--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাই ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰিব বুলি বুধবাৰে ট্রাম্পে ঘোষণা কৰে। ট্রাম্পে জনোৱা মতে, অহা ১ আগষ্টৰ পৰা ভাৰতীয় সামগ্ৰীত এই শুল্ক আৰোপ কৰা হ'ব।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ সামগ্ৰীত শুল্ক আৰোপ কৰাৰ বিষয়ে একপক্ষীয়ভাবে আজি এক ঘোষণা কৰে।


আমেৰিকাই ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰিব বুলি বুধবাৰে ট্রাম্পে ঘোষণা কৰে। ট্রাম্পে জনোৱা মতে, অহা ১ আগষ্টৰ পৰা ভাৰতীয় সামগ্ৰীত এই শুল্ক আৰোপ কৰা হ'ব।


উল্লেখযোগ্য যে ভাৰতে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি কৰাৰ চেষ্টা কৰি আছিল, কিন্তু কোনো কাৰণত চুক্তিক চূড়ান্ত ৰূপ দিব পৰা নগ'ল। ভাৰতৰ বিৰুদ্ধে অধিক হাৰত শুল্ক আৰোপৰ অন্যতম কাৰণ ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু অস্ত্ৰ ক্ৰয় কৰাটো।


ট্রাম্পে কয় যে ভাৰতে ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ ক্ৰয় কৰি আছে, সেয়েহে এই ব্যৱস্থা গ্ৰহণৰ প্রয়োজন হ'ল। ভাৰতে আমেৰিকাৰ সামগ্ৰীত অত্যধিক হাৰত কৰ আৰোপ কৰে বুলি ট্রাম্পে অভিযোগ কৰে। তেওঁ 'টুথ ছচিয়েল'ত দিয়া এটা প'ষ্টত কয়, 'মনত ৰাখিব, ভাৰত আমাৰ বন্ধু। কিন্তু বহু বছৰ আমি তেওঁলোকৰ সৈতে কম ব্যৱসায় কৰি আহিছোঁ, কিয়নো তেওঁলোকৰ শুল্ক অতি বেছি, বিশ্বৰ ভিতৰতে আটাইতকৈ অধিক। ভাৰতৰ ভালেমান নীতি এনেকুৱা যে আমেৰিকাৰ কোম্পানীৰ বাবে ব্যৱসায় কৰাত সমস্যাৰ সৃষ্টি কৰে। ভাৰতৰ সৈতে আন যিকোনো দেশৰ তুলনাত আটাইতকৈ বেছি আৰু বেয়া অ-মৌদ্রিক বাণিজ্যিক বাধা আছে। 'ইয়াৰ অৰ্থ হ'ল ভাৰতৰ সৈতে বাণিজ্য কৰাটো অতি কঠিন। ট্রাম্পে প'ষ্টটোত কয়, 'তেওঁলোকে (ভাৰতে) সদায় ৰাছিয়াৰ পৰা অধিকাংশ সামৰিক সঁজুলি তথা অস্ত্ৰ ক্ৰয় কৰে।


চীনৰ সৈতে ভাৰত ৰাছিয়াৰ সৰ্ববৃহৎ শক্তি ক্রেতা আৰু সেয়া এনেকুৱা সময়ত হৈছে, যিটো সময়ত সকলোৱে ৰাছিয়াই ইউক্রেইনক হত্যা কৰাটো বন্ধ কৰাটো বিচাৰিছে। এইবিলাক ভাল কথা নহয়। সেয়েহে ভাৰতে ১ আগষ্টৰ পৰা ২৫% হাৰত শুল্ক দিব লাগিব। ইয়াৰ লগতে জৰিমনাও দিব লাগিব। এই বিষয়টোত গুৰুত্ব দিয়াৰ বাবে ধন্যবাদ। মাগা (এম এ জি এ)।' মাগাৰ অৰ্থ হ'ল আমেৰিকাক পুনৰ মহান কৰি তোলা। আমেৰিকাৰ বাণিজ্য সচিব হাভার্ড লুটনিকে কয় যে বিভিন্ন দেশৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ট্রাম্পৰ সমানুপাতিক শুল্ক অকনো পলম নকৰাকৈ ১ আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব। তেওঁ কয় যে ইয়াক কোনো ধৰণৰ ৰেহাই দিয়া নহ'ব বা কোনো ধৰণৰ সময়সীমা বৃদ্ধি কৰা নহ'ব। ১ আগষ্টৰ পৰা শুল্ক কাৰ্যকৰী হোৱাটো নিশ্চিত। সীমা শুল্ক বিভাগে ১ আগষ্টৰ পৰা শুল্ক আদায় কৰাৰ কাম আৰম্ভ কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু আমেৰিকাৰ বাণিজ্য চুক্তিক লৈ আলোচনা চলি আছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক