো মুখৰ মেকআপৰ লগত মিলাই লগালে দেখিবলৈ অধিক আকৰ্ষণীয় হ’ব।
৭) শাৰী বা মেখেলা চাদৰৰ লগত মিলাকৈ গহনা পৰিধান কৰক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?