--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি লক্ষ্মী পূজা। লক্ষ্মী দেৱীৰ আশীৰ্বাদ প্ৰাপ্ত হ'লে মানুহ সোনকালেই ধন, ঐশ্বৰ্য, বৈভৱৰ গৰাকী হয় বুলি বিশ্বাস কৰা হয়। হিন্দু ধর্মৰ মতে লক্ষ্মী দেৱীৰ কৃপাত মানুহৰ জীৱনত অভাৱ-অনাটন, শোক সন্তাপ, অপায়-অমংগল দূৰ হয় আৰু সুখ-শান্তিৰে উপচি পৰে। লক্ষ্মী দেৱীৰ আশীৰ্বাদত ভিক্ষাৰীও ৰজা হয়, ৰজাও ভিক্ষাৰী হয়। জ্যোতিষ শাস্ত্ৰত লিখা অনুসৰি কিছুমান কাম কৰাৰ পৰা মানুহ বিৰত থাকিব লাগে নহ'লে মা লক্ষ্মী ৰুষ্ট হয় আৰু চিৰদিনৰ পৰা সেই ঘৰখনৰ পৰা আঁতৰি যায়। বহু মানুহে জানি-নাজানি এই ভুল কৰে, যাৰ ফলত মা লক্ষ্মী অসন্তুষ্ট হৈ উঠে। আহকচোন জানো সেই ভুলৰ বিষয়ে। যাতে আমি সেই কথাত ধ্যান ৰাখিব পাৰো আৰু আজীৱন দেৱী লক্ষ্মীৰ কৃপাদৃষ্টি লাভ কৰিব পাৰোঁ।

১)জুঠা বাচন-বৰ্তন কেতিয়াও পেলাই নথ'ব

জুঠা বাচন-বৰ্তন পেলাই থলে লক্ষ্মী দেৱীৰ কোপদৃষ্টি পৰে। বহু মানুহে ৰাতিৰ আহাৰ খোৱা বাচন-বৰ্তন পিছদিনা পুৱা ধুবলৈ পেলায় থয়। এনেকুৱা কাম ভুলতো নকৰিব। এনে ঘৰত মা লক্ষ্মী প্ৰৱেশ কৰিলেও অতি সোনকালেই আঁতৰি যায়।

২)ঘৰৰ উত্তৰ দিশত নাৰাখিব অলাগতীয়াল সামগ্ৰী

বাস্তু শাস্ত্ৰ অনুযায়ী ঘৰৰ উত্তৰ দিশত মা লক্ষ্মী আৰু কুবেৰে বাস কৰে। এই স্থানক মাতৃ স্থান বুলিও অভিহিত কৰা হৈছে। সেয়েহে উত্তৰ দিশত কেতিয়াও অলাগতীয়াল সামগ্ৰী বা জাবৰ-জোঁথৰ, পেলনীয়া সামগ্ৰী ৰাখিব নালাগে। ধ্যান ৰাখিব লাগে যাতে এই দিশ সদায় পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থাকে। ঘৰৰ উত্তৰ দিশ লেতেৰা হৈ থাকিলে দেৱী লক্ষ্মী আৰু কুবেৰ গুচি যায়, ফলত ঘৰখনত অভাৱ-অনাটনে দেখা দিয়ে।

৩) পাকঘৰ সদায় পৰিস্কাৰকৈ ৰাখক

হিন্দুশাস্ত্ৰত পাকঘৰক মন্দিৰৰ পিছতেই স্থান দিয়া হৈছে। সেয়েহে এই কথাত ধ্যান ৰাখিব লাগে যাতে পাকঘৰ সদায় পৰিস্কাৰ হৈ থাকে। চৌকা বা গেছ বাৰ্ণাৰৰ ওচৰত কেতিয়াও খালী বাচন থব নালাগেে। জুঠা বাচন একেবাৰেই নিষিদ্ধ। খালী বাচন ওপৰমুৱাকৈ কেতিয়াও ৰাখিব নালাগে, নহ’লে মা লক্ষ্মী ৰুষ্ট হয় আৰু ঘৰখনক দৰিদ্ৰতাই আগুৰি ধৰে।

৪) সূৰ্যাস্তৰ পিছত কেতিয়াও ঘৰ ঝাড়ু নিদিব

সূৰ্যাস্তৰ পিছত ঘৰত কেতিয়াও ঝাড়ু দিব নালাগে। সূৰ্যাস্তৰ পিছত ঘৰ সাৰিলে দেৱী লক্ষ্মীৰ তীব্ৰ খং উঠে আৰু ঘৰ এৰি গুচি যায়। গতিকে সেই সময়ত কিবা লেতেৰা দেখিলেও তেনেকৈয়ে ৰাখক। পিছদিনা পুৱাই সাৰি-মচি চফা কৰি পেলাব।

৫) গধূলি সময়ত শুব নালাগে

গধূলি সময়ত শুই থাকিলে বা এনে হ’লেও বিচনাত পৰি থাকিলে লক্ষ্মী দেৱী অসন্তুষ্ট হয়। গধূলি সময়ত মানুহে গোঁসাইঘৰত ধূপ-চাকি জ্বলায়, কোনোৱে প্ৰাৰ্থনাও কৰে গতিকে এনে শুভ মুহুৰ্তত কোনো লোক বিচনাত শুই থাকিলে দেৱী লক্ষ্মীয়ে ঘৰ এৰি গুচি যায় আৰু যিমান আৰাধনা কৰিলেও সেইখন ঘৰলৈ ঘূৰি নাহে।

আৰু পঢ়কঃ আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা, মা লক্ষ্মীৰ আৰাধনাত ব্যস্ত ভক্তপ্ৰাণ লোক

৬) কাজিয়া সৃষ্টি কৰাৰ পৰা বিৰত থাকক

কোৱা হয় যিখন ঘৰত শান্ত আৰু সুস্থ পৰিৱেশে বিৰাজ কৰে সেইখন ঘৰতহে দেৱী লক্ষ্মীয়ে বাস কৰে। মানুহৰ খং-ৰাগ থকাটো স্বাভাৱিক কিন্তু এটা কথালৈ লক্ষ্য ৰাখিব লাগে যাতে বিনা কাৰণত ঘৰখনত কেতিয়াও কাজিয়াৰ সৃষ্টি নহয়। অনবৰতে খেচখেচাই থকা, গালি-শপনি পাৰি থকা বা যিকোনো কথাক লৈ পৰিয়ালৰ সদস্যই ইজনে সিজনৰ লগত তৰ্ক কৰি থকা ঘৰত মা লক্ষ্মীয়ে বাস নকৰে। কিবা সমস্যা হ’লে বা কোনো কথাৰ মত নিমিলেলে সেয়া সুস্থ আলোচনাৰে সমাধান কৰা উচিত তেতিয়াহে লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ