--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : 'কা' আন্দোলন কৰাৰ বাবে অখিল গগৈক গ্ৰেপ্তাৰ কৰা নাই। অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছে মাওবাদীৰে সম্পৰ্ক থকাৰ বাবেহে। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ সন্দৰ্ভত আজি মন্ত্ৰীগৰাকীয়ে ভালেমান মন্তব্য প্ৰকাশ কৰে৷

আৰু পঢ়িব পাৰিব : আজি কৃষক-কেন্দ্ৰৰ অষ্টমলানি আলোচনা, চৰকাৰ আশাবাদী

কেনেকৈ কৃষক মুক্তিৰ কেডাৰক মাওবাদীৰ প্ৰশিক্ষণৰ বাবে পঠাইছিল সেই কথা নিয়াৰ আদালতৰ চাৰ্জশ্বীটত উল্লেখ কৰা বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে৷ ইপিনে, আছুকো কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে৷ এজেপিলৈ আছুৰ মুকলি সমৰ্থনৰ প্ৰসংগত হিমন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

আৰু পঢ়িব পাৰিব : নতুন ক’ভিড ষ্ট্ৰেইনৰ ভয়াৱহতাৰ মাজতে লণ্ডনৰপৰা ভাৰতলৈ আহিল ২৪৬জন লোক

তেওঁ কয়, 'এতিয়া আৰু আছু জাতীয় সংগঠন হৈ থকা নাই। সংবাদ মাধ্যমেও আৰু আছুৰ আগত জাতীয় সংগঠন লিখিবলৈ বাদ দিয়া উচিত।' ‘এজেপি’ আৰু ‘ৰাইজৰ দল’ৰ কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পাছত আমানত ধন ঘূৰাই নাপায় বুলিও তেওঁ দাবী কৰে। দুয়োটা দলৰ সফলতা শূন্য হ'ব বুলিও তেওঁ দাবী কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক