--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি ঘৰত চাগে বহুবাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে কোৱা শুনিছে যে সূৰ্যাস্তৰ পাছত অৰ্থাৎ সন্ধিয়া সময়ত কিছুমান কাম কৰিব নালাগে। বহু লোকে সেই কথাবোৰ মানি চলে আৰু বহু লোকে অন্ধবিশ্বাস বুলি আওকাণ কৰে। কিন্তু বাস্তৱত সেইবোৰৰ আঁৰত এটা গভীৰ অৰ্থ লুকাই আছে, যিটো উলংঘা কৰাৰ বাবে আমি কেতিয়াবা গুৰুতৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। এই ভুলবোৰৰ কাৰণেই হাঁহি-আনন্দৰে ভৰা পৰিয়ালো শেষ হৈ যায় বুলি জ্যোতিষশাস্ত্ৰই বিশ্বাস কৰে। আজি আমি আপোনালোকক এনেধৰণৰ ৫টা কামৰ বিষয়ে ক’ম, যিবোৰ কেতিয়াও সন্ধিয়া সময়ত কৰিব নালাগে।

১) সন্ধিয়া শুব নালাগেঃ সন্ধিয়া যেতিয়া সূৰ্য্য অস্ত যায়, তেতিয়া ভুলতো শুব নালাগে। শাস্ত্ৰ মতে সেই সময়ত পুৱা আৰু গধূলি দুয়োটা সময়ৰ সংমিশ্ৰণ হয়। এনে সময়ত ভগৱানক স্মৰণ কৰিলে শুভ ফল পোৱা যায়। যিসকলে সন্ধিয়া সময়ত শুই থাকে তেওঁলোকৰ জীৱন নানা সমস্যাই আগুৰি ধৰে। সন্ধিয়া শুই থকা মানুহ ৰোগতো আক্ৰান্ত হয়।

২) সন্ধিয়া কাকো ধাৰ নিদিবঃ সন্ধিয়া কোনেও কাকো নিজৰ বস্তু ধাৰলৈ নিদিব। বিশ্বাস কৰা হয় যে এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়, যাৰ বাবে দৰিদ্ৰতা ঘৰত প্ৰৱেশ কৰিবলৈ বেছি সময় নালাগে।

৩) সন্ধিয়া ঘৰ আন্ধাৰ ৰাখিব নালাগেঃ সূৰ্যাস্তৰ পাছত অপশক্তিৰ প্ৰভাৱ বাঢ়িবলৈ আৰম্ভ কৰে। এনে শক্তিবোৰ আন্ধাৰত অধিক বিপদজনক হৈ পৰে। সূৰ্যাস্তৰ পাছত ঘৰখন কেতিয়াও আন্ধাৰ কৰি ৰাখিব নালাগে। তেনে কৰিলে ঋণাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পাব পাৰে। সন্ধিয়া ঘৰৰ লাইট জ্বলাই প্ৰভুৰ সন্মুখত চাকি জ্বলাই লাগে।

৪) সন্ধিয়া নখ-চুলি কাটিব নালাগেঃ সূৰ্যাস্তৰ পিছত আঙুলিৰ নখ আৰু মূৰৰ চুলি কাটিলে অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে এনে কৰিলে ঘৰত ধন-সম্পত্তিৰ অভাৱ হোৱাৰ লগতে স্বাস্থ্যজনিত সমস্যাইও দেখা দিয়ে। পৰিয়ালত বিসংগতি বাঢ়ি যায়, গতিকে সন্ধিয়া এই কাম পৰিহাৰ কৰা উচিত।

৫) ঘৰলৈ অহা আলহীক খাদ্য খুৱাওকঃ সনাতন সংস্কৃতিত ঘৰলৈ অহা আলহীক ভগৱানৰ মৰ্যাদা দিয়া হয়। কোৱা হয় যে কোনোবাই যদি সন্ধিয়া ঘৰলৈ আহে (তেন্তে তেওঁক কেতিয়াও খালী উভতাই নপঠাব। বিশ্বাস কৰা হয় যে আলহীয়ে যেতিয়া আহাৰ খাই ঘৰৰ পৰা ওলাই যায় তেতিয়া তেওঁ বহুত আশীৰ্বাদ পৰিয়ালটোলৈ এৰি থৈ যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ