--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমকে ধৰি উত্তৰ  ভাৰতত গ্ৰীষ্ম প্ৰবাহে সংহাৰী ৰূপ ধাৰণ কৰিছে। ফলত  হিট ষ্ট্ৰোক, তাপ ক্ৰেম্প, তাপ অৱসাদ, আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় জটিলতাৰ  উদ্ভৱ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে কৈ আহিছে। 

বিশেষজ্ঞৰ মতে  হিট ষ্ট্ৰোক হৈছে এক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা । ইয়াৰ তৎক্ষণাৎ চিকিৎসা অবিহনে গুৰুতৰ পৰিণাম বা মৃত্যুও হ'ব পাৰে। যোৱা কেইদিনমানত, ডায়েৰিয়া, গেষ্ট্ৰোএণ্টেৰাইটিছ, টাইফইড, হিট ষ্ট্ৰোক, আৰু ভাইৰেল জ্বৰৰ ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে। 

গ্ৰীষ্মকালত সুৰক্ষিত থাকিবলৈ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাটো অত্যাৱশ্যকীয়। সঠিকভাৱে পনীয়া বস্তু সেৱন কৰাৰ পৰা পাতল আৰু ঢিলা পোছাক পৰিধান কৰা, সূৰ্যৰ তাপৰ পৰা নিজকে ৰক্ষা কৰা আদি ব্যৱস্থাসমূহ এই সময়ত গ্ৰহণ কৰাটো অতি জৰুৰী। 

বিএলকে-মেক্স চুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ জ্যেষ্ঠ সঞ্চালক  ডাঃ ৰজিন্দৰ কুমাৰ সিংগলে অত্যাধিক গৰমত  সুৰক্ষিত থকাৰ পৰামৰ্শৰ কেতবোৰ আগবঢ়াইছে। 

গৰমৰ অৱসাদ 
ডাঃ সিংগলে ব্যাখ্যা কৰে যে তাপ অৱসাদ হৈছে এক মৃদু তাপ-সম্পৰ্কীয় ৰোগ, যি উষ্ণতা বৃদ্ধিৰ ফলত  হয় ।  যেতিয়া কোনো লোকে পৰ্যাপ্ত পানী বা অন্যান্য  তৰল নাখায় তেতিয়া এনে অৱসাদ হ’ব পাৰে। । গৰমৰ অৱসাদৰ সৰ্বাধিক বিপদাশংকা থকা লোকসকল হৈছে বৃদ্ধ, উচ্চ ৰক্তচাপ থকা লোক, আৰু গৰমত কাম কৰা বা ব্যায়াম কৰা লোক।

 হিট ষ্ট্ৰোক 
ডাঃ সিংগলে কয়  তাপ অৱসাদৰ ফলত হিট ষ্ট্ৰোক হ'ব পাৰে, ই এক গুৰুতৰ তাপ-সম্পৰ্কীয় ৰোগ। হিট ষ্ট্ৰোক হৈছে যেতিয়া শৰীৰৰ তাপমাত্ৰা দ্ৰুততাৰে বৃদ্ধি হয়  আৰু  শৰীৰে নিজকে শীতল কৰিব নোৱাৰে।

এনে অৱস্থাত লগে লগে চিকিৎসা কৰোৱাব লাগে । হিট ষ্ট্ৰোক হৈছে এক চিকিৎসা সম্পৰ্কীয়  জৰুৰীকালীন অৱস্থা। যদি জৰুৰী কালীন চিকিৎসা প্ৰদান কৰা নহয় তেন্তে হিট ষ্ট্ৰোকৰ ফলত মৃত্যু বা স্থায়ী বিকলাঙ্গতা হ'ব পাৰে।

গ্ৰীষ্মকালত গৰমৰ পৰা সুৰক্ষিত থাকিবলৈ কেইটামান  পৰামৰ্শ 
ডাঃ সিংগলে এই গ্ৰীষ্মকালত সুৰক্ষিত থকাৰ কেইটামান পৰামৰ্শ দিছে-

শৰীৰত পানীৰ সমতা বজাই ৰাখক
তাপ প্ৰবাহৰ লগতে প্ৰচণ্ড গৰমৰ সৈতে যুঁজিবলৈ, নিজকে ভালদৰে হাইড্ৰেটেড কৰি ৰখা আৰু শৰীৰৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰা উচিত। খাদ্য তালিকাত পনীয়া খাদ্য অন্তৰ্ভুক্ত কৰাটো অত্যাৱশ্যকীয়। ঘামৰ দ্বাৰা হেৰুওৱা তৰল পূৰণ কৰিবলৈ পৰ্যাপ্ত পানী গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ ।  

সতেজ ফল-মূল, খাদ্য খাওক
সতেজ ফল আৰু পাচলি বাছনি কৰাটো হাইড্ৰেটেড হৈ থকাৰ এক উৎকৃষ্ট উপায়।  কিয়নো সেইবোৰ কেৱল পানীৰ পৰিমাণেৰে সমৃদ্ধ নহয় ,  লগতে অত্যাৱশ্যকীয় পুষ্টিৰেও ভৰা। ভাৰতীয় ৰন্ধনপ্ৰণালীয়ে বিভিন্ন ধৰণৰ খাদ্যবিকল্প প্ৰদান কৰে যিবোৰ গৰমৰ দিনবোৰৰ বাবে আদৰ্শ খাদ্য হ’ব পাৰে। 

ঢিলা পোছাক পিন্ধিব
গ্ৰীষ্মৰ মাহবোৰত জীৱনশৈলীৰ সালসলনি কৰাটো গুৰুত্বপূৰ্ণ। অত্যাধিক ঘাম প্ৰতিহত কৰিবলৈ ঢিলা আৰু পাতল ৰঙৰ পোছাক বাছনি কৰিব। পাতল ৰঙৰ  কাপোৰযেনে হাত বিহীন বা ঢিলা হাতৰ পোছাক।আদিয়ে  বায়ু সঞ্চালনত সহায় কৰে। 

গৰম জাতীয়  পানীয় গ্ৰহণ সীমিত কৰক
চাহ, কফি আৰু সুৰা সেৱন সীমিত কৰক। পাতল আহাৰ বাছনি কৰক আৰু সংসাধিত আৰু নিমখীয়া খাদ্যৰ পৰা আঁতৰি থাকক।

গ্ৰীষ্মকালীন আহাৰ
আপোনাৰ আহাৰত তৰমুজ,  শাক, বাটাৰমিল্ক, আম, নেমু, দৈ, নাৰিকল আৰু পুদিনা আদিৰ দৰে সতেজ খাদ্য অন্তৰ্ভুক্ত কৰক। আনহাতে, পৰাপক্ষত কফি, আচাৰ, চডা, অত্যাধিক ফলৰ ৰস, সুৰা, উচ্চ নিমখ গ্ৰহণ, মিল্কশ্বেক, ভজা খাদ্য আৰু জাংক ফুড পৰিহাৰ কৰক।














FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা