--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • স্থানীয় লোকৰ পৰিৱৰ্তে মছজিদৰ গুৰু দায়িত্ব লৈছে সন্দেহযুক্ত লোকে।' এই মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালে।

ডিজিটেল ডেস্ক : 'অসমত ৯০ শতাংশ মছজিদৰ ইমাম আৰু মোৱাজ্জিন 'অচিনাকি মানুহ'। স্থানীয় লোকৰ পৰিৱৰ্তে মছজিদৰ গুৰু দায়িত্ব লৈছে সন্দেহযুক্ত লোকে।' এই মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালে।


মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জমিয়ত উলেমাই ব্যৱস্থা ল'ব লাগে বুলি দাবী উত্থাপন কৰাৰ সময়তে শনিবাৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয়, অসমত ত্রিশ হাজাৰ মছজিদ আছে। উক্ত মছজিদবোৰত থকা ৯০ শতাংশ ইমানেই স্থানীয় নহয়। জনগোষ্ঠীয় পৰিচয়ৰ পৰিৱৰ্তে অসমৰ মুছলমানসকলক ধর্মীয় পৰিচয় দিয়াৰ বাবে একাংশই ষড়যন্ত্র চলাই আছে বুলি উল্লেখ কৰি তেওঁ মছজিদত অচিনাকি লোকক দায়িত্ব দিয়াৰ পৰা আঁতৰি থকাৰ লগতে অচিনাকি লোকসকলক গাঁও-নগৰ আদিত আশ্রয় দিয়াৰ পৰা বিৰত থাকিবলৈকো সকলোকে অনুৰোধ জনায়।


তেওঁ স্পষ্টভাৱে কয়, জমিয়তকে ধৰি অসমত থকা বহু মুছলমানৰ সংগঠনক অচিনাকি লোকেহে নেতৃত্ব দি আছে। অসমৰ স্থানীয় মুছলমান লোকসকলক নেতৃত্ব দিবলৈ দিয়া নহয়। এয়া অত্যন্ত গুৰুতৰ বিষয়। ইফালে এন আৰ চিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, অসমৰ জাতীয় জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ সকলো খিলঞ্জীয়া লোকৰ আকাংক্ষিত বিষয় হ'ল এখন শুদ্ধ এন আৰ চি।


উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত এন আৰ চিখনত বক্র পথেৰে বহু অনাকাংক্ষিত অচিনাকি লোকৰ নাম অন্তর্ভুক্ত হৈছিল। যাৰ বাবে অসমৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগতে বিজেপিয়েও এখন শুদ্ধ এন আৰ চিৰ পোষকতা কৰি আহিছে। প্রকাশিত এন আৰ চিখনৰ দ্বাৰা বহু বাংলাদেশী বিদেশীৰ অসমত নিগাজীকৈ থকাৰ পথ প্রশস্ত হৈছিল। এনে পৰিস্থিতিত উক্ত এন আৰ চিৰ পুনৰীক্ষণৰ দাবীৰে উচ্চতম ন্যায়ালয়ত হিতেশ দেৱশৰ্মাই দাখিল কৰা আৱেদনখনক বিজেপিয়ে আদৰণি জনাইছে। এনে আৱেদন দাখিল কৰাৰ বাবে তেওঁ দেৱশৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে বিজেপিয়ে অসম-বাংলা সীমান্তৱৰ্তী অঞ্চল ধুবুৰী, মানকাচৰ, গোৱালপাৰা তথা বৰাক উপত্যকাৰ জিলাসমূহৰ ২০ শতাংশ আৰু বাকী বৰপেটা, দৰং, মৰিগাঁও, নগাঁও আদি জিলাৰ ১০ শতাংশ পুনৰীক্ষণৰ দাবী উত্থাপন কৰিছিল। সুদীর্ঘ ৬ বছৰকাল অসমত হোৱা অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমে বিদেশী বিতাৰণৰ এক ভিত্তিবর্ষ লাভ কৰিছিল যদিও এচাম অসম বিৰোধী ব্যক্তিৰ ছত্ৰছায়াত অচিনাকি মানুহৰ দ্বাৰা অসমৰ সত্ৰৰ ভূমি, বনাঞ্চল বেদখল আদিৰ যোগেৰে বিভিন্ন অঞ্চলত খিলঞ্জীয়াৰ প্রভুত্ব হ্রাস কৰাৰ পৰিকল্পিত ষড়যন্ত্র চলি আহিছে। ১৯৯৩ চনত তদানীন্তন কংগ্রেছ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াই বিধানসভাত অসমত ৩০ লাখতকৈ অধিক বিদেশী বাংলাদেশী আছিল বুলি উল্লেখ কৰোঁতে জমিয়ত উলেমাই অসম চৰকাৰ বগৰাই দিয়াৰ ধমকি প্রদান কৰাৰ লগে লগে হিতেশ্বৰ শইকীয়াই নিজৰ বক্তব্য সলাইছিল। ফলত লাখ লাখ বাংলাদেশী মুছলমান অসমত সংস্থাপিত হোৱাৰ পথ প্রশস্ত হৈছিল। এতিয়া এই অচিনাকি লোকসকলৰ দালাল সংগঠন জমিয়ত উলেমা হিন্দে পুনৰ কংগ্ৰেছ নেতৃত্বৰ সহযোগত দিল্লীত সভা অনুষ্ঠিত কৰি অসমৰ শান্তি-শৃংখলা বিঘ্নিত কৰাৰ কূট-কৌশল ৰচনা কৰি অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী গোচৰ তৰাৰ ষড়যন্ত্ৰ ৰচিছে।


সংবাদমেলখনত মুখপাত্ৰগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্রী ড° শর্মাই খিলঞ্জীয়া ৰাইজৰ সহযোগত আইনগতভাৱে বেদখলকাৰীক উচ্ছেদ কৰিছে। মাত্ৰ কেইটামান বছৰত প্রায় ১,৫০,০০০ বিঘা ভূমিত উচ্ছেদ কৰিবলৈ সক্ষম হোৱা ড° শৰ্মাৰ চৰকাৰে অসমৰ ভূমি ৰক্ষাৰ বাবে যি অহোপুৰুষাৰ্থ কৰিছে, তাত অসমক ভাল পোৱা প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ সমৰ্থন আছে আৰু থাকিব। ইফালে কংগ্ৰেছৰ অভাৰ গ্ৰাউণ্ড মুছলমান সংগঠনৰূপে জমিয়তে কাম কৰি অহা দৃষ্টিগোচৰ হৈছে বুলি জনাই তেওঁ কয়- 'এন আৰ চি হ'লে অসম ৰক্তাক্ত হ'ব বুলি ধমকি দিয়া মাদানিয়ে এইবাৰ মাটি বেদখলকাৰী আৰু কংগ্ৰেছক উদ্ধাৰৰ বাবে নামি পৰিছে। যেনেদৰে লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিছিল, ঠিক তেনেদৰে ড° শৰ্মাৰ নেতৃত্বত অসমে জমিয়ত আৰু কংগ্ৰেছী মোগলক পৰাস্ত কৰিবই। তেওঁৰ মতে- কংগ্রেছ তথা কংগ্ৰেছৰ সহযোগীসকলে জমিয়ত উলেমা হিন্দৰ সহযোগত অসমত অশান্তিৰ বাতাৱৰণ সৃষ্টিত লিপ্ত হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক