--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত শৰীৰত বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷এই সময়ত আপোনাৰ শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়, নতুবা আপুনি অসুস্থ হৈ পৰিব ৷ যদি আপুনিও আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে আপুনিও আপোনাৰ খাদ্যাভ্যাস কিছু পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয়৷ আপোনাৰ ঘৰতে উপলব্ধ কিছুমান সামগ্ৰীৰ দ্বাৰা কেইবিধমান পানীয় প্ৰস্তুত কৰি খালে শৰীৰৰ বাবে যথেষ্ট লাভদায়ক ৷ এই পানীয়সমূহ কি জানো আহক -

আদা আৰু হালধি দিয়া চাহ - আদা আৰু হালধি দুয়োবিধেই শীতকালত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ নিয়মিতভাৱে আদা আৰু হালধি দিয়া চাহ খালে শৰীৰ গৰম হৈ থাকে ৷ কেৱল এয়াই নহয়, এই প্ৰাকৃতিক পানীয়ৰ সহায়ত আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে ৷

গুড় আৰু জিৰা পানী - শীতকালত শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰাখিবলৈ গুড় আৰু জিৰাৰ পানীত উতলাই চেকি খাব পাৰে ৷ গুড় আৰু জিৰা পানীয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি আপোনাৰ ওজন হ্ৰাস প্ৰক্ৰিয়া সহজ কৰি তুলিব পাৰে ৷ মুঠতে এই প্ৰাকৃতিক পানীয় আপোনাৰ স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে ৷


নেমু আৰু মৌৰ পানী - কুহুমীয়া পানীত নেমু আৰু মৌ মিহলাই খালে আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ শীতকালত নেমু মৌৰ পানী খাবলৈ চিকিৎসকেও পৰামৰ্শ আগবঢ়ায় ৷ ঔষধি গুণেৰে ভৰপূৰ এই পানীয়ই আপোনাৰ আন্ত্ৰিক স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় আপোনাৰ শৰীৰক ভিতৰৰ পৰাও সুস্থ ৰখাত সহায় কৰে ৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ