--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিগত ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ’ নামৰ তেল কোম্পানীত কৰ্মৰত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা(স্বা) আৰু এনএছচিএনে অপহৰণ কৰি এক বৃহৎ পৰিমাণৰ মুক্তিপণ দাবী কৰিছিল। এই মুক্তিপণ কোম্পানীয়ে পৰিশোধ নকৰাৰ বাবে কিছু দিনৰ পূৰ্বে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই খিলঞ্জীয়া প্ৰণৱ কুমাৰ গগৈৰ দায়িত্ব আলফাই গ্ৰহণ কৰাৰ বিপৰীতে ৰাম কুমাৰৰ দায়িত্ব গ্ৰহণ কৰিব নোৱাৰিব বুলি বক্তব্য সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল।

আৰু পঢ়িব পাৰিব :সোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা

এই বক্তব্যৰ পাছত আজি পুনৰ আলফাৰ প্ৰচাৰ সচিব ৰুমেল অসম স্বাক্ষৰিত এটা বিবৃতিত বিষয়টো সম্পৰ্কত অন্তিম সময়সীমা প্ৰদান কৰে সংগঠনটোৱে৷ বিজ্ঞপ্তিটোত আলফাই ১৬ ফেব্ৰুৱাৰী মুক্তিপণ আদায় দিয়াৰ অন্তিম দিন বুলি ঘোষণা কৰি সেই দিনটোৰ ভিতৰত কুইপ’ কোম্পানীয়ে মুক্তিপণ আদায়ৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ১৭ ফেব্ৰুৱাৰীত ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি চৰম সকিয়নি দিছে।

আৰু পঢ়িব পাৰিব :অস্কাৰৰ দৌৰত চামিল এখন তামিল ছবি…

তদুপৰি কুইপ’ কোম্পানীক অসমৰ লগতে পশ্চিম, দক্ষিণ পূব এছিয়াত আলফাই নিষিদ্ধ ঘোষণা কৰি এই কোম্পানীৰ লগত জড়িত থলুৱা লোক তথা প্ৰতিষ্ঠান সমূহক জীৱিকাৰ বিকল্প পথ বাচি ল’বলৈ আহ্বান জনাইছে। বিবৃতিটোত শোষণৰ স্বাৰ্থত অইল ইণ্ডিয়া কোম্পানীক তৈলক্ষেত্ৰসমূহ বিদেশী তথা থলুৱা কোম্পানীক প্ৰদান কৰাৰ প্ৰক্ৰিয়া তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে সংগঠনটোৱে। ভাৰতৰ শোষণৰ সহযোগীৰূপে এই কোম্পানীসমূহক অভিহিত কৰি পৰৱৰ্তী সময়ত এনে কোম্পানীৰ বিৰুদ্ধে আলফাই বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ সময়ত থলুৱা নে বিদেশী অথবা কৰ্তব্যৰত নে নহয় এই সমূহ বিবেচনা নকৰে বুলি স্পষ্ট কৰি দিছে। এনে তৈল উৎপাদন কোম্পানীসমূহৰ সৈতে জড়িত থলুৱা প্ৰতিষ্ঠান আৰু কৰ্মচাৰীসকলক এই কোম্পানী সমূহ এৰি জীৱিকাৰ অন্য পথ ল'বলৈ আহ্বান জনাইছে আলফাৰ প্ৰচাৰ সচিব ৰুমেল অসমে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক