--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰত এখন গ্রীষ্মমণ্ডলীয় দেশ, য'ত বছৰটোত বেছি সময় ৰ'দ আৰু গৰম থাকে৷ ইয়াৰ পাছতো ভাৰতীয়ৰ মাজত ভিটামিন-ডিৰ অভাৱ দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০২৪ চনত চাইন্টিফিক ৰিপ’ৰ্টছ নামৰ আলোচনীখনত প্ৰকাশিত এক তথ্য অনুসৰি দক্ষিণ ভাৰতৰ চহৰ অঞ্চলত প্ৰাপ্তবয়স্ক লোকৰ মাজত ভিটামিন-ডিৰ অভাৱ সাধাৰণ কথা হৈ পৰিছে। উত্তৰ ভাৰতৰ আন এক অধ্যয়নতো দেখা গৈছে যে ৫০ বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্কৰ ৯১.২ শতাংশ লোকৰ ভিটামিন-ডিৰ গুৰুতৰ অভাৱ দেখা গৈছে। ২০২৩ চনত টাটা ১ এমজি লেবছে কৰা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছিল যে প্ৰতি তিনিজন ভাৰতীয়ৰ ভিতৰত এজনে ভিটামিন-ডিৰ অভাৱত ভোগে। এই সংখ্যা ২৫ বছৰৰ তলৰ যুৱ সমাজৰ ৮৪ শতাংশ হোৱাৰ বিপৰীতে ২৫-৪০ বছৰ বয়সৰ সংখ্যা হ'ল ৮১ শতাংশ।


ভিটামিন-ডি অভাৱৰ অন্যান্য কাৰণ-

*চিকিৎসকৰ মতে, চহৰ অঞ্চলৰ লোকসকলে বেছিভাগ সময় ঘৰ বা কাৰ্যালয়ৰ ভিতৰতে সময় পাৰ কৰে, যাৰ বাবে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ পোহৰ লাভ নকৰে। ইয়াৰ উপৰি শৰীৰ ঢাকি ৰখা কাপোৰ পিন্ধাটো ভাৰতীয় সংস্কৃতিক পৰম্পৰা হোৱাৰ বাবেও সূৰ্যৰ পোহৰৰ লগত সংস্পৰ্শ হ্ৰাস কৰে।

* ৰ'দৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা পাবলৈ ছানস্ক্ৰীণৰ অত্যধিক ব্যৱহাৰ আৰু প্ৰদূষণো ভিটামিন-ডিৰ অভাৱৰ প্ৰধান কাৰণ। ধূলি আৰু ধোঁৱাই ছালত ভিটামিন-ডি গঠনৰ বাবে প্ৰয়োজনীয় সূৰ্যৰ পোহৰৰ UVB ৰশ্মি বন্ধ কৰি দিয়ে।

* ভাৰতীয় লোকৰ ছালত মেলানিনৰ মাত্ৰা অত্যধিক হয়, যাৰ বাবে পাতল ছালৰ লোকতকৈ বেছি সময় ৰ'দৰ সংস্পৰ্শত থাকে। ইয়াৰ উপৰি ভাৰতীয় খাদ্যত ভিটামিন-ডিসমৃদ্ধ খাদ্য, যেনে-মাছ, কণীৰ কুহুম আৰু শক্তিশালী দুগ্ধজাত সামগ্ৰীৰ অভাৱ দেখিবলৈ পোৱা যায়।


ভিটামিন-ডি কিয় গুৰুত্বপূৰ্ণ?

হাড় আৰু দাঁত মজবুত কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু স্বাস্থ্য বৃদ্ধিৰ বাবে ভিটামিন-ডি অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱত ভাগৰুৱা, গাঁঠিৰ বিষ, সঘনাই অসুস্থ হোৱা আৰু মানসিক অশান্তি আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। দীৰ্ঘদিন ধৰি ভিটামিন-ডিৰ অভাৱৰ ফলত ডায়েবেটিছ, কেন্সাৰ, ৰিকেট আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।


সহজ সমাধান-

* পুৱা ৮ বজাৰ পৰা ১১ বজাৰ ভিতৰত ১৫-৩০ মিনিট সময় ৰ'দত কটাব লাগে।

* ভিটামিন-ডিসমৃদ্ধ খাদ্য যেনে-ছালমন, মেকেৰেল আৰু ফৰ্টিফাইড শস্য আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

* চিকিৎসকৰ পৰামৰ্শ মতে ভিটামিন-ডিৰ পৰিপূৰক গ্ৰহণ কৰক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ