--°C
Loading...
Advertisement
Listen to Article
2 min read
80%



২০/০৩/২০২৪, বুধবাৰ


মেষঃ চাকৰিৰ ক্ষেত্রত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়–বাণিজ্যত শুভ৷ দিনটোত আয় উপেক্ষা, ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ নিবনুৱা জাতক–জাতিকাই চেষ্টাৰ ফল পাব, গুপ্ত শত্রু সম্পর্কে সতর্কতা অৱলম্বন কৰিব৷ শাৰীৰিক দিশত চিন্তাৰ কাৰণ আছে৷ বিদ্যার্থীৰ মধ্যম ফল৷ 

বৃষঃ কর্মত অস্থিৰতাই দেখা দিব পাৰে৷ আত্মীয়ৰ লগত মতান্তৰ হ’ব পাৰে৷ অযথা চিন্তা বৃদ্ধি৷ প্রাপ্য অর্থ প্রাপ্তিৰ যোগ৷ অধিক খঙৰ কাৰণে একাধিক সুযোগে হাত এৰা দিব পাৰে৷ বন্ধুৰ দ্বাৰা সন্মান হানিৰ যোগ, বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক৷ 

মিথুনঃ কর্মক্ষেত্রত মধ্যম ফলদায়ক৷ বিশেষ কাৰণে কিছু অর্থ ঋণ কৰিব লগা হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফল৷ সন্তানৰ বিদ্যাৰ কাৰণে পিতৃ–মাতৃৰ চিন্তা, প্রেম আৰু দাম্পত্যত কাজিয়া–পেচালৰ সম্ভাৱনা৷ 

কর্কটঃ কর্মক্ষেত্রত সাফল্য লাভ৷ ব্যৱসায়–বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ৷ দাম্পত্যত শান্তি বজাই থাকিব৷ শৰীৰ– স্বাস্থ্য বিশেষ ভাল নাযাব৷ কোনোবাই অযথা শত্রুতা কৰিব পাৰে৷ দিনটোত পৰিশ্রমৰ তুলনাত ফল নাপাব৷ উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ 

সিংহঃ কর্মক্ষেত্রত বিভাজন–পৰিৱর্তন যোগ দেখা যায়৷ পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰে৷ দৈনন্দিন কর্মত খেলিমেলি দেখা দিব পাৰে৷ উচ্চ বিদ্যার্থীৰ মানসিক চাপ বৃদ্ধি পাব৷ উগ্র মেজাজৰ কাৰণে আর্থিক ক্ষতি হ’ব পাৰে৷ প্রেমত অশান্তি বৃদ্ধি৷ 

কন্যাঃ পাৰিবাৰিক ক্ষেত্রত শান্তি বজাই থাকিব৷ আর্থিক ক্ষেত্রত আশা কৰা মতে ফল নাপাব৷ পুৰণি সমস্যাৰ সমাধান হ’ব পাৰে৷ গোপন শত্রু সম্পর্কে সতর্ক থাকিব৷ উচ্চ ৰক্তচাপজনিত ৰোগীসকলে সতর্কতা অৱলম্বন কৰিব৷ ব্যৱসায়ত শুভ৷ বিদ্যার্থীৰ মধ্যম ফল৷ 

তুলাঃ কর্মক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ মনৰ গোপন কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব পাৰে৷ নিজৰ ভুলত বিপদত পৰিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও অধিক ব্যয় বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব৷ ভ্রমণৰ যোগ দেখা যায়৷ প্রেমত শুভ ফলদায়ক৷ 

বৃশ্চিকঃ পাৰিবাৰিক দিশত সন্মান বৃদ্ধি৷ কোনোবাই প্রতাৰণা কৰিব পাৰে৷ ভ্রমণত অর্থ লাভ৷ ব্যৱসায়-বাণিজ্যত বাধা থাকিব৷ আর্থিক দিশত দিনটোত তেনেকুৱা ভাল ফল নাপাব৷ ঠিকাদাৰী ব্যৱসায়ত উন্নতিৰ যোগ৷ বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ দেখা যায়৷ 

ধনুঃ চাকৰিত সন্মান প্রাপ্তিৰ যোগ৷ মনৰ আশা ভংগ হ’ব পাৰে৷ প্রাপ্য ধন প্রাপ্তিৰ যোগ আছে৷ ঘৰত মাংগলিক অনুষ্ঠানৰ সম্ভাৱনাই দেখা দিব পাৰে৷ পুলিচি জামেলা, মামলা, মকর্দমা আদিৰ যোগ দেখা যায়৷ গতিকে সতর্কতা অৱলম্বন কৰিব৷ ব্যৱসায়ত মধ্যম৷ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ 

মকৰঃ পাৰিবাৰিক অশান্তিৰ কাৰণে দৈনিক কর্মত বাধা৷ নিজৰ ভুলৰ কাৰণে বিপদত পৰিব পাৰে৷ অযথা চিন্তাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে৷ বিভিন্ন ধৰণৰ দালালী পেচাৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতিৰ যোগ৷ প্রেম আৰু দাম্পত্যত অশান্তি বৃদ্ধি পাব৷ 

কুম্ভঃ অযথা বিবাদৰ ফলত দৈনন্দিন কর্মত ক্ষতি৷ মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে৷ সম্পদ প্রাপ্তিৰ যোগ৷ অসমাপ্ত কাম শেষ কৰি মনত আনন্দ অনুভৱ কৰিব৷ ব্যৱসায়ত পৰিধি বিস্তাৰ৷ প্রেমত মধ্যম৷ 

মীনঃ কর্মক্ষেত্রত বাধা থাকিব৷ কিবা বিষয় লৈ পিতৃ–মাতৃৰ লগত মতবিৰোধ দেখা দিব পাৰে৷ পৰিকল্পিত ব্যৱসায়ৰ ক্ষেত্রত বাধা থাকিব৷ মানসিক চঞ্চলতাৰ কাৰণে বিদ্যার্থীৰ ক্ষতি৷ চাকৰিৰ ক্ষেত্রত সহকর্মীৰ লগত মতান্তৰ দেখা দিব পাৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement