--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁকালৰ বিষৰ সমস্যাই মানুহক প্ৰায়ে অশান্তি দিয়ে। কঁকালৰ বিষৰ সমস্যা বেছিভাগেই ৪০ বছৰ বয়সৰ পিছত আৰম্ভ হয়। কিন্তু এক গৱেষণাৰ মতে এই সমস্যা পুৰুষতকৈ অধিক মহিলাৰ ক্ষেত্ৰত দেখা দিয়ে আৰু এই সমস্যা তেওঁলোকৰ যিকোনো বয়সতে হ’ব পাৰে। পৰিৱৰ্তিত জীৱনশৈলী আৰু ভাৰসাম্যহীন খাদ্যাভ্যাসৰ বাবে বহু মহিলাই কঁকালৰ বিষৰ সমস্যাৰ সৈতে যুঁজি আছে। 

মহিলাৰ ক্ষেত্ৰত এই সমস্যা মাহেকীয়া আৰু গৰ্ভাৱস্থাত বেছিকৈ দেখা দিয়ে। ইয়াৰ বাহিৰেও মহিলাৰ কঁকালৰ বিষৰ সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বেছিভাগ মহিলাই কঁকালৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সকলো ধৰণৰ ঔষধ সেৱন কৰে, কিন্তু তথাপিও তেওঁলোকে এই সমস্যাৰ পৰা সম্পূৰ্ণ সকাহ নাপায়।

এনে নহয় যে যুৱতীসকলৰ কঁকালৰ বিষ নহয়। যুৱতীসকলৰ কঁকালৰ বিষ মাংসপেশীয়ে মচকা খোৱা, জোকাৰণি, হাৰ্নিয়েটেড বা ডিজেনৰেটেড বা ছাইটিকা আদি সমস্যাৰ বাবে হ’ব পাৰে। এই সন্দৰ্ভত মুম্বাইৰ ডাঃ শ্বেতা শ্বাহে কয়, ‘মহিলাৰ কঁকালৰ বিষৰ বহু কাৰণ হ’ব পাৰে যেনে প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰম, এণ্ডোমেট্ৰিয়াছিছ, ডিছমেন’ৰিয়া অৰ্থাৎ বিষাক্ত মাহেকীয়া আৰু গৰ্ভাৱস্থা আদি।

৫ টা বিশেষ কাৰণৰ বাবে মহিলাসকলৰ কঁকালৰ বিষ হয়। সেয়া হ’ল- গৰ্ভাৱস্থা, অষ্টিঅ’পৰ’ছিছ, ওজন বৃদ্ধি, মেনোপ’জ, এলেহুৱা জীৱনশৈলী। 

কঁকালৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিবলৈ এই পদ্ধতিসমূহ মানি চলক

এইবোৰ কাৰকত ব্যায়ামে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতিটো ধৰণৰ ব্যায়ামে যেনে এৰোবিক্স, নমনীয় ব্যায়াম, ভাৰসাম্য ৰক্ষা কৰা ব্যায়ামে মূলতঃ কঁকালৰ বিষৰ দৰে সমস্যা নিৰাময় আৰু কঁকালৰ বিষ প্ৰতিৰোধ কৰাত সহায় কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে সপ্তাহত কমেও ৩ৰ পৰা ৫ বাৰ ব্যায়াম কৰা মহিলাসকলৰ কঁকালৰ বিষৰ সম্ভাৱনা আটাইতকৈ কম।

মহিলাসকলেও নিজৰ বহা ভংগীমাৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু মেৰুদণ্ড পোন কৰি ৰাখিব লাগে।

নিয়মিত ব্যায়াম কৰাৰ সময়ত ভিটামিন ডি আৰু কেলচিয়ামৰ পৰিপূৰক গ্ৰহণৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

চিকিৎসকে ওজন কমাবলৈ বহু পৰামৰ্শ দিয়ে, য’ত অতিৰিক্ত ওজনৰ মহিলাসকলক কম ওজন বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।














FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ