--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউৰিক এচিড বৰ্তমান সময়ত এক সাধাৰণ সমস্যা হৈ পৰিছে, সাধাৰণতে মধ্যবয়সীয়া লোকৰ পৰা বৃদ্ধলৈকে ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ শীতকালত এই সমস্যা বাঢ়ি যায়। কিন্তু আমি আমাৰ দৈনন্দিন খাদ্যাভ্যাস কিছু পৰিৱৰ্তন কৰি এনেবোৰ সমস্যা হ্ৰাস কৰিব পাৰো। কি কি ফলে ইউৰিক এচিড হ্ৰাস কৰিব পাৰে এই বিষয়ে কিছু কথা জানো আহক।

১. কমলা : কমলা ভিটামিন-চিৰ প্ৰধান উৎস হিচাপে জনা যায় যদিও ইয়াত ভিটামিন-ই, ফলেট আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে। যিয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ ফলত ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনাও কমি যায়।

২. আপেল : শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে যথেষ্ট পৰিমাণে আপেল খাব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ সহায়ত তেজত থকা ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। 

৩. কিৱি : কিৱি এবিধ অতি পুষ্টিকৰ ফল, যিটো ইউৰিক এচিড ৰোগীৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ভিটামিন-চিৰ পৰিমাণ বেছি হোৱাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু তেজৰ প্লেটলেট সৃষ্টি কৰাত সহায় কৰে। ইয়াত ভিটামিন-চি, ভিটামিন-ই আৰু ফ’লেট পোৱা যায়।

৪.কল : কল অতি সাধাৰণ খাদ্য, ইউৰিক এচিড বৃদ্ধিৰ সমস্যা থকাসকলৰ বাবে এই ফল উপকাৰী বুলি প্ৰমাণিত হয়। দৰাচলতে এই ফলত পিউৰিন কম পোৱা যায় বাবে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ