--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিগত ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ’ নামৰ তেল কোম্পানীত কৰ্মৰত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা(স্বা) আৰু এনএছচিএনে অপহৰণ কৰি এক বৃহৎ পৰিমাণৰ মুক্তিপণ দাবী কৰিছিল। এই মুক্তিপণ কোম্পানীয়ে পৰিশোধ নকৰাৰ বাবে কিছু দিনৰ পূৰ্বে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই খিলঞ্জীয়া প্ৰণৱ কুমাৰ গগৈৰ দায়িত্ব আলফাই গ্ৰহণ কৰাৰ বিপৰীতে ৰাম কুমাৰৰ দায়িত্ব গ্ৰহণ কৰিব নোৱাৰিব বুলি বক্তব্য সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল।

আৰু পঢ়িব পাৰিব :সোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা

এই বক্তব্যৰ পাছত আজি পুনৰ আলফাৰ প্ৰচাৰ সচিব ৰুমেল অসম স্বাক্ষৰিত এটা বিবৃতিত বিষয়টো সম্পৰ্কত অন্তিম সময়সীমা প্ৰদান কৰে সংগঠনটোৱে৷ বিজ্ঞপ্তিটোত আলফাই ১৬ ফেব্ৰুৱাৰী মুক্তিপণ আদায় দিয়াৰ অন্তিম দিন বুলি ঘোষণা কৰি সেই দিনটোৰ ভিতৰত কুইপ’ কোম্পানীয়ে মুক্তিপণ আদায়ৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ১৭ ফেব্ৰুৱাৰীত ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি চৰম সকিয়নি দিছে।

আৰু পঢ়িব পাৰিব :অস্কাৰৰ দৌৰত চামিল এখন তামিল ছবি…

তদুপৰি কুইপ’ কোম্পানীক অসমৰ লগতে পশ্চিম, দক্ষিণ পূব এছিয়াত আলফাই নিষিদ্ধ ঘোষণা কৰি এই কোম্পানীৰ লগত জড়িত থলুৱা লোক তথা প্ৰতিষ্ঠান সমূহক জীৱিকাৰ বিকল্প পথ বাচি ল’বলৈ আহ্বান জনাইছে। বিবৃতিটোত শোষণৰ স্বাৰ্থত অইল ইণ্ডিয়া কোম্পানীক তৈলক্ষেত্ৰসমূহ বিদেশী তথা থলুৱা কোম্পানীক প্ৰদান কৰাৰ প্ৰক্ৰিয়া তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে সংগঠনটোৱে। ভাৰতৰ শোষণৰ সহযোগীৰূপে এই কোম্পানীসমূহক অভিহিত কৰি পৰৱৰ্তী সময়ত এনে কোম্পানীৰ বিৰুদ্ধে আলফাই বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ সময়ত থলুৱা নে বিদেশী অথবা কৰ্তব্যৰত নে নহয় এই সমূহ বিবেচনা নকৰে বুলি স্পষ্ট কৰি দিছে। এনে তৈল উৎপাদন কোম্পানীসমূহৰ সৈতে জড়িত থলুৱা প্ৰতিষ্ঠান আৰু কৰ্মচাৰীসকলক এই কোম্পানী সমূহ এৰি জীৱিকাৰ অন্য পথ ল'বলৈ আহ্বান জনাইছে আলফাৰ প্ৰচাৰ সচিব ৰুমেল অসমে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ