--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাতি মাহক বহু পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। দান দিয়া আৰু পূণ্য অৰ্জন কৰা আদিৰ ক্ষেত্ৰতো কাতি মাহৰ বিশেষ মহত্ব আছে। কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহে দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক হৈছে আৰু কাৰ্তিক নামৰ পৰাই এই মাহে কাতি নাম পালে। এখন ঘৰ সুন্দৰকৈ পৰিচালিত হোৱাৰ ক্ষেত্ৰত বাস্তুশাস্ত্ৰৰ যথেষ্ট অৱদান আছে। যদি এখন ঘৰ অনবৰতে সমস্যাত ভূগি থাকে বা অশান্তি-অমংগল যদি নুগুচেই তেতিয়া ঘৰখনত বাস্তুশাস্ত্ৰৰ দোষ আছে বুলি কোৱা হয়। বাস্তুশাস্ত্ৰ অনুযায়ী কাতি মাহত গছ পুলি ৰোপণ কৰিলে ঘৰখনলৈ সুখ-শান্তিৰ আগমন হয়। তিনি জোপা বিশেষ গছৰ পুলি কাতি মাহত ৰোপণ কৰাটো অতি উত্তম বুলি উল্লেখ কৰা হৈছে বাস্তুশাস্ত্ৰত।এই তিনি জোপা গছ হ'ল-

১) তুলসী- যাৰ ঘৰত তুলসী গছ থাকে, সেই ঘৰ তীৰ্থৰ দৰে পৱিত্ৰ হয়। প্ৰতিঘৰ মানুহৰ চোতালত তুলসী গছ থকাটো ভাল।তুলসীক বৃক্ষ পূজাৰ ভিতৰত শ্ৰেষ্ঠ বুলি কোৱা হয়। সেয়েহে অসমীয়াৰ প্ৰতিঘৰ মানুহে আহিন-কাতিৰ সংক্ৰান্তিত তুলসী ৰোপণ কৰি আৰাধনা কৰে। শাস্ত্ৰ অনুসৰি যি ঠাইত তুলসী থাকে, তাত হেনো বিষ্ণুভক্ত বৈষ্ণৱ আৰু শ্ৰীহৰি ভগৱান বিৰাজ কৰে। কাতি মাহত উত্তৰ-পূব দিশত তুলসী পুলি ৰোপণ কৰাটো অতি উত্তম। এই দিশত তুলসী ৰুলে ঘৰখনৰ বাতাবৰণ সুস্থিৰ হয়। ঘৰখনত এক শান্তিৰ পৰিৱেশে বিৰাজ কৰে আৰু বাস্তুদোষ দূৰ কৰাত সহায় কৰে।তুলসী গছক হিন্দু ধৰ্মত অতি পবিত্ৰ জ্ঞান কৰা হয়। পুৱা-গধূলি তুলসী গছত পানী ঢালিলে জীৱনলৈ আহে সুখ আৰু শান্তি। তুলসীয়ে বায়ু প্ৰদূষণ ৰোধ কৰাতো সহায় কৰে।

২)আমলখি- আমলখি মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয় বাস্তুশাস্ত্ৰতো আমলখি গছক উচ্চ স্থান দিয়া হৈছে। ঘৰখনৰ পূব দিশত আমলখি গছ ৰোপণ কৰিব পাৰিলে ভাল। এই দিশত আমলখি গছ থাকিলে শান্তি-সমৃদ্ধিৰ আগমন ঘটাৰ লগতে সুখী জীৱন প্ৰাপ্ত হয়।

৩)কল গছ- আমাৰ সমাজ সংস্কৃতিৰ লগত কল গছৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। বিশ্বৰ অধিকাংশ অঞ্চলতেই এক সুকীয়া স্থান দখল কৰি আছে কল গছে। অতীজৰে পৰা ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ ভিন্ন প্ৰান্তত কলৰ স্থান সুউচ্চ ৰখা হৈছে। পূজা-পাৰ্বনৰ পৰা বিবাহ-সবাহ ,মৃতকৰ সকাম আদি বিভিন্ন ধৰ্মীয় কাৰু-কাৰ্য্যত কল গছৰ ব্যৱহাৰ অপৰিহাৰ্য। এক কথাত ক'বলৈ গ'লে কল গছৰ ব্যৱহাৰ অবিহনে যি কোনো অনুষ্ঠানেই অসম্পূৰ্ণ। ই মানৱ দেহৰ বাবেও যথেষ্ট উপকাৰী। প্ৰটিন, খনিজ পদাৰ্থ, ভিটামিন আদি মানৱ দেহৰ প্ৰয়োজনীয় উপাদান সমূহ কলত পোৱা যায়,যিয়ে এটি মানৱ দেহক ৰোগমুক্ত কৰি ৰখাত অৰিহনা যোগায়। ইয়াৰ উপৰিও বাস্তুশাস্ত্ৰতো আছে কল গছৰ অনন্য স্থান। কাতি মাহত ঘৰৰ উত্তৰ-পূব দিশত ৰোৱক কল পুলি। এই দিশত কল গছ থাকিলে ঘৰৰ অৰ্থনৈতিক সমস্যা দূৰ হয় বুলি ভবা হয়। ঘৰখনত চলি থকা কাজিয়া-পেচাল আদি দূৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত