--°C
Loading...
Listen to Article
2 min read
80%

কৰিমগঞ্জ/দেৰগাঁও : মঙলবাৰে নিশা কৰিমগঞ্জ আৰু দেৰগাঁৱৰ দুজনকৈ কংগ্ৰেছ বিধায়কৰ দেহাৱসান ঘটে৷ দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰী আৰু বদৰপুৰৰ বিধায়ক তথা কংগ্ৰেছ নেতা জামালুদ্দিন আহমেদৰ অকাল বিয়োগ ঘটে৷ দুয়োজন জ্যেষ্ঠ নেতাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দই৷

আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অথন্তৰ : খুলি দিবলৈ নিৰ্দেশ ছাউণ্ড ছিষ্টেম !

মঙলবাৰে নিশা কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়ত মৃত্যু বদৰপুৰৰ বিধায়ক জামালুদ্দিন আহমেদৰ৷ জানিব পৰা মতে, দীৰ্ঘদিনে হৃদৰোগ, বৃক্কজনিত ৰোগত ভুগি আছিল আহমেদ৷ মৃত্যুৰ সময়ত আহমেদৰ বয়স হৈছিল ৬৬ বছৰ৷ বদৰপুৰৰ ৩বাৰৰ বিধায়ক আছিল জামালুদ্দিন আহমেদ ২০০১ চনত তৃণমূল কংগ্ৰেছৰ পৰা বিধায়ক হোৱাৰ লগতে ২০১১ আৰু ২০১৬ত কংগ্ৰেছৰ টিকটত জয়ী হৈছিল আহমেদ৷

কংগ্ৰেছী বিধায়কজনৰ অকাল মৃত্যুত কৰিমগঞ্জত শোকৰ ছাঁ পৰিছে৷ বিয়লি ৪ বজাত তেওঁৰ কালিগঞ্জৰ স্বগৃহত কংগ্ৰেছ নেতাজনৰ শেষকৃত সম্পন্ন হ'ব।

আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

ইফালে, নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰী৷ ২০১১ চনৰ পৰা ২০১৫ চনলৈ বিধায়িকা হিচাপে থকা আৰতি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদকৰ দায়িত্বতো আছিল৷ প্ৰাক্তন বিধায়িকাগৰাকীৰ মৃত্যুত দেৰগাঁৱত শোকৰ ছাঁ পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক