--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিজেপিৰ দৃশ্য-শ্ৰব্য বাহনৰ চালকৰ ৰূপত আজি দেখা গ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷ খানাপাৰাত অনুষ্ঠিত হোৱা দৃশ্য-শ্ৰব্য বাহনৰ শুভ উদ্বোধনী অনুষ্ঠানত বিজপিৰ চাৰে চাৰি বছৰীয়া শাসনৰ উন্নয়নৰ খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে। ভাষণত বিজেপিৰ সভাপতি ৰঞ্জিত দাসক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ ক’লে, 'ঐ দাস আৰু কিমান কম বিকশিত অসমৰ কথা… কৈ থাকিলে শেষ নহ'ব৷' লগতে নিজে পিন্ধি থকা গামোচাখন দেখুৱাই ক'লে এইখন গামোচাৰ মূল্য দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আমিও কেতিয়াবা বাহিৰত গ'লে গামোচাখন ল'বলৈ পাহৰি যাওঁ কিন্তু মোদীয়ে গামোচাখনৰ সঠিক আদৰ কৰিলে।

আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অথন্তৰ : খুলি দিবলৈ নিৰ্দেশ ছাউণ্ড ছিষ্টেম !

বিজেপিয়ে যিমান কৰিছে স্বাধীনতাৰ পৰা এতিয়ালৈ কোনো চৰকাৰে কৰিব পৰা নাছিল বুলি দাবী কৰে সোণোৱালে৷ নিজৰ চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, এইখন চৰকাৰে দায়িত্ব লোৱাৰ পাছত বহু ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিছে৷ তাৰ ভিতৰত পূৰ্বৰ চৰকাৰৰ সময়ত সীমান্ত উন্মুক্ত হৈ থাকি গৈছিল, কিন্তু এতিয়া বিজেপিয়ে ইজৰাইলী প্ৰযুক্তি ব্যৱহাৰ কৰি সীমান্ত ছীল কৰিছে৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিছে গ্ৰহণ কৰিছে বিজেপিয়ে৷ নামঘৰ, সত্ৰসমূহলৈ আৰ্থিক অনুদান বিজেপি চৰকাৰেহে আগবঢ়োৱাৰ কথাও তেওঁ উল্লেখ কৰে৷

আৰু পঢ়িব পাৰিব : বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান

তেওঁ লগতে কয়, খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ কাম বিজপি চৰকাৰে কৰিছে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে সকলো কাম কৰিছে এই চৰকাৰখনে৷ ভাৰতৰ ৫খন শক্তিশালী ৰাজ্যৰ ভিতৰত অসমক অন্যতম ৰাজ্য হিচাপে গঢ়িবলৈ বিজেপিয়ে কাম কৰি যাব বুলিও তেওঁ উল্লেখ কৰে৷ এনেদৰে অসমৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি নিজৰ চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হয় মুখ্যমন্ত্ৰী সোণোৱাল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক