--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। আপুনি ঘৰৰ ভিতৰৰ বায়ু পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। আপুনি ঘৰৰ ভিতৰৰ প্ৰদূষণ আঁতৰাবলৈ ব্যয়বহুল এয়াৰ পিউৰিফায়াৰ ক্ৰয় কৰাৰ কোনো প্ৰয়োজন নাই। আমি আপোনাক কিছুমান indoor plants অৰ্থাৎ ঘৰৰ ভিতৰত ৰাখিব পৰা উদ্ভিদক বিষয়ে কম যিবোৰে আপোনাৰ ঘৰৰ বায়ু প্ৰদূষণ দূৰ কৰাৰ লগতে বিশুদ্ধ বায়ু যোগান ধৰিব।

১) এৰেকা পাম(Areca Palm)
এৰেকা পামে বায়ুৰ পৰা ফৰ্মেলডিহাইড, কাৰ্বন-ডাই-অক্সাইড আৰু কাৰ্বন মনোক্সাইডৰ দৰে বিষাক্ত গেছ আঁতৰ কৰে আৰু বিশুদ্ধ অক্সিজেন প্ৰদান কৰে। যদি আপুনি আপোনাৰ গোটেই ঘৰত অক্সিজেন পৰিস্কাৰ ৰূপত পাব বিচাৰে তেন্তে ইয়াৰ কমেও ৪ টা উদ্ভিদ লিভিং ৰুমত ৰোপণ কৰক। এৰেকা পাম নাৰ্চাৰীত ২০০ ৰ পৰা ২৫০ টকাৰ ভিতৰত উপলব্ধ।

২)পিচ লিলি(Peace Lily)

পিচ লিলিয়ে বায়ুত থকা ক্ষতিকাৰক আৰু ৰোগ সৃষ্টিকাৰী কণাবোৰ আঁতৰাই বায়ু বিশুদ্ধ কৰাত সহায় কৰে। পিচ লিলি দেখাতো বৰ সুন্দৰ। বজাৰত আপুনি পিচ লিলি ১৫০ টকাতে পাব।

৩)ৰবৰ প্লাণ্ট(Rubber Plant)

ৰবৰ প্লাণ্ট আপুনি ঘৰত আৰু কাৰ্যালয়ত ৰাখিব পাৰে। ইহঁতক কেৱলমাত্ৰ অলপ সূৰ্যৰ পোহৰেই প্ৰয়োজন। ইহঁতে ঘৰৰ বা কাৰ্যালয়ৰ কাঠৰ আচবাবৰ পৰা ওলোৱা ক্ষতিকাৰক জৈৱিক যৌগ ফৰ্মেলডেহাইডৰ পৰা বায়ু দূষিত হোৱাৰ পৰা ৰক্ষা কৰে। ৰবৰ প্লাণ্ট ঘৰৰ চোফা বা বিচনাৰ ওচৰত ৰাখিব পাৰি। ৰবৰ প্লাণ্টে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সুপ্ৰভাৱ পেলায়। এই উদ্ভিদে বায়ুত থকা বিষাক্ত কণাবোৰ আঁতৰাই বায়ু বিশুদ্ধ কৰে। এইবোৰ ১৫০ টকাত পোৱা যায়।

৩)মানি প্লাণ্ট(Money Plant)

মানি প্লান্ট বেছিভাগ মানুহৰ ঘৰতে পোৱা যায়। ই বায়ু বিশুদ্ধ কৰাত যথেষ্ট সহায় কৰে। ই যিকোনো ঠাইতে সহজে বৃদ্ধি হয়। ই ঘৰৰ পৰা কাৰ্বন মনোক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে বিষাক্ত বায়ু আঁতৰ কৰাত সহায় কৰে। ই আপোনাৰ ঘৰত অক্সিজেনৰ পৰিমাণো বৃদ্ধি কৰে। ইয়াক ২০০ ৰ পৰা ৩০০ টকাৰ ভিতৰত ক্ৰয় কৰিব পাৰি।

৪) তুলসী (Tulsi Plant)

ই দিনে ২০ ঘণ্টা অক্সিজেন আৰু ২৪ ঘণ্টাত চাৰি ঘণ্টাৰ বাবে অ'জোন গেছ নিৰ্গত কৰে। ই বায়ুমণ্ডলত কাৰ্বন মনোক্সাইড, কাৰ্বন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড শোষণ কৰি বায়ুমণ্ডল বিশুদ্ধ কৰাত সহায় কৰে। বায়ুমণ্ডলত বিয়পি পৰা বেক্টেৰিয়া ধ্বংস কৰাৰ ক্ষমতাও তুলসীৰ আছে। ইয়াক ২০ ৰ পৰা ৫০ টকাৰ ভিতৰত যিকোনো নাৰ্চাৰীৰ পৰা সহজে ক্ৰয় কৰিব পাৰি।

৫)স্নেক প্লাণ্ট(Snake Plant)

স্নেক প্লাণ্টে বায়ুত থকা বিপদজনক উপাদান ফৰ্মেলডিহাইড ফিল্টাৰ কৰাত সহায় কৰে। এই উদ্ভিদক সূৰ্যৰ পোহৰ আৰু পানীৰ বেছি প্ৰয়োজন নাই। ইয়াক শোৱনি কোঠা বা বাথৰুমত স্থাপন কৰিব পাৰি। ই কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন মুকলি কৰে। ই বজাৰত ১০০ৰ পৰা ২০০ টকাত সহজে উপলব্ধ।

৬)বেম্বো পাম(Bamboo Palm)

বেম্বো পামে ঘৰৰ ভিতৰৰ বতাহ সতেজ কৰাত সহয় কৰে। ইয়াক ঘৰৰ ভিতৰত সজালে দেখিবলৈও ধুনীয়া লাগে। ই দ্ৰুতগতিত বৃদ্ধি হয়। ইয়াক আচবাবৰ চাৰিওফালে ৰাখিব পাৰি। ই ১৫০ টকাৰ পৰা ২৫০ টকাত উপলব্ধ।

আৰু পঢ়কঃ মুছলিমৰ লগত বিয়াত নবহো,বৰ্তমান পঢ়ি আছোঁ গীতা-ভাগৱতঃ উৰ্ফী জাভেদ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ