--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় খাদ্যত ব্যৱহৃত এটি গুৰুত্বপূৰ্ণ খাদ্য হৈছে ৰুটি ৷ আচলতে উত্তৰ ভাৰতত প্ৰায়খিনি মানুহে তাৱাৰ সলনি পোনে পোনে জুইত ৰুটি বনাই ৷ বহু ঠাইত ই তেনেই সাধাৰণ কথা ৷ কিন্তু শেহতীয়াকৈ কৰা গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰত্যক্ষভাৱে জুইত ৰুটি বনালে ই কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে ৷ জানো আহক ইয়াৰ সবিশেষ -

এক অধ্যয়নৰ মতে উচ্চ উষ্ণতাত ৰন্ধা কাৰ্য্যৰ ফলত হেটেৰ’চাইক্লিক এমাইন (HCAs) আৰু পলিচাইক্লিক এৰোমেটিক হাইড্ৰ’কাৰ্বন (PHAs) নিৰ্গমন হয়, যিবোৰক কাৰ্চিনোজেন বুলিও কোৱা হয় ৷ গৱেষণাৰ মতে, গাহৰিৰ মাংস, মাছ আৰু হাঁহ-কুকুৰাকে ধৰি মাংসক কেৰাহীত অধিক উষ্ণতাত ৰন্ধা হয় বা পোনে পোনে জুইত গ্ৰীল কৰা হয় তেতিয়া ইয়াৰ ফলত কাৰ্চিনোজেনিক ৰাসায়নিক পদাৰ্থও উৎপন্ন হয় আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। এক গৱেষণা পত্ৰৰ তথ্য অনুসৰি ৭৯ শতাংশ লোকে হেমবাৰ্গাৰ খায় প্ৰষ্টেট কেন্সাৰত ভুগিব পাৰে প্ৰচুৰ পৰিমাণে ।


দৰাচলতে, ২০১৮ চনত জাৰ্নেল অৱ ফুড ছায়েন্সত প্ৰকাশিত এক অধ্যয়ন অনুসৰি উচ্চ উষ্ণতাত পোনপটীয়াকৈ ৰুটি বা যিকোনো খাদ্য সামগ্ৰী ৰান্ধিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ড৹ জে.এছ. লি, জে.এইচ. কিম, ৱাই.জে. লিয়ে "ৰন্ধা সময়ত খাদ্যত বহুচক্ৰীয় সুগন্ধি হাইড্ৰ'কাৰ্বন (PAH) গঠন" ( প্ৰতিবেদন ) অধ্যয়নত অংশগ্ৰহণ কৰিছিল ৷

কৰ্কট ৰোগৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি?

ৰুটি নজ্বলাব : আপুনি ৰান্ধি থাকোঁতে সদায় লক্ষ্য কৰিব যাতে ৰুটিখন বেছিকৈ জ্বলি নাযায়৷  ৷ বাৰে বাৰে ঘূৰাই থাকিলে আপুনি দেখিব পাৰে যে ই জ্বলি নাযায় ৷ খোৱাৰ আগতে জ্বলি যোৱা ৰুটিৰ ক’লা অংশবোৰ আঁতৰাই পেলোৱাটো ভাল ৷

কমকৈ খাব: যিমান পাৰে জুইত ৰন্ধা ৰুটি কমকৈ খাব ৷

কেৰাহীত ৰুটি বনাব পাৰে : পোনপটীয়াকৈ জুইত ৰুটি বনোৱাতকৈ কেৰাহীত বা তাৱাত বনাওক৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ