--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰকাৰ্য তুংগত হৈছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ ‘ৰাইজৰ দল’ৰ প্ৰাৰ্থী অখিল গগৈয়ে জে’লৰপৰাই পত্ৰযোগে পুনৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে। অখিল গগৈয়ে পত্ৰখনত উল্লেখ কৰিছে যে, নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁৰ বিৰুদ্ধে বহুতো অপ-প্ৰচাৰ চলোৱা হৈছে। লগতে তেওঁৰ বন্দিত্ব জীৱনৰ কিছু সত্য কথা পত্ৰখনৰ জৰিয়তে জনাব বিচাৰিছে।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী হিংসাৰ ভয়ংকৰ ৰূপ : ১৫ জনীয়া যুৱকৰ দলে চলালে আক্ৰমণ

আৰআৰএছত যোগদান কৰিলে জামিন প্ৰদানৰ আশ্বাস

তেওঁ পত্ৰখনত উল্লেখ কৰা অনুসৰি গুৱাহাটীৰ ‘নিয়া’ৰ আদালতত অখিলক থিয় কৰাই নিশা গোপনে আদালতৰ অনুমতি অবিহনে বিমানেৰে দিল্লীলৈ নিয়া হৈছিল৷ ১৮ ডিচেম্বৰৰ পুৱতিনিশা তেওঁক ‘নিয়া’ৰ মুখ্য কাৰ্যালয়ৰ ১নং লকআপত ভৰোৱা হৈছিল। পাছত লকআপৰ ভিতৰত তেওঁক আৰএছএছতত যোগ দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে আৰআৰএছত যোগদান কৰিলে জামিন প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল। সেই প্ৰস্তাৱ নাকচ কৰাৰ পাছত বিজেপিত যোগদানৰ প্ৰস্তাৱ আহিছিল নেতাগৰাকীলৈ৷ বিজেপিত যোগ দি অসমৰ খালী বিধানসভাৰ আসনত নিৰ্বাচন খেলি বিজেপি চৰকাৰৰ মন্ত্ৰী হোৱাৰো প্ৰস্তাৱ আগবঢ়াৱা হৈছিল বুলি পত্ৰখনত উল্লেখ আছে।

তেওঁ সংগ্ৰামী জীৱন ত্যাগ কৰি, ৰাষ্ট্ৰ বিৰোধিতা ত্যাগ কৰাৰ লগতে নদীবান্ধৰ আন্দোলন বন্ধ কৰিব লাগে৷ আনহাতে ‘কা’বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিব লাগে৷ বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যসূচী বাতিলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বুলিও প্ৰস্তাৱ আহিছিল যদিও নেতাগৰাকীয়ে সহমত প্ৰকাশ কৰা নাছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দায়িত্ব এৰি এনজিঅ’ কৰাৰ অফাৰো আগবঢ়োৱা হৈছিল নেতাগৰাকীলৈ৷ অখিল গগৈয়ে ধমান্তকৰণৰ বিৰুদ্ধে অসমৰ মানুহ খ্ৰীষ্টান ধৰ্মলৈ যোৱাৰ বিৰুদ্ধে অভিযান ল’ব লাগে বুলিও তেওঁলৈ প্ৰস্তাৱ অহা বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷

আৰু পঢ়িব পাৰিব : ‘কা’ বলবৎ হ’বই ! বিজেপিৰ ১০টা বিশেষ সংকল্প প্ৰকাশ জে পি নড্ডাৰ

প্ৰথম অভিযানত ২০ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল নেতাগৰাকীক। টকাৰ প্ৰস্তাৱত সহমত প্ৰকাশ নকৰাত, অৱশেষত প্ৰস্তাৱ আহিছিল অসমৰ মুখ্যমন্ত্ৰী আৰু এজন প্ৰভাৱশালী মন্ত্ৰীক লগ লগাই দিয়াৰ। তথাপি অখিল গগৈয়ে নিজৰ মতৰ লৰচৰ কৰা নাছিল। চৰ্তবোৰ নমনাৰ বাবে তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছিল বুলি গগৈয়ে উল্লেখ কৰিছে৷ শাৰীৰিক আৰু মানসিকভাৱে বহু অত্যাচাৰ কৰা হৈছিল তেওঁক। তেওঁলোকৰ প্ৰস্তাৱ নমনাৰ বাবে ফলাফল ইটোৰ পাছত সিটো গোচৰ জাপি দিয়া হৈছে বুলি নেতাগৰাকীকে ক্ষোভ প্ৰকাশ কৰিছে৷ তেওঁক সেইদিনাই কোৱা হৈছিল জে’লৰ পৰাও ওলাবলৈ দিয়া নহ’ব বুলি৷ চৰকাৰৰ মতেই সকলো সিদ্ধান্ত হ’ব। বিজেপিক উৎখাত কৰাই গগৈৰ জীৱনৰ অন্যতম লক্ষ্য বুলিও নেতাগৰাকীয়ে উল্লেখ কৰিছে৷

আৰু পঢ়িব পাৰিব : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি : দাৰ ঘাপত আহত দুজন

অৱশেষত পত্ৰখনত অখিল গগৈয়ে উল্লেখ কৰিছে যে, ‘শিৱসাগৰবাসীয়ে মোক নিশ্চয় মুক্ত আকাশৰ তললৈ উলিয়াই আনিব৷ গভীৰ প্ৰত্যাশাৰে মই আপোনালোকৰ সিদ্ধান্তৰ বাবে ৰৈ আছো!’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ