--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মিলিন্দ সুমন…এই নামটো শুনাৰ লগে লগেই প্ৰথম মনলৈ ভাঁহি আহে নিজৰ ফিটনেছৰ ওপৰত খুব গুৰুত্ব দিয়া এজন ব্যক্তিৰ মুখ।এক আকৰ্ষণীয় শাৰীৰিক সুষমাৰ অধিকাৰী তেওঁ। পেছাত এগৰাকী মডেল তথা অভিনেতা মিলিন্দ সুমন এগৰাকী সফল দৌৰবিদো। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইখন মাৰাথান আৰু দীৰ্ঘ দূৰত্বৰ দৌৰত অংশগ্ৰহণ কৰি মিলিন্দ সুমনে গঢ়ি থৈছে অভিলেখ। বহুতেই হয়তো জানে দৌৰবিদগৰাকীৰ অসমৰো লগত আছে এক গভীৰ সম্পৰ্ক। মিলিন্দ সুমন অসমৰ জোঁৱাই। গুৱাহাটীৰ জীয়ৰী অংকিতা কোঁৱৰ মিলিন্দৰ পত্নী। মিলিন্দৰ বৰ্তমান বয়স ৫৬। এই ৫৬ বছৰ বয়সতো তেওঁ ইমানেই ফিট যে তেওঁ বহু যুৱকৰ বাবেই ঈৰ্ষাৰ বিষয়। ৫৬ বছৰ বয়সতো হাজাৰ হাজাৰ কিলোমিটাৰ দৌৰাৰ শক্তি ক'ৰ পৰা আহে? স্বাস্থ্যৱান, ফিট, প্ৰাণৱন্ত মিলিন্দ সুমনৰ এই ফিটনেছৰ আঁৰৰ ৰহস্য জানোচোন আহক-

মিলিন্দ সদায় জিমৰ পৰা আঁতৰত থাকে

হয় আপুনি ঠিকেই পঢ়িছে। মিলিন্দ সুমন কেতিয়াও জিমলৈ নাযায়। মিলিন্দে নিজৰ শৰীৰত চৰ্বী জমা নহবলৈ কেৱলমাত্ৰ দৌৰে। মিলিন্দৰ মতে জিম কেৱল বডী বিল্ডাৰসকলৰ বাবেহে উপযুক্ত, শৰীৰৰ ফিটনেছ ধৰি ৰাখিব খোজা সকলৰ বাবে নহয়। মিলিন্দ সুমনৰ বয়স যেতিয়া ৩৮ বছৰ আছিল তেতিয়াই তেওঁ জিমলৈ যোৱা বন্ধ কৰিছিল। জিম যোৱা বন্ধ কৰি মিলিন্দে বিশ্বাস কৰে যে ২০ বছৰ আগৰ তুলনাত তেওঁ আজি বেছিকৈ ফিট হৈ আছে।

মিলিন্দৰ সৰল ফিটনেছ ৰুটিন

মিলিন্দে নিজক শৰীৰ ঠিকে ৰাখিবলৈ তেনেই সৰল ব্যায়াম পুশ্ব-আপ, পুল-আপ কৰে আৰু দৌৰে। ফিট থাকিবলৈ জিমলৈ যোৱাটো প্ৰয়োজনীয় নহয়। মিলিন্দে প্ৰতিদিনে নহয় সপ্তাহত ৩-৪ বাৰ দৌৰে। মিলিন্দে কয় যে আপোনাৰ শৰীৰ সকলো সময়তে সক্ৰিয় থকাটো অতি গুৰুত্বপূৰ্ণ। মানুহ এক্টিভ হৈ থাকিব লাগে বুলি কয় মিলিন্দে।

মিলিন্দে ডায়েটিং নকৰে

যদি আপুনি ভাবে যে মিলিন্দৰ দৰে শৰীৰ এটা পাবলৈ আপুনি কঠোৰ ডায়েটিং কৰিব লাগিব তেন্তে ই একেবাৰে নহয়। মিলিন্দে কেতিয়াও ডায়েটিং নকৰে। তেওঁ কেৱল স্বাস্থ্যকৰ সুষম খাদ্য খায়। চেনীৰ পৰা তেওঁ দূৰত থাকে, মিঠাৰ বাবে কেৱল গুড় বা মৌৰে তৈয়াৰী বস্তু খায়। পেকেটযুক্ত খাদ্য, জাংক ফুড আৰু ৰাসায়নিক খাদ্যৰ পৰাও আঁতৰি থাকে।

ধূমপানৰ পৰা আঁতৰি থাকে

মিলিন্দৰ মতে, যেতিয়া তেওঁ টিভিত কেৰিয়াৰ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ধূমপানৰ প্ৰতি আসক্ত হৈ পৰিছিল, আৰু সেই সময়ছোৱাত তেওঁ এদিনত ৩০ টালৈকে চিগাৰেট সেৱন কৰিছিল। কিন্তু ২০০৪ চনত, ১৭ বছৰ আগতে মিলিন্দ সুমনে ধূমপান ত্যাগ কৰিছিল আৰু তেওঁৰ অভ্যাস সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ ৩ বছৰ সময় লাগিছিল।

ৰাতি সোনকালে শুৱা, পুৱা সোনকালে উঠা

'Early to bed and early to rise makes a man healthy, wealthy, and wise.' বেঞ্জামিন ফ্ৰেংকলিনে সৌ তাহানিতে কৈ যোৱা ইংৰাজী বাক্যশাৰী আমি সৰুৰে পৰা শুনি আহিছো। কিন্তু আমি ডাঙৰ হোৱাৰ লগে লগে বাস্তৱ জীৱনত ইয়াক অনুসৰণ কৰাটো অতি কঠিন হৈ পৰে। কিন্তু মিলিন্দে নিজৰ জীৱন সুন্দৰৰূপে পৰিচালিত হ'বলৈ সম্পূৰ্ণৰূপে এই বাক্যশাৰী অনুসৰণ কৰি আহিছে। তেওঁ নিশা ১০ বজাত শুৱে আৰু পুৱা ৫ বজাত উঠে। এইটো তেওঁৰ ফিটনেছৰ এটা ৰহস্য।

আৰু পঢ়কঃ অৰ্ধনগ্ন ৰূপত মনালিছা! কাৰ বিকৃত ৰুচিৰ বলি হ’ল এই ঐতিহাসিক ছবি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ