--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় তাৰকাসকলৰ ভিতৰত সামান্থা ৰুথ প্ৰভু অন্যতম। অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সময়ত নানা বিষয়ত শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে মানসিক স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰোশনি ট্ৰাষ্ট আৰু ডেল্টা ফাউণ্ডেচনৰ এক অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মানসিক স্বাস্থ্যৰ সৈতে তেওঁ বিগত সময়ত কিদৰে সংগ্ৰাম কৰিছিল সেই বিষয়ে ৰাজহুৱা কৰিছিল।


তেওঁ কৈছিল যে, তেওঁ কেৱল তেওঁৰ পৰামৰ্শদাতা আৰু বন্ধুবৰ্গৰ সহায়তহে তেওঁৰ সমস্যাবোৰ অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছে। এজন ব্যক্তি মানসিকভাৱে বিচলিত হ’লে তেওঁৰ সমস্যা সন্দৰ্ভত সহায় বিচৰাত কোনো অসুবিধা বোধ কৰিব নালাগে বুলি মন্তব্য আগবঢ়াইছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ নিজৰ ক্ষেত্ৰতো পৰামৰ্শদাতা আৰু বন্ধুবৰ্গৰ সহায়ত মানসিক স্বাস্থ্যৰ সমস্যাবোৰ দূৰ কৰিবলৈ সক্ষম হৈছিল বুলি মুকলিকৈ ব্যক্ত কৰিছে।


তদুপৰি, তেওঁ লগতে কয় যে মনোৰোগ বিশেষজ্ঞৰ পৰা সহায় বিচৰাটো স্বাভাৱিক কৰিব লাগিব। “শৰীৰত আঘাত পালে এজন ব্যক্তি যেনেকৈ চিকিৎসকৰ ওচৰলৈ যায়, তেনেকৈ মানসিক সমস্যাত ভুগিলেও এজন ব্যক্তি বিনা দ্বিধাই চিকিৎসকৰ পৰামৰ্শৰ বাবে যোৱা উচিত’- বুলি মন্তব্য কৰে সামান্থা ৰুথ প্ৰভুৱে। তেওঁ লগতে কয় যে, ‘যদি মই মোৰ জীৱনৰ কৃতকাৰ্য হৈছো, তেন্তে এই ফলাফল মই শক্তিশালী হোৱাৰ বাবে নহয়। ইয়াৰ কাৰণ হৈছে মোৰ চাৰিওফালৰ বহুলোকে মোক শক্তিশালী হোৱাত সহায় কৰিছিল।’


আমাৰ সমাজত এতিয়াও এনে বহু লোক আছে যি মানসিক চিকিৎসক বা পৰামৰ্শদাতাৰ ওচৰলৈ যাবলৈ দ্বিধাবোধ কৰে। তেওঁলোকৰ মনত এটা শংকাই অনবৰতে খেদি ফুৰে যে তেওঁ মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱাটো সমাজৰ আন ব্যক্তিয়ে গম পালে তেওঁক হীন চকুৰে চাব। কিন্তু এনে ধাৰণা ভুল। সুস্থ জীৱন-যাপন কৰিবলৈ এজন ব্যক্তিৰ বাবে শাৰীৰিক স্বাস্থ্য যেনেকৈ প্ৰয়োজনীয় সেইদৰে মানসিক স্বাস্থ্যও সমানে প্ৰয়োজনীয়। শৰীৰৰ আঘাত বা আন ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ যেনেকৈ দৰকাৰী, সেইদৰে মানসিক সমস্যাত ভুগিলেও কোনো ব্যক্তিয়ে ততালিকে মানসিক চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে বুলি অনুষ্ঠানত উপস্থিত থাকি দাক্ষিণাত্যৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ