--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ১ আগষ্টৰ পৰা ইউ পি আইৰ নিয়মত বহু পৰিৱৰ্তন হ’ব

ডিজিটেল ডেস্কঃ PhonePe, GPay, Paytm আৰু অন্যান্য UPI এপ ব্যৱহাৰ কৰি অনলাইন পেমেণ্ট কৰা লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকক জনাও যে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে ঘোষণা কৰিছে যে অহা ১ আগষ্টৰ পৰা ইউ পি আইৰ নিয়মত বহু পৰিৱৰ্তন হ’ব


বাৰে বাৰে বেলেঞ্চ কৰিব নোৱাৰিব পৰীক্ষা


এতিয়া ব্যৱহাৰকাৰীয়ে প্ৰতিটো ইউপিআই এপত দৈনিক সৰ্বাধিক ৫০ বাৰ একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উদ্দেশ্য হৈছে অত্যধিক এপিআই অনুৰোধ হ্ৰাস কৰা। সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে এই সীমা যথেষ্ট। কিন্তু যিসকলে কিছুমান সৰু ব্যৱসায় কৰে, যাৰ বাবে তেওঁলোকে সঘনাই বেলেন্স চেক কৰিব লাগে। তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে।


অটো পেমেণ্টৰ ক্ষেত্ৰতো সময়সীমা থাকিব


বহু ব্যৱহাৰকাৰীয়ে নিজৰ পেমেণ্ট অটো মোডত ৰাখে। এয়াও এতিয়া এটা নিৰ্দিষ্ট সময়ত হ’ব। সকলো অটো পে সেৱাৰ বাবে অনুমোদন আৰু ডেবিট প্ৰচেছিং কেৱল নন-পিক সময়তহে সম্ভৱ হ’ব। পুৱা ১০ বজাৰ পৰা ১ বজালৈ আৰু ৫ বজাৰ পৰা ৯:৩০ বজালৈ পীক আৱাৰ হিচাপে গণ্য কৰা হ’ব। এই সময়ত এই সীমা প্ৰযোজ্য হ’ব। এই সময়ছোৱাত, গ্ৰাহকসকলে সঘনাই ব্যৱহাৰ কৰা সেৱাসমূহৰ ওপৰত সীমা আৰু নিষেধাজ্ঞা থাকিব।


মাত্ৰ ৩ বাৰহে পেমেণ্টৰ অৱস্থা পৰীক্ষা কৰিব পাৰিব


এতিয়া ব্যৱহাৰকাৰীয়ে কোনো লেনদেনৰ ক্ষেত্ৰত দিনটোত মাত্ৰ ৩ বাৰহে পেমেণ্টৰ অৱস্থা পৰীক্ষা কৰিব পাৰিব। লগতে এই ৩টা প্ৰচেষ্টাত কমেও ৯০ ছেকেণ্ডৰ ব্যৱধান থাকিব লাগিব।


লিংক বেংক একাউণ্টৰ চেক লিমিট


এতিয়া সকলো ব্যৱহাৰকাৰীয়ে নিজৰ ফোন নম্বৰৰ সৈতে লিংক কৰা বেংক একাউণ্ট যিকোনো এটা এপত দিনটোত সৰ্বাধিক ২৫ বাৰহে পৰীক্ষা কৰিব পাৰিব।


কিয় এই উন্নতিসমূহ কাৰ্যকৰী কৰা হৈছে?


প্ৰতিমাহে প্ৰায় ১৬ বিলিয়ন ইউপিআই লেনদেনৰ বাবে ব্যৱস্থাটোৰ ওপৰত চাপ বাঢ়িছে। এপ্ৰিল আৰু মে’ মাহত ব্যৱহাৰকাৰীসকলে ইউপিআই সেৱাত বহু সমস্যাৰ সন্মুখীন হৈছিল। এনপিচিআইৰ মতে, এই সমস্যাসমূহৰ এটা বৃহৎ অংশ সঘনাই এপিআই অনুৰোধৰ ফলত হোৱা অত্যধিক ট্ৰেফিকত উদ্ভৱ হয়। সঘনাই কাৰ্য্যকলাপে ইউপিআই আন্তঃগাঁথনিৰ ওপৰত অপ্ৰয়োজনীয় বোজা দিয়ে, যাৰ বাবে কঠোৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক