--°C
Loading...
Listen to Article
2 min read
80%
১২ আগষ্ট ২০২৪, সোমবাৰ

মেষ- শিৱ বাবাৰ কৃপাত আপোনাৰ আধৰুৱা কাম সম্পূৰ্ণ হ'ব। পাছে এলেহুৱা স্বভাৱৰ বাবে ক্ষতি হ'ব, সেয়ে সাৱধান। আপুনি কোনো আপোন মানুহক লগ পাব। খৰচৰ মাত্ৰা নিয়ন্ত্ৰণত আহিব। সামাজিক কামত সন্মান লাভ কৰিব। 

বৃষ- শুভ দিন। আপোনাৰ ব্যৱহাৰে আনক আকৃষ্ট কৰিব। আত্মবিশ্বাস বৰ্তি থাকিব। আলহী আহিব। বিবাহৰ প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ আহিব পাৰে। শিৱ মন্দিৰ গ'লে উপকাৰ হ'ব। 

মিথুন- ৰোগ আৰোগ্য হ'ব। বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰক। আপোনাৰ স্বাস্থ্য আৰু অধিক ভাল হ’ব আগতকৈ। ব্যৱসায়ত ধন বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব। শিৱ মন্ত্ৰ জপ কৰিলে সুফল পাব।

কৰ্কট- সুনাম বৃদ্ধি। আপোনাৰ ব্যক্তিগত ভাৱনা বা কোনো গোপনীয় কথা আজি কাকো নক’ব। বেয়া অভ্যাস এৰাই চলিব। প্ৰেমত শুভ। কাকো মিছা কথা নক'ব, বিপদত পৰিব। শিৱ মন্দিৰলৈ গৈ শিৱ লিংগত জল অৰ্পণ কৰক।

সিংহ- ভালেৰে যাব দিনটো। অসহায় মানুহক সহায় কৰক। মনত শান্তি লাভ কৰিব। হাতলৈ হঠাতে ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে চিন্তা বাঢ়িব। শিৱ বাবাক একান্ত মনে ধ্যান কৰক।

কন্যা- ৰোগ হ'ব পাৰে। আপোনাৰ কামক গুৰুত্ব সহকাৰে লওক । আপোনাৰ কামৰ অধিকাৰ আন কোনোবাই ল’ব পাৰে। আলহী আহিব। মন্দিৰলৈ যাওক। শিৱলিংগত বেলপাত অৰ্পণ কৰক।

তুলা- সন্তানৰ শুভ। ওচৰ-চুবুৰীয়াৰ সৈতে সাৱধানে থাকিব। কন্দল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালক সময় দিলে দিনটো ভালদৰে পাৰ হ’ব। শিৱ বাবাৰ ওচৰত আপুনি কৰা প্ৰতিটো ভুলৰ বাবে ক্ষমা খোজক।

বৃশ্চিক- দিনটোত কাকো খং নকৰিব। খং উঠি থাকিলে হঠাতে কাকো একো নক’ব। বিশেষ কিছুমান কামত লাভৰ ইংগিত আছে। প্ৰেমত সাৱধান হ’ব। চোৰৰ পৰা সাৱধান। শিৱ মন্দিৰ দৰ্শন কৰিলে জীৱনৰ কুফলৰ শাম কাটিব।

ধনু- আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব ।পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। শিৱ মন্দিৰলৈ গৈ বেলপাত, জল আৰু ধতুৰা ফুল শিৱলিংগত অৰ্পণ কৰক।
 
মকৰ- দিনটো সুখেৰে ভৰা হ’ব। ভাবি থকা বহু দিনৰ মনৰ বাঞ্চা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সচেতন হৈ থাকিব। হঠাতে কাৰোবাক বিশ্বাসত ল’লে বিপদত পৰিব। শিৱ বাবাক একান্ত মনে প্ৰাৰ্থনা কৰক। আপুনি যি পাইছে তাৰবাবে শিৱ বাবাক কৃতজ্ঞতা জনাওক।

কুম্ভ- সকলো কথাতে ভাবি-চিন্তিহে মন্তব্য কৰিব। প্ৰশংসা শুনিব। শত্ৰুবোৰক চিনি পোৱাৰ দিন। সকলো কামত পৰিয়ালৰ সমৰ্থন পাব। মন আৰু স্বাস্থ্য কুশলে থাকিব। ঔম নমঃ শিৱায় ১০৮ বাৰ ঘৰতে বা মন্দিৰতে জপ কৰক।

মীন- পৰিয়ালত শান্তি। কোনো লোকক আৰ্থিক সহায় কৰক। আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পইচাকলৈ কাজিয়া হ’ব। প্ৰায় প্ৰতিটো সমস্যা সমাধান হোৱাৰ পথত। শিৱ মন্দিৰলৈ শিৱ-পাৰ্বতীক প্ৰাৰ্থনা কৰক। কোনো অসহায় লোকক সহায় কৰিবলৈ যত্ন কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ