ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত বৰ্তমান চলি থকা গ্ৰন্থমেলাৰ লগতে সংগতি ৰাখি বৃহস্পতিবাৰে তিনিদিনীয়া বৰ্ণাঢ্য 'কৰদাতা সজাগতা' (Taxpayers' Hub) outreach কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়স্থিত প্ৰধান আয়কৰ আয়ুক্তৰ (AU-1) কাৰ্যালয় আৰু নতুন দিল্লীৰ আয়কৰ সঞ্চালকালয়ৰ যৌথ সহযোগত এই বিশেষ সজাগতা শিবিৰটোৰ আয়োজন কৰা হৈছে।
অনুষ্ঠানৰ শুভাৰম্ভণি সভাত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান মুখ্য আয়কৰ আয়ুক্ত এন লংভাহ, শ্বিলংৰ চিচিআইটি ডি চংগাতে, গুৱাহাটীৰ পিচিআইটি ডি সোণোৱাল আৰু ডিব্ৰুগড়ৰ এছেছমেণ্ট ইউনিট-১ৰ পিচিআইটি কে এম চৌহান উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ইয়াৰোপৰি এই উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে প্ৰখ্যাত অসমীয়া অভিনেত্ৰী নিশিতা গোস্বামীয়েও অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীৰ জৰিয়তে সাধাৰণ নাগৰিকসকলক কৰ সম্পৰ্কীয় বিভিন্ন বিষয়ত সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে বটা কাৰ্যসূচীৰ আয়োজকসকলে জানিবলৈ দিয়ে। আনহাতে, অসমৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰৰ ভিত্তি সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলিও জানিব পৰা গৈছে।