--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে শৰীৰৰ যিকোনো অংশত তিল থকাৰ নিজস্ব বিশেষ অৰ্থ থাকে। কিন্তু বিজ্ঞানে তিলক অশুভ বুলি গণ্য কৰে। চিকিৎসা বিজ্ঞানৰ মতে ছালত গঢ় লৈ উঠা তিল শৰীৰৰ কিছু অভাৱৰ বাবে হয় যদিও একেটা তিল যদি হঠাতে বাঢ়িবলৈ আৰম্ভ কৰে বা ৰং সলনি হয় তেন্তে কেন্সাৰৰ লক্ষণ দেখা দিব পাৰে।

বয়সৰ লগে লগে প্ৰতিজন ব্যক্তিৰ ছালৰ বিভিন্ন পৰিৱৰ্তন ঘটে। শৰীৰৰ বিভিন্ন স্থানত নতুন তিল ওলাবলৈ আৰম্ভ কৰে। গতিকে আমি ইয়াক লৈ ভাবিবলগীয়া বিশেষ একো নাই যদিও ই হ’ব পাৰে চিন্তাৰ কাৰণ।

* তিল কি?

তিল ব্যক্তিৰ বয়স অনুসৰি ইয়াৰ আকৃতি আৰু ৰং সলনি হয়। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ প্ৰায় ১০ৰ পৰা ৪০টা তিল থাকে। শৰীৰৰ যিকোনো অংশত তিল থাকিব পাৰে। জন্মৰ লগতে ৫০ বছৰ বয়সলৈকে এইবোৰ হৈয়েই থাকে। মূৰ, ভৰি আৰু হাত, ছালত আদি যিকোনো অংশত তিল হ’ব পাৰে।

* শৰীৰত তিল হোৱাৰ কাৰণ কি?

শৰীৰত তিলৰ বহু কাৰণ থাকিব পাৰে। যেনে-সূৰ্যৰ পোহৰত বেছি সময় থকা। ছালত মেলানিন নামৰ ৰঞ্জক পদাৰ্থৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলেহে তিল হয়। এই ৰঞ্জক পদাৰ্থবোৰে ছালত ৰং উৎপন্ন কৰে।

 * আকাৰৰ পৰিৱৰ্তন-

বয়স অনুযায়ী তিলৰ আকাৰ আৰু আকৃতিও বৃদ্ধি পায়। কিন্তু যদি এটা তিল গোটেই বছৰটোৰ ভিতৰত ৬ মাহত ডাঙৰ ৰূপ লয় আৰু লাহে লাহে ডাঙৰ হৈ আহিছে। গতিকে সময় নষ্ট নকৰাকৈ তৎক্ষণাত চিকিৎসকৰ লগত কথা পাতিব লাগে।

* তিলৰ আকৃতি সলনি হৈ আছে

যদি আগতে এটা তিল সৰু বা ঘূৰণীয়া আছিল কিন্তু হঠাতে এই তিলটো বাঢ়ি অহাৰ লগে লগে ই বিপদজনক হোৱাৰ লগতে ই ছালৰ কৰ্কট ৰোগৰ লক্ষণো হ’ব পাৰে।

* ৰঙৰ পৰিৱৰ্তন-

তিলৰ ৰং ক’লা বা বাদামী। কিন্তু লাহে লাহে ইয়াৰ ৰং সলনি হয় আৰু পাছত ৰঙা ৰঙৰ দেখা যায়, তেতিয়া ই ছালৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। তিলৰ ওপৰত পৰ্দাৰ দৰে আৱৰণ থকাটো সম্পূৰ্ণ অস্বাভাৱিক। খোলা ওলোৱাৰ বহু কাৰণ হ’ব পাৰে, কিন্তু আপোনাৰ তিলতো এনে লক্ষণ দেখা পালে তৎক্ষণাত স্বাস্থ্য বিশেষজ্ঞক পৰামৰ্শ গ্ৰহণ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ