--°C
Loading...
Listen to Article
2 min read
80%

মৰিয়নি : 'মোৰ আজি বুকু ভাগি গৈছে। সিনো কি জগৰ লগালে? চোৰ কৰিছিল নে ডকাইত কৰিছিল।তাক একেবাৰে মাৰি পেলাওক।সি কেতিয়াও মাওবাদী নহয়।তেওঁলোক হে মাওবাদী সজাইছে তাক৷' এই কাতৰ বিননি এগৰাকী মাতৃৰ। এবছৰে কাৰাবন্দী হৈ থকা অখিল গগৈৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়লয়ে নাকচ কৰাৰ খবৰ পোৱা মাত্ৰকে পুত্ৰৰ মুক্তিৰ আশাৰে বাট চাই ৰোৱা মাতৃ প্ৰিয়দা গগৈয়ে এনেদৰে কান্দোনত ভাগি পৰে।

আৰু পঢ়িব পাৰিব : আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰীৰ মৃত্যু

এবছৰ কাৰাবন্দী হৈ থকা পাছত আজি কৃষক নেতাগৰাকী কাৰাগাৰৰ চাৰিবেৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব বুলি কৃষক মুক্তিৰ সদস্য তথা অখিল গগৈৰ অনুৰাগীসকলৰ লগতে মাতৃয়েও পৰম আশাৰে বাট চাই আছিল। আজি পুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচৰ খবৰ পোৱা পাছতে মাতৃ প্ৰিয়দা গগৈ অসুস্থ হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে।

আৰু পঢ়িব পাৰিব : ট্ৰাম্প সমৰ্থকৰ হিংসা : আমেৰিকাৰ সংসদৰ বাহিৰত ৪জনৰ মৃত্যু, আটক ৫২

সাংবাদিকৰ আগত অখিল মাতৃয়ে কয়, ‘মোৰ আজি বুকু ভাগি গৈছে। সিনো কি জগৰ লগালে?’ বুলি কৈ কান্দোনত ভাগি পৰে অখিল মাতৃ। উল্লেখ্যে যে, দুদিন পূৰ্বে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ৰুগীয়া দেহাৰে চেলেংহাট লুসুৰাখন গাঁৱৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুত্ৰৰ কাৰামুক্তিৰ কামনা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক