--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি খানাপাৰাত অনুষ্ঠিত হয় অসমৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ দৃশ্য শ্ৰৱ্য বাহনৰ শুভ উদ্বোধনী অনুষ্ঠান৷ য'ত দৃশ্য শ্ৰৱ্য বাহনৰ জৰিয়তে অসমৰ ১২৬ সমষ্টিলৈ গৈ ৰাইজৰ মতামত সংগ্ৰহ কৰিব বিজেপিয়ে। পিছে বিজেপিৰ এই বিশাল আয়োজন বিসংগতি দেখুৱালে ছাউণ্ড ছিষ্টেমে৷

আৰু পঢ়িব পাৰিব : বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণৰ মাজতে বন্ধ হৈ পৰিল মাইকটো, যাৰ ফলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ ছাউণ্ড ছিষ্টেমটো খুলি দিবলৈ কোৱাৰ লগতে দলীয় কৰ্মীলৈ মুখ্যমন্ত্ৰীয়ে সকিয়নী প্ৰদান কৰি কয় যে নিৰ্বাচন আহি আছে ইমান নীৰৱে নাথাকিব৷

আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কুইন ওজা, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ অসমৰ ৰাইজৰ মতামতৰ ভিত্তিতে, ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰি উলিয়াব ২০২১ৰ নিৰ্বাচনী ইস্তাহাৰ৷ ইস্তাহাৰ প্ৰস্তুতৰ প্ৰাকক্ষণত জনসাধাৰণৰ মত ল'বলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ যাৰ বাবে সমগ্ৰ অসমত আজি দৃশ্য শ্ৰৱ্য বাহন মুকলি কৰা হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ