--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা শাওণ মাহ আৰম্ভ। শাওণ মাহত খোৱা–লোৱাক লৈ শাস্ত্ৰত কিছুমান বিশেষ নিয়মৰ কথা কোৱা হৈছে। এই নিয়ম মানি চলিলে স্বাস্থ্য ভাল হোৱাৰ লগতে মহাদেৱৰ কৃপাদৃষ্টিও লাভ হয়। 

শাওণ মাহ ভগৱান শিৱৰ ভক্তি আৰু মা পাৰ্বতীৰ শক্তিত সমৰ্পিত। এই মাহত পূজা–পাঠৰ সৈতে সম্পৰ্কিত নিয়ম পালন কৰাৰ উপৰি খোৱা–লোৱাটো কিছুমান কথাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। ইয়াৰ আঁৰত ধৰ্মীয় কাৰণো আছে আৰু বৈজ্ঞানিক যুক্তিয়েও ইয়াক সমৰ্থন কৰে। 

শাওণ মাহত শাক কিয় খাব নালাগে

শাস্ত্ৰৰ মতে, শাওণ মাহত শাক খাব নালাগে। কোৱা হয় যে ভগৱান শিৱই প্ৰকৃতিক খুব ভাল পায়। সেয়েহে শাক চিঙি খোৱাটো শুভ বুলি ধৰা নহয়। এনে কৰিলে মহাদেৱ অসন্তুষ্ট হয়। আনহাতে, বৈজ্ঞানিক যুক্তিৰে কোৱা হয় যে শাওণ মাহত শাকত পিত্ত বৃদ্ধি কৰা তত্বৰ মাত্ৰা বাঢ়ি যায়। যিটোৱে পাচনত সমস্যাৰ সৃষ্টি কৰে। আনহাতে, শাওণ মাহত বৰষুণ অধিক হয় আৰু অধিক বৰষুণ হ’লে সেউজীয়া শাকত কীট–পতংগৰ সংখ্যা বাঢ়ি যায়। সেয়েহে খোৱা উচিত নহয়, স্বাস্থ্যৰ সমস্যাও হ’ব পাৰে। সেইবাবে শাওণ মাহত শাক খোৱা উচিত নহয়।

শাওণ মাহত দৈ কিয় খাব নালাগে

শাওণ মাহত বতৰ আৰ্দ্ৰ আৰু ঠাণ্ডা হয়। দৈও ঠাণ্ডা। এনে পৰিস্থিতিত দৈ খালে আপোনাৰ চৰ্দি–জ্বৰৰ সমস্যা হ’ব পাৰে। সেয়েহে অধিক প্ৰয়োজনীয় নহ’লে শাওণ মাহত দৈ ব্যৱহাৰ নকৰিব।

শাওণ মাহত গাখীৰ কিয় খাব নালাগে

শাওণ মাহত গাখীৰ খোৱাও ক্ষতিকাৰক বুলি কোৱা হয়। ইয়াৰ আঁৰতো ধৰ্মী আৰু বৈজ্ঞানিক দুয়োটা কাৰণ আছে। কোৱা হয় যে শাওণ মাহত গৰু বা ম’হে যি খাদ্য খায়, তাৰ সৈতে বিভিন্ন কীট–পতংগ ভক্ষণ কৰে। সেইবাবে গাখীৰত বেক্টেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেইবাবে শাওণ মাহত গাখীৰ নাখালে ভাল।

আমিষ খাদ্য নাখাব

শাওণ মাহত ভুলতো আমিষ আহাৰ আৰু নহৰু, পিঁয়াজ নাখাব। কোৱা হয় যে এই খাদ্যবোৰে শৰীৰত গৰম ভাৱ জগাই আৰু ইয়াৰ ফলত আপোনাৰ মন ভোগ–বাসনাৰ প্ৰতি আকৰ্ষিত হয়। যিটো ভগৱান শিৱৰ ভক্তিত বাধা উৎপন্ন কৰে। সেইবাবে শাওণ মাহত আমিষ খাদ্য আৰু নহৰু–পিঁয়াজ খোৱাৰ পৰা বিৰত থাকক।

নিচাজাতীয় খাদ্য নাখাব

এই মাহ অতি পবিত্ৰ। শাওণ মাহত নিচাজাতীয় খাদ্য খোৱাটো অপৰাধ বুলি গণ্য কৰা হয়। 

বেঙেনা, মূলা নাখাব

শাওণ মাহত বেঙেনা, মূলা খোৱাও নিষিদ্ধ

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ