--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত বহুতেই আয়না একোখন ওলোমাই থয়। বাহিৰলৈ যোৱাৰ সময়ত অথবা বাহিৰৰ পৰা অহাৰ পিছত বহুতে সেই আয়নাত নিজৰ মুখখন চাই লয়। কিন্তু এয়া ফেংছুইৰ মতে শুভ ফলদায়ক নহয়।

 ফেংছুইৰ মতে শুভ প্রভাৱসমূহ সেই আয়নাত প্ৰতিফলিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সলনি ঘৰৰ বাহিৰলৈ ওলাই যায়। সেইবাবে ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেতিয়াও আয়না ওলোমাই ৰাখিব নালাগে।ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি দেৱাল আদি থাকে তেন্তে সেই দেৱাল উকা কৰি ৰখাৰ সলনি তাত সুন্দৰ ৰং, ছবি আদি আঁকি বা আঁৰি  থ’লে গৃহস্থৰ মন প্ৰসন্ন হৈ পৰিব। 

তেনে দেৱালত বিভিন্ন প্রাকৃতিক দৃশ্য আদিৰ ছবি আঁকি বা আঁৰি  থ'ব পাৰি । তেনে প্রাকৃতিক দৃশ্যই গৃহস্থই ঘৰৰ মুখ্য দুৱাৰেৰে বাহিৰলৈ ওলোৱাৰ সময়ত গৃহস্থৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ ঘটাব আৰু গৃহস্থৰ মন প্রফুল্ল হৈ পৰিব।

আনহাতে ঘৰৰ দুৱাৰবোৰৰ অৱস্থান কেতিয়াও মুখামুখি হ'ব নালাগে৷ একোটা ঘৰত কেইবাখনো দুৱাৰ থাকে। যাতায়াতৰ সুবিধাৰ বাবে বহুতে এটা কোঠাৰ এখন দুৱাৰৰ মুখামুখিকৈ আনটো কোঠাৰ দুৱাৰ নিৰ্মাণ কৰে। এয়া ব্যৱহাৰৰ দিশৰ পৰা সুবিধাজনক যদিও ফেংছুইৰ মতে এখন দুৱাৰৰ মুখামুখিকৈ আন এখন দুৱাৰ কেতিয়াও নিৰ্মাণ কৰিব নালাগে । এনেদৰে এখন দুৱাৰৰ মুখামুখিকৈ আন এখন দুৱাৰ নিৰ্মাণ কৰিলে ঘৰত শুভশক্তিৰ প্ৰৱেশত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘৰত নানান ধৰণৰ অথন্তৰে দেখা দিব পাৰে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল