--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিজেপিৰ দৃশ্য-শ্ৰব্য বাহনৰ চালকৰ ৰূপত আজি দেখা গ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷ খানাপাৰাত অনুষ্ঠিত হোৱা দৃশ্য-শ্ৰব্য বাহনৰ শুভ উদ্বোধনী অনুষ্ঠানত বিজপিৰ চাৰে চাৰি বছৰীয়া শাসনৰ উন্নয়নৰ খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে। ভাষণত বিজেপিৰ সভাপতি ৰঞ্জিত দাসক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ ক’লে, 'ঐ দাস আৰু কিমান কম বিকশিত অসমৰ কথা… কৈ থাকিলে শেষ নহ'ব৷' লগতে নিজে পিন্ধি থকা গামোচাখন দেখুৱাই ক'লে এইখন গামোচাৰ মূল্য দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আমিও কেতিয়াবা বাহিৰত গ'লে গামোচাখন ল'বলৈ পাহৰি যাওঁ কিন্তু মোদীয়ে গামোচাখনৰ সঠিক আদৰ কৰিলে।

আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অথন্তৰ : খুলি দিবলৈ নিৰ্দেশ ছাউণ্ড ছিষ্টেম !

বিজেপিয়ে যিমান কৰিছে স্বাধীনতাৰ পৰা এতিয়ালৈ কোনো চৰকাৰে কৰিব পৰা নাছিল বুলি দাবী কৰে সোণোৱালে৷ নিজৰ চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, এইখন চৰকাৰে দায়িত্ব লোৱাৰ পাছত বহু ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিছে৷ তাৰ ভিতৰত পূৰ্বৰ চৰকাৰৰ সময়ত সীমান্ত উন্মুক্ত হৈ থাকি গৈছিল, কিন্তু এতিয়া বিজেপিয়ে ইজৰাইলী প্ৰযুক্তি ব্যৱহাৰ কৰি সীমান্ত ছীল কৰিছে৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিছে গ্ৰহণ কৰিছে বিজেপিয়ে৷ নামঘৰ, সত্ৰসমূহলৈ আৰ্থিক অনুদান বিজেপি চৰকাৰেহে আগবঢ়োৱাৰ কথাও তেওঁ উল্লেখ কৰে৷

আৰু পঢ়িব পাৰিব : বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান

তেওঁ লগতে কয়, খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ কাম বিজপি চৰকাৰে কৰিছে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে সকলো কাম কৰিছে এই চৰকাৰখনে৷ ভাৰতৰ ৫খন শক্তিশালী ৰাজ্যৰ ভিতৰত অসমক অন্যতম ৰাজ্য হিচাপে গঢ়িবলৈ বিজেপিয়ে কাম কৰি যাব বুলিও তেওঁ উল্লেখ কৰে৷ এনেদৰে অসমৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি নিজৰ চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হয় মুখ্যমন্ত্ৰী সোণোৱাল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ