--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাতি মাহক বহু পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। দান দিয়া আৰু পূণ্য অৰ্জন কৰা আদিৰ ক্ষেত্ৰতো কাতি মাহৰ বিশেষ মহত্ব আছে। কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহে দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক হৈছে আৰু কাৰ্তিক নামৰ পৰাই এই মাহে কাতি নাম পালে। এখন ঘৰ সুন্দৰকৈ পৰিচালিত হোৱাৰ ক্ষেত্ৰত বাস্তুশাস্ত্ৰৰ যথেষ্ট অৱদান আছে। যদি এখন ঘৰ অনবৰতে সমস্যাত ভূগি থাকে বা অশান্তি-অমংগল যদি নুগুচেই তেতিয়া ঘৰখনত বাস্তুশাস্ত্ৰৰ দোষ আছে বুলি কোৱা হয়। বাস্তুশাস্ত্ৰ অনুযায়ী কাতি মাহত গছ পুলি ৰোপণ কৰিলে ঘৰখনলৈ সুখ-শান্তিৰ আগমন হয়। তিনি জোপা বিশেষ গছৰ পুলি কাতি মাহত ৰোপণ কৰাটো অতি উত্তম বুলি উল্লেখ কৰা হৈছে বাস্তুশাস্ত্ৰত।এই তিনি জোপা গছ হ'ল-

১) তুলসী- যাৰ ঘৰত তুলসী গছ থাকে, সেই ঘৰ তীৰ্থৰ দৰে পৱিত্ৰ হয়। প্ৰতিঘৰ মানুহৰ চোতালত তুলসী গছ থকাটো ভাল।তুলসীক বৃক্ষ পূজাৰ ভিতৰত শ্ৰেষ্ঠ বুলি কোৱা হয়। সেয়েহে অসমীয়াৰ প্ৰতিঘৰ মানুহে আহিন-কাতিৰ সংক্ৰান্তিত তুলসী ৰোপণ কৰি আৰাধনা কৰে। শাস্ত্ৰ অনুসৰি যি ঠাইত তুলসী থাকে, তাত হেনো বিষ্ণুভক্ত বৈষ্ণৱ আৰু শ্ৰীহৰি ভগৱান বিৰাজ কৰে। কাতি মাহত উত্তৰ-পূব দিশত তুলসী পুলি ৰোপণ কৰাটো অতি উত্তম। এই দিশত তুলসী ৰুলে ঘৰখনৰ বাতাবৰণ সুস্থিৰ হয়। ঘৰখনত এক শান্তিৰ পৰিৱেশে বিৰাজ কৰে আৰু বাস্তুদোষ দূৰ কৰাত সহায় কৰে।তুলসী গছক হিন্দু ধৰ্মত অতি পবিত্ৰ জ্ঞান কৰা হয়। পুৱা-গধূলি তুলসী গছত পানী ঢালিলে জীৱনলৈ আহে সুখ আৰু শান্তি। তুলসীয়ে বায়ু প্ৰদূষণ ৰোধ কৰাতো সহায় কৰে।

২)আমলখি- আমলখি মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয় বাস্তুশাস্ত্ৰতো আমলখি গছক উচ্চ স্থান দিয়া হৈছে। ঘৰখনৰ পূব দিশত আমলখি গছ ৰোপণ কৰিব পাৰিলে ভাল। এই দিশত আমলখি গছ থাকিলে শান্তি-সমৃদ্ধিৰ আগমন ঘটাৰ লগতে সুখী জীৱন প্ৰাপ্ত হয়।

৩)কল গছ- আমাৰ সমাজ সংস্কৃতিৰ লগত কল গছৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। বিশ্বৰ অধিকাংশ অঞ্চলতেই এক সুকীয়া স্থান দখল কৰি আছে কল গছে। অতীজৰে পৰা ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ ভিন্ন প্ৰান্তত কলৰ স্থান সুউচ্চ ৰখা হৈছে। পূজা-পাৰ্বনৰ পৰা বিবাহ-সবাহ ,মৃতকৰ সকাম আদি বিভিন্ন ধৰ্মীয় কাৰু-কাৰ্য্যত কল গছৰ ব্যৱহাৰ অপৰিহাৰ্য। এক কথাত ক'বলৈ গ'লে কল গছৰ ব্যৱহাৰ অবিহনে যি কোনো অনুষ্ঠানেই অসম্পূৰ্ণ। ই মানৱ দেহৰ বাবেও যথেষ্ট উপকাৰী। প্ৰটিন, খনিজ পদাৰ্থ, ভিটামিন আদি মানৱ দেহৰ প্ৰয়োজনীয় উপাদান সমূহ কলত পোৱা যায়,যিয়ে এটি মানৱ দেহক ৰোগমুক্ত কৰি ৰখাত অৰিহনা যোগায়। ইয়াৰ উপৰিও বাস্তুশাস্ত্ৰতো আছে কল গছৰ অনন্য স্থান। কাতি মাহত ঘৰৰ উত্তৰ-পূব দিশত ৰোৱক কল পুলি। এই দিশত কল গছ থাকিলে ঘৰৰ অৰ্থনৈতিক সমস্যা দূৰ হয় বুলি ভবা হয়। ঘৰখনত চলি থকা কাজিয়া-পেচাল আদি দূৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ