--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাইৰাছজনিত জ্বৰ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা জ্বৰৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাত মানুহে প্ৰায়ে ভুল কৰে। বতৰ পৰিৱৰ্তনৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে প্ৰাপ্তবয়স্ক আৰু শিশু জ্বৰ হ’ব পাৰে। 

ভাইৰাছৰ জ্বৰ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ আপোনাৰ বাবে যথেষ্ট সাধাৰণ যেন লাগিব পাৰে। কিন্তু দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ভাইৰেল জ্বৰ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ মাজত কি পাৰ্থক্য আছে চিকিৎসকৰ পৰা জানো আহক।

ভাইৰেল জ্বৰ কম সময়ৰ বাবে হয়। ভাইৰাছৰ সংক্ৰমণত চৰ্দি আৰু কাহ হ’ব পাৰে বা নহ’বও পাৰে। ভাইৰেল জ্বৰ কোনো অনুসন্ধান নকৰাকৈয়ে নিজাববীয়াকৈ আৰোগ্য লাভ কৰিব পাৰে। আপুনি সংস্পৰ্শলৈ অহা লোকৰ মাজত ভাইৰেল জ্বৰ দ্ৰুতগতিত বিয়পে।

ভাইৰাছজনিত জ্বৰ হ’লে এন্টিবায়টিকৰ প্ৰয়োজন নহয়। ঠাণ্ডা বতৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল ভাইৰাছৰ সংক্ৰমণ হোৱাৰ প্ৰধান কাৰণ বুলি ধৰা হয়। অৱশ্যে কিছুমান ভাইৰেল জ্বৰ বিপদজনক হ’ব পাৰে। ইয়াৰ ভিতৰত ছোৱাইন ফ্লু, ক’ভিড আৰু ডেংগু আদি উল্লেখযোগ্য ৷

বেক্টেৰিয়াৰ সংক্ৰমণ ভাইৰাছৰ জ্বৰৰ তুলনাত বহু বেছি দিন ধৰি থাকে। ইয়াৰ ভিতৰত এটা নিৰ্দিষ্ট অংগৰ লগত জড়িত প্ৰণালীবদ্ধ লক্ষণ, যেনে- ডিঙিৰ বিষ, বুকুৰ বিষ, জণ্ডিচ, প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, মলত তেজ ইত্যাদি।

বেক্টেৰিয়াৰ সংক্ৰমণপৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে এন্টিবায়টিক দিয়া হয়। বেক্টেৰিয়াৰ সংক্ৰমণ বৰ বেছি খৰকৈ বিয়পি নাযায়, ইয়াৰ বিয়পি পৰাৰ সম্ভাৱনা অতি কম। বেছিভাগ বেক্টেৰিয়াৰ সংক্ৰমণ দূষিত পানী খোৱা, দূষিত খাদ্য খোৱা, সংক্ৰমিত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শলৈ অহা বা টিকা নোলোৱাৰ ফলত হ’ব পাৰে। সাধাৰণ বেক্টেৰিয়াৰ সংক্ৰমণৰ ভিতৰত টনচিলাইটিছ, টাইফয়েড জ্বৰ, প্ৰস্ৰাৱৰ সংক্ৰমণ, ইউটিআই ইত্যাদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান