--°C
Loading...
Listen to Article
2 min read
80%

তেজপুৰ : কংগ্ৰেছ -এ আই ইউ ডি এফৰ মিত্ৰতাৰ সিদ্ধান্তত চূড়ান্ত ছীল-মোহৰ মাৰিব ৰাহুল গান্ধীয়ে। পুখুৰীত ডাঙৰ মাছে সৰু মাছক গ্ৰাস কৰাৰ দৰে বিজেপিয়েও গণ শক্তি,বিপিএফ আদিক গ্ৰাস কৰিছে বুলি তেজপুৰৰ এক সংবাদমেলত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ।

আৰু পঢ়িব পাৰিব :বিশেষভাৱে সক্ষম লোকে নিৰ্মাণ কৰি উলিয়ালে পকী দলং

বিজেপি পুখুৰীৰ ডাঙৰ মাছ। গণ শক্তি, বি পি এফ,অগপ আদি সৰু মাছ বুলিও অবিহিত কৰে তেওঁ৷ ডাঙৰ মাছে সৰু মাছক গ্ৰাস কৰিছে। অগপৰ দখলত থকা নাহৰকটীয়া, লখিমপুৰ, টিয়ক, আমগুৰি, দেৰগাঁও পদুম মাৰ্কা কৰিব বিছাৰিছে বিজেপিয়ে। অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই এনেদৰে বিস্ফোৰক মন্তব্য কৰে সংবাদমেলখনত।

আৰু পঢ়িব পাৰিব :কোভিড-১৯ৰ আগ্ৰাসন : পুনৰ বন্ধ হ’ল বিদ্যালয়

আনহাতে আয়কৰ বিভাগ ,বলৱৎকাৰী সঞ্চালকালয়, জি এছ টি সঞ্চালকালয় আদিক ব্যৱহাৰ কৰি ব্যক্তি বিশেষক হেঁচা প্ৰয়োগ কৰিছে বিজেপিয়ে বুলিও অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে। এনেদৰে বিজেপিৰ মিত্ৰতা নীতিক ক্ষুৰ ধাৰ সমালোচনা কৰি কংগ্ৰেছ আৰু এইআইইউডিএফৰ মিত্ৰতা হোৱাটো চূড়ান্ত বুলিও মন্তব্য তেওঁৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ