--°C
Loading...
Listen to Article
2 min read
80%
২ ডিচেম্বৰ ২০২৪, সোমবাৰ


মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ শান্তি হ'ব। পৰিয়ালত সুখ থাকিব। প্রেম-প্রীতিত সুন্দৰ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্রতি আগ্রহ হ'ব। ৰাজনৈতিক আৰু সামাজিক কৰ্মত থকা ব্যক্তিৰ চিন্তা বৃদ্ধি হ'ব। কর্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভৱান হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শান্তিকাৰক হ'ব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক। পৰিয়ালকেন্দ্রিক মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে। প্রেম-প্রীতিত অশান্তি হ'ব। শিক্ষার্থীৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্যিক, শিল্পীৰ আত্মসন্তুষ্টিৰ যোগ। কর্ম, আর্থিক আৰু ব্যৱসায়ত সামান্য লাভ হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্রিত ফলদায়ক হ'ব।

মিথুন: মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ যদিও সামান্য মানসিক অশান্তি হ'ব পাৰে। প্রেম-প্রীতি আৰু ঘৰুৱা দিশত শুভ। বিদ্যার্থীৰ অধ্যয়নকেন্দ্রিক চিন্তা বাঢ়িব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতিকাৰক যোগাযোগ হ'ব। ৰাজনীতিকৰ অশান্তিৰ মাজতে লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভকাৰক হ'ব।

কর্কট: কর্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক আৰু পাৰিবাৰিক দিশত কিছু সুখ-শান্তি থাকিব। প্ৰেমত শুভ কাৰক। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। ৰাজনীতিকৰ পৰিভ্ৰমণৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা অশুভ কাৰক দিন।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। বন্ধু আৰু পৰিয়ালৰ লগত মতানৈক্য হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত কিছু অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। সাহিত্যিক, শিল্পী, ক্রীড়াবিদৰ মনত নতুন উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীৰো চিন্তা বাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত শুভ কাৰক হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক যোগ।

কন্যা: কন্যা ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক হ'ব যদিও পাৰিবাৰিক ক্ষেত্ৰত মনৰ অশান্তি হ'ব পাৰে। প্রেম-প্রীতিত অশান্তি থাকিব। বিদ্যার্থীৰ মনৰ উৎসাহ হ্রাস পাব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটোত নতুন উন্নতি কাৰক যোগাযোগ হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক আৰু কর্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো মধ্যমীয়া হ'ব।

তুলা: তুলা ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি কাৰক যদিও মানসিক দিশত শুভ প্রভাব পৰিব। প্ৰেম আৰু সাংসাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যম। শিক্ষার্থীৰ আশানুৰূপ সফলতাত বাধা হ'ব। সাহিত্য, ক্রীড়া সংস্কৃতিৰ লগত যুক্তসকলৰ উন্নয়নত বাধকতাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত মধ্যম উন্নতি। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক।

বৃশ্চিক: বৃশ্চিক ৰাশিৰ বাবে দিনটো শৰীৰ অলপ অসুস্থ হ'ব। পেটৰ ৰোগ হ'ব পাৰে। পৰিয়ালৰ বাবে মনৰ অশান্তি বাঢ়িব পাৰে। প্রেম-প্রীতিত কিছু অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ অধ্যয়ন স্পৃহা বৃদ্ধিৰ যোগ। শিল্প, সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ কিছু লাভৰ যোগ। ৰাজনীতিক আৰু সংবাদকর্মীৰ মধ্যমীয়া। কর্ম, বাণিজ্য আৰু আৰ্থিকত শুভ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ'ব।

ধনু: ধনু ৰাশিৰ বাবে দিনটো শৰীৰৰ সু-স্বাস্থ্যৰ যোগ। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম, সাংসাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিমূলক। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িত লোকে উন্নতিৰ ক্ষেত্ৰত সুযোগ-সুবিধা পাব। ৰাজনৈতিক ব্যক্তি চিন্তান্বিত হ'ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সুফল লাভ হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটোত অশুভ ফল পাব।

মকৰ : মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক হ'ব। মনৰো শান্তি হ'ব পাৰে। প্ৰেম আৰু সাংসাৰিক দিশত শুভ হ'ব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিৰতাৰ মাজতো সফলতা লাভৰ যোগ। ৰাজনীতিকৰ লাভৰ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শান্তি কাৰক হ'ব।

কুম্ভ: কুম্ভ ৰাশিৰ বাবে দিনটো শৰীৰৰ শান্তি হ'ব পাৰে। মানসিক শান্তিও ভোগ কৰিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ সন্দেহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিৰ যোগ। ৰাজনীতিকৰ শুভ কাৰক। আৰ্থিকত অভাৱ থাকিব যদিও বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো সফলতা লাভ৷

মীন: মীন ৰাশিৰ বাবে দিনটো শৰীৰৰ অলপ অশান্তি হ'ব পাৰে। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ কর্মত ব্যস্ততা বৃদ্ধি পাব, মনত নতুন আশাৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভ পাব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ