--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে গ্ৰীণ টি খালে শৰীৰত বহু উপকাৰ পোৱা যায়। কিছুমান স্বাস্থ্য বিশেষজ্ঞইও পুৱা সাৰ পোৱাৰ পিছত গ্ৰীণ টি খোৱাৰ পৰামৰ্শ দিয়ে। গ্ৰীণ টিত পোৱা গুণে শৰীৰৰ বাবে উপকাৰ কঢ়িয়াই আনে, কিন্তু আপুনি জানেনে যে গ্ৰীণ টি খাওতে কিবা ভুল কৰিলে উপকাৰৰ পৰিৱৰ্তে ক্ষতি হয়। 

১) খালী পেটত গ্ৰীণ টি খালে ক্ষতিকাৰক হ’ব পাৰে। ইয়াত থকা টেনিনে পেটৰ বিষ আৰু বদহজমৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত পেটৰ গেছ, এচিডিটি আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। গতিকে খালী পেটত গ্ৰীণ টি খোৱাৰ পৰা বিৰত থাকি খাদ্য খোৱাৰ পাছত খাবলৈ চেষ্টা কৰিব লাগে।

২) অত্যধিক পৰিমাণৰ গ্ৰীণ টি সেৱন কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। অতিৰিক্তভাৱে গ্ৰীণ টিত থকা কেফেইনে আপোনাক অস্থিৰতা, হৃদস্পন্দন বৃদ্ধি আৰু অনিদ্ৰা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ওজন কমাবলৈ গ্ৰীণ টি সেৱন কৰি আছে, তেন্তে কম পৰিমাণেহে কৰিব লাগে।

৩) ৰাতি গ্ৰীণ টি সেৱন কৰিলে আপোনাৰ টোপনিত প্ৰভাৱ পৰিব পাৰে। ইয়াত থকা কেফেইনে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। 

৪) ৰাতিৰ আহাৰ খোৱাৰ পাছত গ্ৰীণ টি খাব নালাগে। গ্ৰীণ টিত থকা টেনিনে খাদ্যত পোৱা পুষ্টিকৰ উপাদানসমূহ হজম কৰাত সহায় নকৰে। ইয়াৰ কাৰণ হ’ল টেনিন খোৱাৰ পিছত আপোনাৰ শৰীৰত থকা জিংক, কেলচিয়াম, আইৰণ আদি পুষ্টিকৰ উপাদান সঠিকভাৱে শোষণ নহয়। ইয়াৰ ফলত ৰক্তহীনতা আৰু পুষ্টিৰ অভাৱ হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ