--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা শাওণ মাহ আৰম্ভ। শাওণ মাহত খোৱা–লোৱাক লৈ শাস্ত্ৰত কিছুমান বিশেষ নিয়মৰ কথা কোৱা হৈছে। এই নিয়ম মানি চলিলে স্বাস্থ্য ভাল হোৱাৰ লগতে মহাদেৱৰ কৃপাদৃষ্টিও লাভ হয়। 

শাওণ মাহ ভগৱান শিৱৰ ভক্তি আৰু মা পাৰ্বতীৰ শক্তিত সমৰ্পিত। এই মাহত পূজা–পাঠৰ সৈতে সম্পৰ্কিত নিয়ম পালন কৰাৰ উপৰি খোৱা–লোৱাটো কিছুমান কথাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। ইয়াৰ আঁৰত ধৰ্মীয় কাৰণো আছে আৰু বৈজ্ঞানিক যুক্তিয়েও ইয়াক সমৰ্থন কৰে। 

শাওণ মাহত শাক কিয় খাব নালাগে

শাস্ত্ৰৰ মতে, শাওণ মাহত শাক খাব নালাগে। কোৱা হয় যে ভগৱান শিৱই প্ৰকৃতিক খুব ভাল পায়। সেয়েহে শাক চিঙি খোৱাটো শুভ বুলি ধৰা নহয়। এনে কৰিলে মহাদেৱ অসন্তুষ্ট হয়। আনহাতে, বৈজ্ঞানিক যুক্তিৰে কোৱা হয় যে শাওণ মাহত শাকত পিত্ত বৃদ্ধি কৰা তত্বৰ মাত্ৰা বাঢ়ি যায়। যিটোৱে পাচনত সমস্যাৰ সৃষ্টি কৰে। আনহাতে, শাওণ মাহত বৰষুণ অধিক হয় আৰু অধিক বৰষুণ হ’লে সেউজীয়া শাকত কীট–পতংগৰ সংখ্যা বাঢ়ি যায়। সেয়েহে খোৱা উচিত নহয়, স্বাস্থ্যৰ সমস্যাও হ’ব পাৰে। সেইবাবে শাওণ মাহত শাক খোৱা উচিত নহয়।

শাওণ মাহত দৈ কিয় খাব নালাগে

শাওণ মাহত বতৰ আৰ্দ্ৰ আৰু ঠাণ্ডা হয়। দৈও ঠাণ্ডা। এনে পৰিস্থিতিত দৈ খালে আপোনাৰ চৰ্দি–জ্বৰৰ সমস্যা হ’ব পাৰে। সেয়েহে অধিক প্ৰয়োজনীয় নহ’লে শাওণ মাহত দৈ ব্যৱহাৰ নকৰিব।

শাওণ মাহত গাখীৰ কিয় খাব নালাগে

শাওণ মাহত গাখীৰ খোৱাও ক্ষতিকাৰক বুলি কোৱা হয়। ইয়াৰ আঁৰতো ধৰ্মী আৰু বৈজ্ঞানিক দুয়োটা কাৰণ আছে। কোৱা হয় যে শাওণ মাহত গৰু বা ম’হে যি খাদ্য খায়, তাৰ সৈতে বিভিন্ন কীট–পতংগ ভক্ষণ কৰে। সেইবাবে গাখীৰত বেক্টেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেইবাবে শাওণ মাহত গাখীৰ নাখালে ভাল।

আমিষ খাদ্য নাখাব

শাওণ মাহত ভুলতো আমিষ আহাৰ আৰু নহৰু, পিঁয়াজ নাখাব। কোৱা হয় যে এই খাদ্যবোৰে শৰীৰত গৰম ভাৱ জগাই আৰু ইয়াৰ ফলত আপোনাৰ মন ভোগ–বাসনাৰ প্ৰতি আকৰ্ষিত হয়। যিটো ভগৱান শিৱৰ ভক্তিত বাধা উৎপন্ন কৰে। সেইবাবে শাওণ মাহত আমিষ খাদ্য আৰু নহৰু–পিঁয়াজ খোৱাৰ পৰা বিৰত থাকক।

নিচাজাতীয় খাদ্য নাখাব

এই মাহ অতি পবিত্ৰ। শাওণ মাহত নিচাজাতীয় খাদ্য খোৱাটো অপৰাধ বুলি গণ্য কৰা হয়। 

বেঙেনা, মূলা নাখাব

শাওণ মাহত বেঙেনা, মূলা খোৱাও নিষিদ্ধ

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান