--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মিলিন্দ সুমন…এই নামটো শুনাৰ লগে লগেই প্ৰথম মনলৈ ভাঁহি আহে নিজৰ ফিটনেছৰ ওপৰত খুব গুৰুত্ব দিয়া এজন ব্যক্তিৰ মুখ।এক আকৰ্ষণীয় শাৰীৰিক সুষমাৰ অধিকাৰী তেওঁ। পেছাত এগৰাকী মডেল তথা অভিনেতা মিলিন্দ সুমন এগৰাকী সফল দৌৰবিদো। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইখন মাৰাথান আৰু দীৰ্ঘ দূৰত্বৰ দৌৰত অংশগ্ৰহণ কৰি মিলিন্দ সুমনে গঢ়ি থৈছে অভিলেখ। বহুতেই হয়তো জানে দৌৰবিদগৰাকীৰ অসমৰো লগত আছে এক গভীৰ সম্পৰ্ক। মিলিন্দ সুমন অসমৰ জোঁৱাই। গুৱাহাটীৰ জীয়ৰী অংকিতা কোঁৱৰ মিলিন্দৰ পত্নী। মিলিন্দৰ বৰ্তমান বয়স ৫৬। এই ৫৬ বছৰ বয়সতো তেওঁ ইমানেই ফিট যে তেওঁ বহু যুৱকৰ বাবেই ঈৰ্ষাৰ বিষয়। ৫৬ বছৰ বয়সতো হাজাৰ হাজাৰ কিলোমিটাৰ দৌৰাৰ শক্তি ক'ৰ পৰা আহে? স্বাস্থ্যৱান, ফিট, প্ৰাণৱন্ত মিলিন্দ সুমনৰ এই ফিটনেছৰ আঁৰৰ ৰহস্য জানোচোন আহক-

মিলিন্দ সদায় জিমৰ পৰা আঁতৰত থাকে

হয় আপুনি ঠিকেই পঢ়িছে। মিলিন্দ সুমন কেতিয়াও জিমলৈ নাযায়। মিলিন্দে নিজৰ শৰীৰত চৰ্বী জমা নহবলৈ কেৱলমাত্ৰ দৌৰে। মিলিন্দৰ মতে জিম কেৱল বডী বিল্ডাৰসকলৰ বাবেহে উপযুক্ত, শৰীৰৰ ফিটনেছ ধৰি ৰাখিব খোজা সকলৰ বাবে নহয়। মিলিন্দ সুমনৰ বয়স যেতিয়া ৩৮ বছৰ আছিল তেতিয়াই তেওঁ জিমলৈ যোৱা বন্ধ কৰিছিল। জিম যোৱা বন্ধ কৰি মিলিন্দে বিশ্বাস কৰে যে ২০ বছৰ আগৰ তুলনাত তেওঁ আজি বেছিকৈ ফিট হৈ আছে।

মিলিন্দৰ সৰল ফিটনেছ ৰুটিন

মিলিন্দে নিজক শৰীৰ ঠিকে ৰাখিবলৈ তেনেই সৰল ব্যায়াম পুশ্ব-আপ, পুল-আপ কৰে আৰু দৌৰে। ফিট থাকিবলৈ জিমলৈ যোৱাটো প্ৰয়োজনীয় নহয়। মিলিন্দে প্ৰতিদিনে নহয় সপ্তাহত ৩-৪ বাৰ দৌৰে। মিলিন্দে কয় যে আপোনাৰ শৰীৰ সকলো সময়তে সক্ৰিয় থকাটো অতি গুৰুত্বপূৰ্ণ। মানুহ এক্টিভ হৈ থাকিব লাগে বুলি কয় মিলিন্দে।

মিলিন্দে ডায়েটিং নকৰে

যদি আপুনি ভাবে যে মিলিন্দৰ দৰে শৰীৰ এটা পাবলৈ আপুনি কঠোৰ ডায়েটিং কৰিব লাগিব তেন্তে ই একেবাৰে নহয়। মিলিন্দে কেতিয়াও ডায়েটিং নকৰে। তেওঁ কেৱল স্বাস্থ্যকৰ সুষম খাদ্য খায়। চেনীৰ পৰা তেওঁ দূৰত থাকে, মিঠাৰ বাবে কেৱল গুড় বা মৌৰে তৈয়াৰী বস্তু খায়। পেকেটযুক্ত খাদ্য, জাংক ফুড আৰু ৰাসায়নিক খাদ্যৰ পৰাও আঁতৰি থাকে।

ধূমপানৰ পৰা আঁতৰি থাকে

মিলিন্দৰ মতে, যেতিয়া তেওঁ টিভিত কেৰিয়াৰ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ধূমপানৰ প্ৰতি আসক্ত হৈ পৰিছিল, আৰু সেই সময়ছোৱাত তেওঁ এদিনত ৩০ টালৈকে চিগাৰেট সেৱন কৰিছিল। কিন্তু ২০০৪ চনত, ১৭ বছৰ আগতে মিলিন্দ সুমনে ধূমপান ত্যাগ কৰিছিল আৰু তেওঁৰ অভ্যাস সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ ৩ বছৰ সময় লাগিছিল।

ৰাতি সোনকালে শুৱা, পুৱা সোনকালে উঠা

'Early to bed and early to rise makes a man healthy, wealthy, and wise.' বেঞ্জামিন ফ্ৰেংকলিনে সৌ তাহানিতে কৈ যোৱা ইংৰাজী বাক্যশাৰী আমি সৰুৰে পৰা শুনি আহিছো। কিন্তু আমি ডাঙৰ হোৱাৰ লগে লগে বাস্তৱ জীৱনত ইয়াক অনুসৰণ কৰাটো অতি কঠিন হৈ পৰে। কিন্তু মিলিন্দে নিজৰ জীৱন সুন্দৰৰূপে পৰিচালিত হ'বলৈ সম্পূৰ্ণৰূপে এই বাক্যশাৰী অনুসৰণ কৰি আহিছে। তেওঁ নিশা ১০ বজাত শুৱে আৰু পুৱা ৫ বজাত উঠে। এইটো তেওঁৰ ফিটনেছৰ এটা ৰহস্য।

আৰু পঢ়কঃ অৰ্ধনগ্ন ৰূপত মনালিছা! কাৰ বিকৃত ৰুচিৰ বলি হ’ল এই ঐতিহাসিক ছবি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ