--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটীঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰকাৰ্য তুংগত হৈছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ ‘ৰাইজৰ দল’ৰ প্ৰাৰ্থী অখিল গগৈয়ে জে’লৰপৰাই পত্ৰযোগে পুনৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে। অখিল গগৈয়ে পত্ৰখনত উল্লেখ কৰিছে যে, নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁৰ বিৰুদ্ধে বহুতো অপ-প্ৰচাৰ চলোৱা হৈছে। লগতে তেওঁৰ বন্দিত্ব জীৱনৰ কিছু সত্য কথা পত্ৰখনৰ জৰিয়তে জনাব বিচাৰিছে।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী হিংসাৰ ভয়ংকৰ ৰূপ : ১৫ জনীয়া যুৱকৰ দলে চলালে আক্ৰমণ

আৰআৰএছত যোগদান কৰিলে জামিন প্ৰদানৰ আশ্বাস

তেওঁ পত্ৰখনত উল্লেখ কৰা অনুসৰি গুৱাহাটীৰ ‘নিয়া’ৰ আদালতত অখিলক থিয় কৰাই নিশা গোপনে আদালতৰ অনুমতি অবিহনে বিমানেৰে দিল্লীলৈ নিয়া হৈছিল৷ ১৮ ডিচেম্বৰৰ পুৱতিনিশা তেওঁক ‘নিয়া’ৰ মুখ্য কাৰ্যালয়ৰ ১নং লকআপত ভৰোৱা হৈছিল। পাছত লকআপৰ ভিতৰত তেওঁক আৰএছএছতত যোগ দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে আৰআৰএছত যোগদান কৰিলে জামিন প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল। সেই প্ৰস্তাৱ নাকচ কৰাৰ পাছত বিজেপিত যোগদানৰ প্ৰস্তাৱ আহিছিল নেতাগৰাকীলৈ৷ বিজেপিত যোগ দি অসমৰ খালী বিধানসভাৰ আসনত নিৰ্বাচন খেলি বিজেপি চৰকাৰৰ মন্ত্ৰী হোৱাৰো প্ৰস্তাৱ আগবঢ়াৱা হৈছিল বুলি পত্ৰখনত উল্লেখ আছে।

তেওঁ সংগ্ৰামী জীৱন ত্যাগ কৰি, ৰাষ্ট্ৰ বিৰোধিতা ত্যাগ কৰাৰ লগতে নদীবান্ধৰ আন্দোলন বন্ধ কৰিব লাগে৷ আনহাতে ‘কা’বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিব লাগে৷ বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যসূচী বাতিলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বুলিও প্ৰস্তাৱ আহিছিল যদিও নেতাগৰাকীয়ে সহমত প্ৰকাশ কৰা নাছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দায়িত্ব এৰি এনজিঅ’ কৰাৰ অফাৰো আগবঢ়োৱা হৈছিল নেতাগৰাকীলৈ৷ অখিল গগৈয়ে ধমান্তকৰণৰ বিৰুদ্ধে অসমৰ মানুহ খ্ৰীষ্টান ধৰ্মলৈ যোৱাৰ বিৰুদ্ধে অভিযান ল’ব লাগে বুলিও তেওঁলৈ প্ৰস্তাৱ অহা বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷

আৰু পঢ়িব পাৰিব : ‘কা’ বলবৎ হ’বই ! বিজেপিৰ ১০টা বিশেষ সংকল্প প্ৰকাশ জে পি নড্ডাৰ

প্ৰথম অভিযানত ২০ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল নেতাগৰাকীক। টকাৰ প্ৰস্তাৱত সহমত প্ৰকাশ নকৰাত, অৱশেষত প্ৰস্তাৱ আহিছিল অসমৰ মুখ্যমন্ত্ৰী আৰু এজন প্ৰভাৱশালী মন্ত্ৰীক লগ লগাই দিয়াৰ। তথাপি অখিল গগৈয়ে নিজৰ মতৰ লৰচৰ কৰা নাছিল। চৰ্তবোৰ নমনাৰ বাবে তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছিল বুলি গগৈয়ে উল্লেখ কৰিছে৷ শাৰীৰিক আৰু মানসিকভাৱে বহু অত্যাচাৰ কৰা হৈছিল তেওঁক। তেওঁলোকৰ প্ৰস্তাৱ নমনাৰ বাবে ফলাফল ইটোৰ পাছত সিটো গোচৰ জাপি দিয়া হৈছে বুলি নেতাগৰাকীকে ক্ষোভ প্ৰকাশ কৰিছে৷ তেওঁক সেইদিনাই কোৱা হৈছিল জে’লৰ পৰাও ওলাবলৈ দিয়া নহ’ব বুলি৷ চৰকাৰৰ মতেই সকলো সিদ্ধান্ত হ’ব। বিজেপিক উৎখাত কৰাই গগৈৰ জীৱনৰ অন্যতম লক্ষ্য বুলিও নেতাগৰাকীয়ে উল্লেখ কৰিছে৷

আৰু পঢ়িব পাৰিব : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি : দাৰ ঘাপত আহত দুজন

অৱশেষত পত্ৰখনত অখিল গগৈয়ে উল্লেখ কৰিছে যে, ‘শিৱসাগৰবাসীয়ে মোক নিশ্চয় মুক্ত আকাশৰ তললৈ উলিয়াই আনিব৷ গভীৰ প্ৰত্যাশাৰে মই আপোনালোকৰ সিদ্ধান্তৰ বাবে ৰৈ আছো!’


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement