--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। আপুনি ঘৰৰ ভিতৰৰ বায়ু পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। আপুনি ঘৰৰ ভিতৰৰ প্ৰদূষণ আঁতৰাবলৈ ব্যয়বহুল এয়াৰ পিউৰিফায়াৰ ক্ৰয় কৰাৰ কোনো প্ৰয়োজন নাই। আমি আপোনাক কিছুমান indoor plants অৰ্থাৎ ঘৰৰ ভিতৰত ৰাখিব পৰা উদ্ভিদক বিষয়ে কম যিবোৰে আপোনাৰ ঘৰৰ বায়ু প্ৰদূষণ দূৰ কৰাৰ লগতে বিশুদ্ধ বায়ু যোগান ধৰিব।

১) এৰেকা পাম(Areca Palm)
এৰেকা পামে বায়ুৰ পৰা ফৰ্মেলডিহাইড, কাৰ্বন-ডাই-অক্সাইড আৰু কাৰ্বন মনোক্সাইডৰ দৰে বিষাক্ত গেছ আঁতৰ কৰে আৰু বিশুদ্ধ অক্সিজেন প্ৰদান কৰে। যদি আপুনি আপোনাৰ গোটেই ঘৰত অক্সিজেন পৰিস্কাৰ ৰূপত পাব বিচাৰে তেন্তে ইয়াৰ কমেও ৪ টা উদ্ভিদ লিভিং ৰুমত ৰোপণ কৰক। এৰেকা পাম নাৰ্চাৰীত ২০০ ৰ পৰা ২৫০ টকাৰ ভিতৰত উপলব্ধ।

২)পিচ লিলি(Peace Lily)

পিচ লিলিয়ে বায়ুত থকা ক্ষতিকাৰক আৰু ৰোগ সৃষ্টিকাৰী কণাবোৰ আঁতৰাই বায়ু বিশুদ্ধ কৰাত সহায় কৰে। পিচ লিলি দেখাতো বৰ সুন্দৰ। বজাৰত আপুনি পিচ লিলি ১৫০ টকাতে পাব।

৩)ৰবৰ প্লাণ্ট(Rubber Plant)

ৰবৰ প্লাণ্ট আপুনি ঘৰত আৰু কাৰ্যালয়ত ৰাখিব পাৰে। ইহঁতক কেৱলমাত্ৰ অলপ সূৰ্যৰ পোহৰেই প্ৰয়োজন। ইহঁতে ঘৰৰ বা কাৰ্যালয়ৰ কাঠৰ আচবাবৰ পৰা ওলোৱা ক্ষতিকাৰক জৈৱিক যৌগ ফৰ্মেলডেহাইডৰ পৰা বায়ু দূষিত হোৱাৰ পৰা ৰক্ষা কৰে। ৰবৰ প্লাণ্ট ঘৰৰ চোফা বা বিচনাৰ ওচৰত ৰাখিব পাৰি। ৰবৰ প্লাণ্টে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সুপ্ৰভাৱ পেলায়। এই উদ্ভিদে বায়ুত থকা বিষাক্ত কণাবোৰ আঁতৰাই বায়ু বিশুদ্ধ কৰে। এইবোৰ ১৫০ টকাত পোৱা যায়।

৩)মানি প্লাণ্ট(Money Plant)

মানি প্লান্ট বেছিভাগ মানুহৰ ঘৰতে পোৱা যায়। ই বায়ু বিশুদ্ধ কৰাত যথেষ্ট সহায় কৰে। ই যিকোনো ঠাইতে সহজে বৃদ্ধি হয়। ই ঘৰৰ পৰা কাৰ্বন মনোক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে বিষাক্ত বায়ু আঁতৰ কৰাত সহায় কৰে। ই আপোনাৰ ঘৰত অক্সিজেনৰ পৰিমাণো বৃদ্ধি কৰে। ইয়াক ২০০ ৰ পৰা ৩০০ টকাৰ ভিতৰত ক্ৰয় কৰিব পাৰি।

৪) তুলসী (Tulsi Plant)

ই দিনে ২০ ঘণ্টা অক্সিজেন আৰু ২৪ ঘণ্টাত চাৰি ঘণ্টাৰ বাবে অ'জোন গেছ নিৰ্গত কৰে। ই বায়ুমণ্ডলত কাৰ্বন মনোক্সাইড, কাৰ্বন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড শোষণ কৰি বায়ুমণ্ডল বিশুদ্ধ কৰাত সহায় কৰে। বায়ুমণ্ডলত বিয়পি পৰা বেক্টেৰিয়া ধ্বংস কৰাৰ ক্ষমতাও তুলসীৰ আছে। ইয়াক ২০ ৰ পৰা ৫০ টকাৰ ভিতৰত যিকোনো নাৰ্চাৰীৰ পৰা সহজে ক্ৰয় কৰিব পাৰি।

৫)স্নেক প্লাণ্ট(Snake Plant)

স্নেক প্লাণ্টে বায়ুত থকা বিপদজনক উপাদান ফৰ্মেলডিহাইড ফিল্টাৰ কৰাত সহায় কৰে। এই উদ্ভিদক সূৰ্যৰ পোহৰ আৰু পানীৰ বেছি প্ৰয়োজন নাই। ইয়াক শোৱনি কোঠা বা বাথৰুমত স্থাপন কৰিব পাৰি। ই কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন মুকলি কৰে। ই বজাৰত ১০০ৰ পৰা ২০০ টকাত সহজে উপলব্ধ।

৬)বেম্বো পাম(Bamboo Palm)

বেম্বো পামে ঘৰৰ ভিতৰৰ বতাহ সতেজ কৰাত সহয় কৰে। ইয়াক ঘৰৰ ভিতৰত সজালে দেখিবলৈও ধুনীয়া লাগে। ই দ্ৰুতগতিত বৃদ্ধি হয়। ইয়াক আচবাবৰ চাৰিওফালে ৰাখিব পাৰি। ই ১৫০ টকাৰ পৰা ২৫০ টকাত উপলব্ধ।

আৰু পঢ়কঃ মুছলিমৰ লগত বিয়াত নবহো,বৰ্তমান পঢ়ি আছোঁ গীতা-ভাগৱতঃ উৰ্ফী জাভেদ


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব