--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখন পৰিষ্কাৰকৈ ৰখাৰ পাছতো কিছুমান মানুহৰ ঘৰত নিগনিয়ে চলায় উপদ্ৰৱ। কীটনাশক বা পেষ্ট কণ্ট্ৰ’ল চাৰ্ভিচৰ সহায়ত এন্দুৰ, নিগনিৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু এইবোৰত নানা ধৰণৰ কেমিকেল মিহলি কৰা থাকে। ইয়াৰ নিয়মিত ব্যৱহাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক।

ঘৰত নিগনি থাকিলে মানুহৰ বৰ অশান্তি হয়। নিগনি অনিষ্টকাৰী প্ৰাণী। ঘৰৰ বিভিন্ন কাপোৰ-কানি, কাগজ-পত্ৰ আৰু মূল্যৱান বস্তু কুটি ই নষ্ট কৰে। কেৱল এয়াই নহয়, এন্দুৰ নিগনিয়ে বহুতো লেতেৰা, দূষিত ঠাই ঘুৰি-ফুৰি ৰোগৰ বীজাণু লগত কঢ়িয়াই আনে। নিগনি পিটপিটাই দৌৰি ফুৰা দেখিলে মানুহৰ মনত ঘিণভাৱো জাগে৷ সেয়েহে, এন্দুৰ, নিগনিক বাসগৃহৰ পৰা উলিয়াই দিয়াটো উচিত।  গতিকে ঘৰুৱা উপায়েৰে কেনেকৈ নিগনি খেদিব জানি লওক৷


১) লঙৰ গোন্ধ আৰু সোৱাদ এন্দুৰ, নিগনিৰ বাবে অত্যন্ত অস্বস্তিকৰ। কেইটামান লং সৰু সৰু কাপোৰত মেৰিয়াই ঘৰৰ বিভিন্ন কোণত ৰাখক। নিগনি পলাব৷

২) তুলা বা কপাহৰ সৰু সৰু বল বনাই পদিনা পাতৰ ৰসত ডুবাই ঘৰৰ বিভিন্ন স্থানত ৰাখক। পদিনাৰ গোন্ধ নিগনি, এন্দুৰে সহ্য কৰিব নোৱাৰে। এনে কৰিলে নিগনিয়ে আপোনাৰ ঘৰ এৰিব।

৩) তেজপাতেও নিগনি আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। কিয়নো ইয়াৰ সুবাস তীব্ৰ। গতিকে ইয়াক ঘৰৰ এন্দুৰ, নিগনি প্ৰৱেশ কৰা বাটসমূহত তেজপাত ৰাখিব পাৰে। 

৪) এন্দুৰ, নিগনিক ঘৰৰ পৰা বাহিৰ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল মানুহৰ চুলি। সাধাৰণতে, এন্দুৰ,নিগনিৰ চকুত মানুহৰ চুলি দৃশ্যমান নহয় আৰু সিহঁতে সেইবোৰ গিলি দিয়াত অসুবিধাৰ সৃষ্টি হয়। সেয়েহে, এন্দুৰ, নিগনিৰ গাঁতৰ কাষত চুলি থৈ দিব পাৰে। এনে সমস্যা পালে নিগনিয়ে ঘৰ এৰি গুচি যায়। 

৫) ৰাতি ঘৰৰ বিভিন্ন ঠাইত যথেষ্ট পৰিমাণে বেকিং পাউদাৰ ৰাখক। নিগনি পলাই যাব।

৬) পদিনাৰ পাত কেইটামান থেতেলিয়াই লৈ নিগনি অহা- যোৱা কৰা গাঁতৰ সন্মুখত থৈ দিব।

৭) ঘৰৰ পৰা এন্দুৰ, নিগনি দূৰ কৰিবলৈ ৰঙা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। এন্দুৰ, নিগনিয়ে উপদ্ৰৱ চলোৱা ঠাইসমূহত অলপ ৰঙা জলকীয়া কাটি ছটিয়াই থৈ দিয়ক। ইয়াৰ ফলত এন্দুৰ, নিগনিবোৰ পলাই যাব। কিয়নো ৰঙা জলকীয়াৰ ফলত এন্দুৰ, নিগনিৰ উশাহ-নিশাহৰ সমস্যা হয়। কেৱল নিগনি, এন্দুৰেই নহয়, বিভিন্ন পোকো দূৰ হ’ব।

৮) পিঁয়াজৰ গোন্ধ এন্দুৰে সহ্য কৰিব নোৱাৰে। গতিকে যি ঠাইত এন্দুৰৰ উপদ্ৰৱ বেছি,সেই ঠাইত ৰাখি পিঁয়াজ কাটি থৈ দিয়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ