--°C
Loading...
Listen to Article
2 min read
80%
০৯ আগষ্ট ২০২৪, শুকুৰবাৰ


মেষ ৰাশি: চাকৰি আৰু ব্যৱসায়ত আশানুৰূপ সাফল্য লাভ কৰিব, সপ্তাহৰ মাজভাগত কিছু ইতিবাচক খবৰ আহিব পাৰে৷ এই সময়ছোৱাত চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত জ্যেষ্ঠ আৰু কনিষ্ঠ উভয় সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব৷ যদি ব্যৱসায় কৰে, তেন্তে এই সময়ছোৱাত আপুনি নিজৰ আৰ্থিক স্থিতিৰ প্ৰতি সতৰ্ক হওক আৰু যিকোনো আঁচনি বা ব্যৱসায়ত ভাবি-চিন্তি বিনিয়োগ কৰক। নিজৰ প্ৰেম সম্পৰ্কক গুৰুত্বসহকাৰে লওক।

বৃষ ৰাশি: স্বাস্থ্য গতানুগতিক হৈ থাকিব আৰু নতুন উদ্যমেৰে আগবাঢ়ি যোৱা দেখা যাব৷ এই সময়ছোৱাত কোনো তীৰ্থস্থানলৈও যাব পাৰে৷ যদি আপুনি দীৰ্ঘদিন ধৰি মাটি, ঘৰ বা বাহন কিনাৰ কথা চিন্তা কৰি আছে, তেন্তে সপোন পূৰণ হ’ব পাৰে৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো বাবে সৌভাগ্যপূৰ্ণ হ’ব৷ বৈবাহিক জীৱন সুখময় হ'ব৷ 

মিথুন ৰাশি: স্বাস্থ্য ভালে থাকিব, কিন্তু আপুনি পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হ’ব পাৰে৷ চাকৰিয়াল লোকসকলে সপ্তাহৰ আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ সুযোগ পাব পাৰে৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে সৌভাগ্যপূৰ্ণ হ'ব৷ ৰোমান্টিক সংগীৰ পৰা এটা চমকপ্ৰদ উপহাৰ পাব পাৰে৷ বৈবাহিক জীৱনত সুখ বিৰাজ কৰিব৷ বহুদিন ধৰি স্থগিত হৈ থকা বা পিছুৱাই ৰখা পৰিকল্পনাবোৰ হঠাতে শুভাকাংক্ষীৰ সহায়ত আগবাঢ়ি যাব ৷

কর্কট ৰাশি: প্ৰিয়জনৰ সৈতে সম্পৰ্ক বিশেষভাৱে মধুৰ হ’ব৷ নিজৰ পৰিয়ালৰ সদস্যসকলৰ ধনাত্মক উন্নতি দেখিবলৈ পাব৷ প্ৰিয়জনৰ সৈতে যদি মতানৈক্য আছিল, তেন্তে আপুনি এগৰাকী বান্ধৱীৰ সহায়ত ভুল বুজাবুজিবোৰ আঁতৰ কৰিব পাৰে আৰু প্ৰেম সম্পৰ্ক আকৌ এবাৰ সুদৃঢ় হোৱা দেখা যাব৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব৷ আত্মীয়-স্বজনৰ সৈতে সুখময় সময় কটোৱাৰ সুযোগ পাব ৷ ঋতুজনিত ৰোগৰ পৰা সাৱধানে থাকক।

সিংহ ৰাশি: গুৰুত্বপূৰ্ণ পাৰিবাৰিক দায়িত্বও বৃদ্ধি হ’ব পাৰে৷ এইবোৰৰ মাজতে ঋতু পৰিৱৰ্তন নাইবা কোনো পুৰণি ৰোগ উকোৱাৰ ফলত শাৰীৰিক কষ্ট হ’ব পাৰে৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ বাবে অতি লাভজনক হ'ব৷ সংগীৰ সৈতে এক দৃঢ় বন্ধন অনুভৱ কৰিব৷ বৈবাহিক জীৱনটোও সুখপ্ৰদ হ’ব৷ পিতৃ-মাতৃকে ধৰি আপোনাৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ পাব৷

কন্যা ৰাশি: সহকৰ্মীসকলৰ সৈতে লেনদেন কৰাৰ সময়ত আপুনি অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব৷ তেওঁলোকে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আপোনাৰ উৰ্ধতন তথা অধঃস্তন উভয় সহকৰ্মীকে উত্তেজিত কৰি তুলিব পাৰে নাইবা আপোনাৰ লক্ষ্যৰ পৰা আপোনাক বিচলিত কৰিবলৈ চেষ্টা কৰিব পাৰে৷ এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ মন পঢ়া-শুনাৰ পৰা বিচ্যুত হ’ব পাৰে৷ ৰাজনৈতিক ক্ষেত্ৰত কোনো পদ বা গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে অপেক্ষা কৰি থকাসকলে নতুন আশা লাভ কৰিব৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত গতানুগতিক হ’ব।

তুলা ৰাশি: ভ্ৰমণৰ সময়ত আপুনি নিজৰ স্বাস্থ্য আৰু মূল্যৱান সামগ্ৰী দুয়োটাৰে যত্ন লোৱা উচিত৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত হোৱা ভুল বুজাবুজিৰ ফলত প্ৰিয়জনৰ মাজৰ দূৰত্ব বৃদ্ধি হ’ব পাৰে৷ আৱেগৰ ভিত্তিত প্ৰেম সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক৷ বৈবাহিক জীৱনত আপোনাৰ জীৱনসংগীৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব৷ কাৰো সৈতে ধেমালি নকৰিব বা কৰ্মক্ষেত্ৰত কাৰো সৈতে এনে আচৰণ নকৰিব যাৰ ফলত আপুনি অসুবিধাত পৰিব পাৰে৷ 

বৃশ্চিক ৰাশি: আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি উন্নত হ’ব৷ কোনো আঁচনিত পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভাৰ্জন কৰিব৷ যদি আদালতত কোনো গোচৰ বিচাৰাধীন হৈ আছে, তেন্তে তাৰ ৰায় আপোনাৰ পক্ষত হ’ব পাৰে৷ প্ৰিয়জনৰ সৈতে ঘনিষ্ঠ সময় কটোৱাৰ সুযোগ পাব৷ পুৰণি বন্ধু-বান্ধৱকো লগ পাব পাৰে৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব৷ 

ধনু ৰাশি: কোনো পুৰণি ৰোগৰ বাবে শাৰীৰিক কষ্টত ভুগিব পাৰে৷ পৰীক্ষা তথা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰয়াসৰ সম্পূৰ্ণ লাভ প্ৰাপ্ত কৰিব৷ ৰোমান্টিক সম্পৰ্কৰ সৌভাগ্যপূৰ্ণ হ’ব৷ মানসিক চাপত থকা সময়ত আপোনাৰ ৰোমান্টিক সংগীয়ে আপোনাৰ ঢাল হৈ আপোনাক সহায় কৰিব৷ আপোনাৰ জাৱন সংগীৰ কোনো গুৰুত্বপূৰ্ণ কৃতিত্বই আপোনালৈ সন্মান কঢ়িয়াই আনিব৷কিছু ইতিবাচক খবৰ পাব পাৰে৷

মকৰ ৰাশি: আপুনি নিজৰ অতীতৰ কৃতিত্বৰ বাবে কৰ্মক্ষেত্ৰত স্বীকৃতি পাব পাৰে৷ আপোনাৰ উৰ্ধতন আৰু অধঃস্তন সহকৰ্মীসকলে আপোনাৰ কামৰ শলাগ লোৱা দেখা যাব৷ যিবোৰ ঘৰুৱা সমস্যাৰ বিষয়ে চিন্তিত হৈ আছিলে, সেইবোৰ সমাধান হ’ব৷ চাকৰিয়াল লোকসকলে অতিৰিক্ত উপাৰ্জনৰ নতুন উৎস প্ৰাপ্ত কৰিব৷ মুঠ ধন-সম্পত্তি বৃদ্ধি হ’ব৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰগাঢ়তা থাকিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব৷ সংগীৰ সৈতে দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা কৰিব পাৰে৷

কুম্ভ ৰাশি: আপুনি যিকোনো পৰিস্থিতিৰ সৈতে বুদ্ধিমত্তা, অন্তৰ্দৃষ্টি আৰু সাহসেৰে মোকাবিলা কৰিব পাৰিব৷ বিশেষ কথাটো হ’ল যে, যিকোনো বাধা অতিক্ৰম কৰাৰ ক্ষেত্ৰত আপোনাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব৷ এই সময়ছোৱাত আপোনাৰ সংগত থকা গোপন শত্ৰুৰ পৰা সাৱধান হোৱা উচিত, যিয়ে আপোনাৰ সুনামৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে ৷ অৱশ্যে, কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চয়কৈ নিজৰ সমৰ্থকসকলৰ পৰামৰ্শ ল’ব লাগিব৷ পেছাগতভাৱে এই সময়খিনি আপোনাৰ বাবে বহুত ভাল হ’ব৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত পাৰস্পৰিক বিশ্বাস আৰু অন্তৰংগতা বৃদ্ধি পাব।

মীন ৰাশি: প্ৰেম আৰু ভাগ্য আপোনাৰ পক্ষত থাকিব৷ আপুনি কোনো ডাঙৰ কৃতিত্ব লাভ কৰিব, যাৰ ফলত ঘৰত সুখময় পৰিৱেশ সৃষ্টি হ’ব৷ ব্যৱসায়িক পৰিস্থিতি অনুকূল হ’ব৷ সন্তান সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ কৃতিত্বই আপোনালৈ উচ্চ পৰ্য্যায়ৰ সন্মান কঢ়িয়াই আনিব৷ যদি আপুনি কাৰোবাৰ আগত নিজৰ প্ৰেম প্ৰকাশ কৰাৰ কথা ভাবিছে, তেন্তে তেনে কৰিলে লাভান্বিত হ’ব৷ লগতে বৰ্তমানৰ ৰোমান্টিক সম্পৰ্কবোৰো অধিক সুদৃঢ় হৈ উঠিব৷ স্বাস্থ্য গতানুগতিক হৈ থাকিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?