--°C
Loading...
Listen to Article
2 min read
80%
২২ জানুৱাৰী ২০২৫, বুধবাৰ

মেষ ৰাশি : আপুনি নিজৰ পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰক। অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰিব পাৰে ৷ বন্ধুক লগ কৰক ৷ সৰু ভ্ৰমণৰ যোগ আছে । সামাজিক কামত ব্যস্ত থাকিব পাৰে ৷ 


বৃষ ৰাশি : ব্যস্ততাপূৰ্ণ দিন । কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে । আজি আপুনি অধিক মানুহক লগ পাব ৷ জ্ঞান লাভ কৰিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ সামাজিক ক্ৰিয়া-কলাপ প্ৰশংসিত হ’ব। প্ৰিয়জনৰ লগত সুখৰ সময় পাৰ কৰিব ৷

মিথুন ৰাশি : মানসিক আৰু শাৰীৰিকভাৱে সুস্থ থাকিব । আপোনাৰ বন্ধু আৰু প্ৰিয়জনক লগ পাব । আত্মীয়ৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে । অধিক চিন্তা নকৰিব ।সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক। আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব 

কৰ্কট ৰাশি : বন্ধুৰপৰা উপকৃত হ’ব পাৰে । নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব হ’ব পাৰে । আৰ্থিক দিশত শুভ ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে । আনৰ কামত বা বিষয়ত হেতা ওপৰা কৰাৰপৰা দূৰত থাকক। আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে হওক ৷


সিংহ ৰাশি : কোনোৱে আপোনাক সমস্যাত পেলাব । আপোনাৰ মাতৃৰ  পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে । ধৰ্মীয় কাৰ্যত ব্যয় হ’ব । প্ৰিয়জনৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে । বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে । ঘৰুৱা পৰিৱেশ উত্‍সাহপূৰ্ণ হৈ থাকিব ৷


কন্যা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব । দাম্পত্য জীৱনত শুভ । নিজৰ কথা-বতৰা আৰু আচৰণত নিয়ন্ত্ৰণত ৰাখক। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। আধ্যাত্মিক কাৰ্যকলাপৰ যোগ আছে।

তুলা ৰাশি: আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে। কাজিয়া এৰাই চলিবলৈ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক । আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে । সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। 


বৃশ্চিক ৰাশি : আপুনি হয়তো উদ্বিগ্ন হৈ থাকিব পাৰে ৷ মানসিক আৰু শাৰীৰিকভাৱেও ভাগৰুৱা হৈ থাকিব । আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক। অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে । কাৰ্যালয়ত আপুনি উৰ্ধতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰক ৷


ধনু ৰাশি : নতুন পৰিকল্পনা হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব । মধ্যাহ্ন অথবা সন্ধিয়াৰ পিচত পৰিস্থিতি সলনি হ’ব । আৰ্থিক দিশত দুৰ্বল । কোনোবাই আপোনাক মনত আঘাত দিব পাৰে। 


মকৰ ৰাশি : যি পৰিমাণ কঠোৰ পৰিশ্ৰম কৰিব, তাতকৈ কম ফল লাভ কৰিব । আপুনি মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে । দিনটো আপুনি বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব । আজি আপুনি ধৰ্ম আৰু দান কৰক । আৰ্থিক লাভৰ যোগ আছে ।

কুম্ভ ৰাশি :অলপ ক্ষতিকাৰক হ’ব পাৰে ৷ অত্যধিক আৰ্থিক ব্যয় হ’ব পাৰে ৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব পাৰে । বিভ্ৰান্ত মনত দ্বিধা উত্‍পন্ন হ’ব পাৰে ৷ সঠিক সিদ্ধান্ত লওক ৷

মীন ৰাশি : অত্যধিক আবেগিক হৈ নপৰিব । সম্পত্তি আৰু ভূমি সম্বন্ধীয় বিষয় এৰাই চলক । মানসিক অস্থিৰতাত ভুগিব পাৰে, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক । নমনীয় হওক। সন্তানক লৈ দুশ্চিন্তাত ভুগিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান