--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি ঘৰত চাগে বহুবাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে কোৱা শুনিছে যে সূৰ্যাস্তৰ পাছত অৰ্থাৎ সন্ধিয়া সময়ত কিছুমান কাম কৰিব নালাগে। বহু লোকে সেই কথাবোৰ মানি চলে আৰু বহু লোকে অন্ধবিশ্বাস বুলি আওকাণ কৰে। কিন্তু বাস্তৱত সেইবোৰৰ আঁৰত এটা গভীৰ অৰ্থ লুকাই আছে, যিটো উলংঘা কৰাৰ বাবে আমি কেতিয়াবা গুৰুতৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। এই ভুলবোৰৰ কাৰণেই হাঁহি-আনন্দৰে ভৰা পৰিয়ালো শেষ হৈ যায় বুলি জ্যোতিষশাস্ত্ৰই বিশ্বাস কৰে। আজি আমি আপোনালোকক এনেধৰণৰ ৫টা কামৰ বিষয়ে ক’ম, যিবোৰ কেতিয়াও সন্ধিয়া সময়ত কৰিব নালাগে।

১) সন্ধিয়া শুব নালাগেঃ সন্ধিয়া যেতিয়া সূৰ্য্য অস্ত যায়, তেতিয়া ভুলতো শুব নালাগে। শাস্ত্ৰ মতে সেই সময়ত পুৱা আৰু গধূলি দুয়োটা সময়ৰ সংমিশ্ৰণ হয়। এনে সময়ত ভগৱানক স্মৰণ কৰিলে শুভ ফল পোৱা যায়। যিসকলে সন্ধিয়া সময়ত শুই থাকে তেওঁলোকৰ জীৱন নানা সমস্যাই আগুৰি ধৰে। সন্ধিয়া শুই থকা মানুহ ৰোগতো আক্ৰান্ত হয়।

২) সন্ধিয়া কাকো ধাৰ নিদিবঃ সন্ধিয়া কোনেও কাকো নিজৰ বস্তু ধাৰলৈ নিদিব। বিশ্বাস কৰা হয় যে এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়, যাৰ বাবে দৰিদ্ৰতা ঘৰত প্ৰৱেশ কৰিবলৈ বেছি সময় নালাগে।

৩) সন্ধিয়া ঘৰ আন্ধাৰ ৰাখিব নালাগেঃ সূৰ্যাস্তৰ পাছত অপশক্তিৰ প্ৰভাৱ বাঢ়িবলৈ আৰম্ভ কৰে। এনে শক্তিবোৰ আন্ধাৰত অধিক বিপদজনক হৈ পৰে। সূৰ্যাস্তৰ পাছত ঘৰখন কেতিয়াও আন্ধাৰ কৰি ৰাখিব নালাগে। তেনে কৰিলে ঋণাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পাব পাৰে। সন্ধিয়া ঘৰৰ লাইট জ্বলাই প্ৰভুৰ সন্মুখত চাকি জ্বলাই লাগে।

৪) সন্ধিয়া নখ-চুলি কাটিব নালাগেঃ সূৰ্যাস্তৰ পিছত আঙুলিৰ নখ আৰু মূৰৰ চুলি কাটিলে অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে এনে কৰিলে ঘৰত ধন-সম্পত্তিৰ অভাৱ হোৱাৰ লগতে স্বাস্থ্যজনিত সমস্যাইও দেখা দিয়ে। পৰিয়ালত বিসংগতি বাঢ়ি যায়, গতিকে সন্ধিয়া এই কাম পৰিহাৰ কৰা উচিত।

৫) ঘৰলৈ অহা আলহীক খাদ্য খুৱাওকঃ সনাতন সংস্কৃতিত ঘৰলৈ অহা আলহীক ভগৱানৰ মৰ্যাদা দিয়া হয়। কোৱা হয় যে কোনোবাই যদি সন্ধিয়া ঘৰলৈ আহে (তেন্তে তেওঁক কেতিয়াও খালী উভতাই নপঠাব। বিশ্বাস কৰা হয় যে আলহীয়ে যেতিয়া আহাৰ খাই ঘৰৰ পৰা ওলাই যায় তেতিয়া তেওঁ বহুত আশীৰ্বাদ পৰিয়ালটোলৈ এৰি থৈ যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান