--°C
Loading...
Listen to Article
2 min read
80%
২২ জানুৱাৰী ২০২৫, বুধবাৰ

মেষ ৰাশি : আপুনি নিজৰ পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰক। অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰিব পাৰে ৷ বন্ধুক লগ কৰক ৷ সৰু ভ্ৰমণৰ যোগ আছে । সামাজিক কামত ব্যস্ত থাকিব পাৰে ৷ 


বৃষ ৰাশি : ব্যস্ততাপূৰ্ণ দিন । কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে । আজি আপুনি অধিক মানুহক লগ পাব ৷ জ্ঞান লাভ কৰিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ সামাজিক ক্ৰিয়া-কলাপ প্ৰশংসিত হ’ব। প্ৰিয়জনৰ লগত সুখৰ সময় পাৰ কৰিব ৷

মিথুন ৰাশি : মানসিক আৰু শাৰীৰিকভাৱে সুস্থ থাকিব । আপোনাৰ বন্ধু আৰু প্ৰিয়জনক লগ পাব । আত্মীয়ৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে । অধিক চিন্তা নকৰিব ।সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক। আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব 

কৰ্কট ৰাশি : বন্ধুৰপৰা উপকৃত হ’ব পাৰে । নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব হ’ব পাৰে । আৰ্থিক দিশত শুভ ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে । আনৰ কামত বা বিষয়ত হেতা ওপৰা কৰাৰপৰা দূৰত থাকক। আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে হওক ৷


সিংহ ৰাশি : কোনোৱে আপোনাক সমস্যাত পেলাব । আপোনাৰ মাতৃৰ  পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে । ধৰ্মীয় কাৰ্যত ব্যয় হ’ব । প্ৰিয়জনৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে । বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে । ঘৰুৱা পৰিৱেশ উত্‍সাহপূৰ্ণ হৈ থাকিব ৷


কন্যা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব । দাম্পত্য জীৱনত শুভ । নিজৰ কথা-বতৰা আৰু আচৰণত নিয়ন্ত্ৰণত ৰাখক। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। আধ্যাত্মিক কাৰ্যকলাপৰ যোগ আছে।

তুলা ৰাশি: আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে। কাজিয়া এৰাই চলিবলৈ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক । আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে । সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। 


বৃশ্চিক ৰাশি : আপুনি হয়তো উদ্বিগ্ন হৈ থাকিব পাৰে ৷ মানসিক আৰু শাৰীৰিকভাৱেও ভাগৰুৱা হৈ থাকিব । আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক। অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে । কাৰ্যালয়ত আপুনি উৰ্ধতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰক ৷


ধনু ৰাশি : নতুন পৰিকল্পনা হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব । মধ্যাহ্ন অথবা সন্ধিয়াৰ পিচত পৰিস্থিতি সলনি হ’ব । আৰ্থিক দিশত দুৰ্বল । কোনোবাই আপোনাক মনত আঘাত দিব পাৰে। 


মকৰ ৰাশি : যি পৰিমাণ কঠোৰ পৰিশ্ৰম কৰিব, তাতকৈ কম ফল লাভ কৰিব । আপুনি মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে । দিনটো আপুনি বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব । আজি আপুনি ধৰ্ম আৰু দান কৰক । আৰ্থিক লাভৰ যোগ আছে ।

কুম্ভ ৰাশি :অলপ ক্ষতিকাৰক হ’ব পাৰে ৷ অত্যধিক আৰ্থিক ব্যয় হ’ব পাৰে ৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব পাৰে । বিভ্ৰান্ত মনত দ্বিধা উত্‍পন্ন হ’ব পাৰে ৷ সঠিক সিদ্ধান্ত লওক ৷

মীন ৰাশি : অত্যধিক আবেগিক হৈ নপৰিব । সম্পত্তি আৰু ভূমি সম্বন্ধীয় বিষয় এৰাই চলক । মানসিক অস্থিৰতাত ভুগিব পাৰে, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক । নমনীয় হওক। সন্তানক লৈ দুশ্চিন্তাত ভুগিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ