--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ১ আগষ্টৰ পৰা ইউ পি আইৰ নিয়মত বহু পৰিৱৰ্তন হ’ব

ডিজিটেল ডেস্কঃ PhonePe, GPay, Paytm আৰু অন্যান্য UPI এপ ব্যৱহাৰ কৰি অনলাইন পেমেণ্ট কৰা লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকক জনাও যে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে ঘোষণা কৰিছে যে অহা ১ আগষ্টৰ পৰা ইউ পি আইৰ নিয়মত বহু পৰিৱৰ্তন হ’ব


বাৰে বাৰে বেলেঞ্চ কৰিব নোৱাৰিব পৰীক্ষা


এতিয়া ব্যৱহাৰকাৰীয়ে প্ৰতিটো ইউপিআই এপত দৈনিক সৰ্বাধিক ৫০ বাৰ একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উদ্দেশ্য হৈছে অত্যধিক এপিআই অনুৰোধ হ্ৰাস কৰা। সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে এই সীমা যথেষ্ট। কিন্তু যিসকলে কিছুমান সৰু ব্যৱসায় কৰে, যাৰ বাবে তেওঁলোকে সঘনাই বেলেন্স চেক কৰিব লাগে। তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে।


অটো পেমেণ্টৰ ক্ষেত্ৰতো সময়সীমা থাকিব


বহু ব্যৱহাৰকাৰীয়ে নিজৰ পেমেণ্ট অটো মোডত ৰাখে। এয়াও এতিয়া এটা নিৰ্দিষ্ট সময়ত হ’ব। সকলো অটো পে সেৱাৰ বাবে অনুমোদন আৰু ডেবিট প্ৰচেছিং কেৱল নন-পিক সময়তহে সম্ভৱ হ’ব। পুৱা ১০ বজাৰ পৰা ১ বজালৈ আৰু ৫ বজাৰ পৰা ৯:৩০ বজালৈ পীক আৱাৰ হিচাপে গণ্য কৰা হ’ব। এই সময়ত এই সীমা প্ৰযোজ্য হ’ব। এই সময়ছোৱাত, গ্ৰাহকসকলে সঘনাই ব্যৱহাৰ কৰা সেৱাসমূহৰ ওপৰত সীমা আৰু নিষেধাজ্ঞা থাকিব।


মাত্ৰ ৩ বাৰহে পেমেণ্টৰ অৱস্থা পৰীক্ষা কৰিব পাৰিব


এতিয়া ব্যৱহাৰকাৰীয়ে কোনো লেনদেনৰ ক্ষেত্ৰত দিনটোত মাত্ৰ ৩ বাৰহে পেমেণ্টৰ অৱস্থা পৰীক্ষা কৰিব পাৰিব। লগতে এই ৩টা প্ৰচেষ্টাত কমেও ৯০ ছেকেণ্ডৰ ব্যৱধান থাকিব লাগিব।


লিংক বেংক একাউণ্টৰ চেক লিমিট


এতিয়া সকলো ব্যৱহাৰকাৰীয়ে নিজৰ ফোন নম্বৰৰ সৈতে লিংক কৰা বেংক একাউণ্ট যিকোনো এটা এপত দিনটোত সৰ্বাধিক ২৫ বাৰহে পৰীক্ষা কৰিব পাৰিব।


কিয় এই উন্নতিসমূহ কাৰ্যকৰী কৰা হৈছে?


প্ৰতিমাহে প্ৰায় ১৬ বিলিয়ন ইউপিআই লেনদেনৰ বাবে ব্যৱস্থাটোৰ ওপৰত চাপ বাঢ়িছে। এপ্ৰিল আৰু মে’ মাহত ব্যৱহাৰকাৰীসকলে ইউপিআই সেৱাত বহু সমস্যাৰ সন্মুখীন হৈছিল। এনপিচিআইৰ মতে, এই সমস্যাসমূহৰ এটা বৃহৎ অংশ সঘনাই এপিআই অনুৰোধৰ ফলত হোৱা অত্যধিক ট্ৰেফিকত উদ্ভৱ হয়। সঘনাই কাৰ্য্যকলাপে ইউপিআই আন্তঃগাঁথনিৰ ওপৰত অপ্ৰয়োজনীয় বোজা দিয়ে, যাৰ বাবে কঠোৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন