--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় তাৰকাসকলৰ ভিতৰত সামান্থা ৰুথ প্ৰভু অন্যতম। অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সময়ত নানা বিষয়ত শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে মানসিক স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰোশনি ট্ৰাষ্ট আৰু ডেল্টা ফাউণ্ডেচনৰ এক অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মানসিক স্বাস্থ্যৰ সৈতে তেওঁ বিগত সময়ত কিদৰে সংগ্ৰাম কৰিছিল সেই বিষয়ে ৰাজহুৱা কৰিছিল।


তেওঁ কৈছিল যে, তেওঁ কেৱল তেওঁৰ পৰামৰ্শদাতা আৰু বন্ধুবৰ্গৰ সহায়তহে তেওঁৰ সমস্যাবোৰ অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছে। এজন ব্যক্তি মানসিকভাৱে বিচলিত হ’লে তেওঁৰ সমস্যা সন্দৰ্ভত সহায় বিচৰাত কোনো অসুবিধা বোধ কৰিব নালাগে বুলি মন্তব্য আগবঢ়াইছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ নিজৰ ক্ষেত্ৰতো পৰামৰ্শদাতা আৰু বন্ধুবৰ্গৰ সহায়ত মানসিক স্বাস্থ্যৰ সমস্যাবোৰ দূৰ কৰিবলৈ সক্ষম হৈছিল বুলি মুকলিকৈ ব্যক্ত কৰিছে।


তদুপৰি, তেওঁ লগতে কয় যে মনোৰোগ বিশেষজ্ঞৰ পৰা সহায় বিচৰাটো স্বাভাৱিক কৰিব লাগিব। “শৰীৰত আঘাত পালে এজন ব্যক্তি যেনেকৈ চিকিৎসকৰ ওচৰলৈ যায়, তেনেকৈ মানসিক সমস্যাত ভুগিলেও এজন ব্যক্তি বিনা দ্বিধাই চিকিৎসকৰ পৰামৰ্শৰ বাবে যোৱা উচিত’- বুলি মন্তব্য কৰে সামান্থা ৰুথ প্ৰভুৱে। তেওঁ লগতে কয় যে, ‘যদি মই মোৰ জীৱনৰ কৃতকাৰ্য হৈছো, তেন্তে এই ফলাফল মই শক্তিশালী হোৱাৰ বাবে নহয়। ইয়াৰ কাৰণ হৈছে মোৰ চাৰিওফালৰ বহুলোকে মোক শক্তিশালী হোৱাত সহায় কৰিছিল।’


আমাৰ সমাজত এতিয়াও এনে বহু লোক আছে যি মানসিক চিকিৎসক বা পৰামৰ্শদাতাৰ ওচৰলৈ যাবলৈ দ্বিধাবোধ কৰে। তেওঁলোকৰ মনত এটা শংকাই অনবৰতে খেদি ফুৰে যে তেওঁ মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱাটো সমাজৰ আন ব্যক্তিয়ে গম পালে তেওঁক হীন চকুৰে চাব। কিন্তু এনে ধাৰণা ভুল। সুস্থ জীৱন-যাপন কৰিবলৈ এজন ব্যক্তিৰ বাবে শাৰীৰিক স্বাস্থ্য যেনেকৈ প্ৰয়োজনীয় সেইদৰে মানসিক স্বাস্থ্যও সমানে প্ৰয়োজনীয়। শৰীৰৰ আঘাত বা আন ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ যেনেকৈ দৰকাৰী, সেইদৰে মানসিক সমস্যাত ভুগিলেও কোনো ব্যক্তিয়ে ততালিকে মানসিক চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে বুলি অনুষ্ঠানত উপস্থিত থাকি দাক্ষিণাত্যৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ