--°C
Loading...
Listen to Article
2 min read
80%
২ ডিচেম্বৰ ২০২৪, সোমবাৰ


মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ শান্তি হ'ব। পৰিয়ালত সুখ থাকিব। প্রেম-প্রীতিত সুন্দৰ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্রতি আগ্রহ হ'ব। ৰাজনৈতিক আৰু সামাজিক কৰ্মত থকা ব্যক্তিৰ চিন্তা বৃদ্ধি হ'ব। কর্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভৱান হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শান্তিকাৰক হ'ব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক। পৰিয়ালকেন্দ্রিক মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে। প্রেম-প্রীতিত অশান্তি হ'ব। শিক্ষার্থীৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্যিক, শিল্পীৰ আত্মসন্তুষ্টিৰ যোগ। কর্ম, আর্থিক আৰু ব্যৱসায়ত সামান্য লাভ হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্রিত ফলদায়ক হ'ব।

মিথুন: মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ যদিও সামান্য মানসিক অশান্তি হ'ব পাৰে। প্রেম-প্রীতি আৰু ঘৰুৱা দিশত শুভ। বিদ্যার্থীৰ অধ্যয়নকেন্দ্রিক চিন্তা বাঢ়িব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতিকাৰক যোগাযোগ হ'ব। ৰাজনীতিকৰ অশান্তিৰ মাজতে লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভকাৰক হ'ব।

কর্কট: কর্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক আৰু পাৰিবাৰিক দিশত কিছু সুখ-শান্তি থাকিব। প্ৰেমত শুভ কাৰক। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। ৰাজনীতিকৰ পৰিভ্ৰমণৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা অশুভ কাৰক দিন।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। বন্ধু আৰু পৰিয়ালৰ লগত মতানৈক্য হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত কিছু অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। সাহিত্যিক, শিল্পী, ক্রীড়াবিদৰ মনত নতুন উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীৰো চিন্তা বাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত শুভ কাৰক হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক যোগ।

কন্যা: কন্যা ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক হ'ব যদিও পাৰিবাৰিক ক্ষেত্ৰত মনৰ অশান্তি হ'ব পাৰে। প্রেম-প্রীতিত অশান্তি থাকিব। বিদ্যার্থীৰ মনৰ উৎসাহ হ্রাস পাব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটোত নতুন উন্নতি কাৰক যোগাযোগ হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক আৰু কর্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো মধ্যমীয়া হ'ব।

তুলা: তুলা ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি কাৰক যদিও মানসিক দিশত শুভ প্রভাব পৰিব। প্ৰেম আৰু সাংসাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যম। শিক্ষার্থীৰ আশানুৰূপ সফলতাত বাধা হ'ব। সাহিত্য, ক্রীড়া সংস্কৃতিৰ লগত যুক্তসকলৰ উন্নয়নত বাধকতাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত মধ্যম উন্নতি। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক।

বৃশ্চিক: বৃশ্চিক ৰাশিৰ বাবে দিনটো শৰীৰ অলপ অসুস্থ হ'ব। পেটৰ ৰোগ হ'ব পাৰে। পৰিয়ালৰ বাবে মনৰ অশান্তি বাঢ়িব পাৰে। প্রেম-প্রীতিত কিছু অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ অধ্যয়ন স্পৃহা বৃদ্ধিৰ যোগ। শিল্প, সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ কিছু লাভৰ যোগ। ৰাজনীতিক আৰু সংবাদকর্মীৰ মধ্যমীয়া। কর্ম, বাণিজ্য আৰু আৰ্থিকত শুভ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ'ব।

ধনু: ধনু ৰাশিৰ বাবে দিনটো শৰীৰৰ সু-স্বাস্থ্যৰ যোগ। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম, সাংসাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিমূলক। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িত লোকে উন্নতিৰ ক্ষেত্ৰত সুযোগ-সুবিধা পাব। ৰাজনৈতিক ব্যক্তি চিন্তান্বিত হ'ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সুফল লাভ হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটোত অশুভ ফল পাব।

মকৰ : মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক হ'ব। মনৰো শান্তি হ'ব পাৰে। প্ৰেম আৰু সাংসাৰিক দিশত শুভ হ'ব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিৰতাৰ মাজতো সফলতা লাভৰ যোগ। ৰাজনীতিকৰ লাভৰ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শান্তি কাৰক হ'ব।

কুম্ভ: কুম্ভ ৰাশিৰ বাবে দিনটো শৰীৰৰ শান্তি হ'ব পাৰে। মানসিক শান্তিও ভোগ কৰিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ সন্দেহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিৰ যোগ। ৰাজনীতিকৰ শুভ কাৰক। আৰ্থিকত অভাৱ থাকিব যদিও বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো সফলতা লাভ৷

মীন: মীন ৰাশিৰ বাবে দিনটো শৰীৰৰ অলপ অশান্তি হ'ব পাৰে। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ কর্মত ব্যস্ততা বৃদ্ধি পাব, মনত নতুন আশাৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভ পাব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?